--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে সংযুক্ত যমজ সন্তানৰ বহু ঘটনা মাজে মাজে পোহৰলৈ আহি থাকে। শেহতীয়াকৈ ব্ৰাজিলত সংযুক্ত যমজ সন্তানৰ এটা গোচৰ পোহৰলৈ আহিছে, য’ত চিকিৎসকে এই যমজ শিশুৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰি ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰে পৃথক কৰিবলৈ সক্ষম হৈছে।

তিনি বছৰ বয়সৰ এই দুই শিশুৰ নাম বাৰ্নাৰ্ডো আৰু আৰ্থাৰ লিমা। বাৰ্নাৰ্ডো আৰু আৰ্থাৰ লিমাৰ লণ্ডনত ৭টা অস্ত্ৰোপচাৰ কৰা হয়। এই শিশুদুটিৰ এই অস্ত্ৰোপচাৰৰ তদাৰক কৰিছিল গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালৰ শিশু চিকিৎসক নূৰ উল ওৱাছে জিলানীয়ে। যমজ শিশুৰ চূড়ান্ত অস্ত্ৰোপচাৰত ৩৩ ঘণ্টাৰো অধিক সময় লাগিছিল, য’ত প্ৰায় ১০০জন চিকিৎসা কৰ্মী জড়িত হৈছিল।

এই সমগ্ৰ অপাৰেচনটোৰ নেতৃত্ব দিছিল নুৰ উল ওৱাছে জিলানিৰ লগতে ডাঃ গেব্ৰিয়েল মুফাৰেজোৱে। এই অপাৰেচন আৰম্ভ কৰাৰ আগতে অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কেইবামাহো ভাৰ্চুৱেল ৰিয়েলিটিৰে এই অস্ত্ৰোপচাৰ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতহে চূড়ান্ত অপাৰেচন কৰা হ’ল।

জিলানী ডাঙৰীয়াই এই অভিযানক এক বৃহৎ সাফল্য বুলি অভিহিত কৰে। জিলানীয়ে ক’লে, বাৰ্নাৰ্ডো আৰু আৰ্থাৰক পৃথক কৰাটো এটা অতি জটিল কাম আছিল। বহু অস্ত্ৰোপচাৰ বিশেষজ্ঞই ভাবিবও পৰা নাছিল। সমগ্ৰ বিশ্বতে এনে সফলতা খুব কমেইহে দেখা যায়।

তেওঁ কয়, চিকিৎসা জগতৰ বাবে এই অপাৰেচন অতি গুৰুত্বপূৰ্ণ। এই অপাৰেচনে এই শিশু দুটিক আৰু তেওঁলোকৰ পৰিয়ালক এক নতুন ভৱিষ্যত প্ৰদান কৰাই নহয়, ভৱিষ্যতে পুনৰ এনে অপাৰেচন কৰাৰ বাবে আমাৰ দলটোতো এক আত্মবিশ্বাসো জগাই তুলিছে।

এনেবোৰ ঘটনাৰ পৰা সঁচাকৈয়ে অনুভৱ হয় যে চিকিৎসকসকল ভগৱানৰেই দ্বিতীয় ৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু