ডিজিটেল ডেস্কঃ জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ। অসমীয়া জীয়ৰী-বোৱাৰীসকলে গৰু বিহুৰ দিনা হাতত জেতুকা লয়।বহাগ বিহুত জেতুকাৰ ৰঙেৰে গাভৰু ছোৱালীয়ে ৰং সানে। বিহু নাচনীয়েও হাতত জেতুকাৰ ৰঙ সানে।
জেতুকাৰ ৰং গাঢ় কৰিবলৈ জেতুকা পাতৰ লগতে পকাপাণ, ঠেকেৰা টেঙা, বৰহমথুৰীৰ কুঁহিপাত, মধুৰিআমৰ কোঁহ, থেৰেজু টেঙা, কেঁচা হালধি, ডালিমৰ কোঁহ আদি কেইবাপদো ঔষধি পটাত মিহিকৈ বটি হাতৰ তলুৱাত বহলাই দি ওপৰত এৰাগছৰ পাত এখিলা (আজিকালি পলিথিনো ব্যৱহাৰ কৰা হয়) দি মুঠি মাৰি বান্ধি ৰাখিলেই বৰণ ধৰে। বান্ধ খোলাৰ পাচত মিঠাতেল সানিব লাগে। কোৱা হয় যে ৰাঙলী বা কলীগাইৰ গাত হাতখন সানিলে জেতুকাৰ ৰং ভাল হয়।
জেতুকা পাতৰ কেইবাবিধো ঔষধি গুণ আছে বুলি কোৱা হয়। নখচুকীয়াত উপচাৰস্বৰূপে জেতুকাৰ ব্যৱহাৰ হয়। ইয়াক উচ্চৰক্তচাপ, চাল আৰু চুলিৰ বিভিন্ন বিকাৰৰ বাবেও দৰব হিচাবে ব্যৱহাৰ কৰা হয়।