--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে সংযুক্ত যমজ সন্তানৰ বহু ঘটনা মাজে মাজে পোহৰলৈ আহি থাকে। শেহতীয়াকৈ ব্ৰাজিলত সংযুক্ত যমজ সন্তানৰ এটা গোচৰ পোহৰলৈ আহিছে, য’ত চিকিৎসকে এই যমজ শিশুৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰি ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰে পৃথক কৰিবলৈ সক্ষম হৈছে।

তিনি বছৰ বয়সৰ এই দুই শিশুৰ নাম বাৰ্নাৰ্ডো আৰু আৰ্থাৰ লিমা। বাৰ্নাৰ্ডো আৰু আৰ্থাৰ লিমাৰ লণ্ডনত ৭টা অস্ত্ৰোপচাৰ কৰা হয়। এই শিশুদুটিৰ এই অস্ত্ৰোপচাৰৰ তদাৰক কৰিছিল গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালৰ শিশু চিকিৎসক নূৰ উল ওৱাছে জিলানীয়ে। যমজ শিশুৰ চূড়ান্ত অস্ত্ৰোপচাৰত ৩৩ ঘণ্টাৰো অধিক সময় লাগিছিল, য’ত প্ৰায় ১০০জন চিকিৎসা কৰ্মী জড়িত হৈছিল।

এই সমগ্ৰ অপাৰেচনটোৰ নেতৃত্ব দিছিল নুৰ উল ওৱাছে জিলানিৰ লগতে ডাঃ গেব্ৰিয়েল মুফাৰেজোৱে। এই অপাৰেচন আৰম্ভ কৰাৰ আগতে অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কেইবামাহো ভাৰ্চুৱেল ৰিয়েলিটিৰে এই অস্ত্ৰোপচাৰ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতহে চূড়ান্ত অপাৰেচন কৰা হ’ল।

জিলানী ডাঙৰীয়াই এই অভিযানক এক বৃহৎ সাফল্য বুলি অভিহিত কৰে। জিলানীয়ে ক’লে, বাৰ্নাৰ্ডো আৰু আৰ্থাৰক পৃথক কৰাটো এটা অতি জটিল কাম আছিল। বহু অস্ত্ৰোপচাৰ বিশেষজ্ঞই ভাবিবও পৰা নাছিল। সমগ্ৰ বিশ্বতে এনে সফলতা খুব কমেইহে দেখা যায়।

তেওঁ কয়, চিকিৎসা জগতৰ বাবে এই অপাৰেচন অতি গুৰুত্বপূৰ্ণ। এই অপাৰেচনে এই শিশু দুটিক আৰু তেওঁলোকৰ পৰিয়ালক এক নতুন ভৱিষ্যত প্ৰদান কৰাই নহয়, ভৱিষ্যতে পুনৰ এনে অপাৰেচন কৰাৰ বাবে আমাৰ দলটোতো এক আত্মবিশ্বাসো জগাই তুলিছে।

এনেবোৰ ঘটনাৰ পৰা সঁচাকৈয়ে অনুভৱ হয় যে চিকিৎসকসকল ভগৱানৰেই দ্বিতীয় ৰূপ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ