--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত কেইবাবছৰ ধৰি বিশ্বজুৰি মানুহ নিৰামিষ খাদ্যৰ প্ৰতি অধিক আকৃষ্ট হোৱা দেখা গৈছে। পৰিৱেশ বা স্বাস্থ্যজনিত কাৰণত বৃহৎসংখ্যক লোকে নিৰামিষ খাদ্য গ্ৰহণ কৰিছে। অধ্যয়নত দেখা গৈছে যে নিৰামিষ খাদ্য অৰ্থাৎ উদ্ভিদৰ পৰা আহৰণ কৰা খাদ্য সেৱন কৰাৰ অভ্যাসে শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ সহজে লাভ কৰাত সহায় কৰে, লগতে কলেষ্টেৰল আৰু ব্লাড ছুগাৰৰ দৰে সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে, সেয়েহে নিৰামিষ খাদ্য জনসাধাৰণৰ প্ৰথম পছন্দ হৈ পৰিছে। নিৰামিষ খাদ্য গ্ৰহণ কৰা লোকসকল দীৰ্ঘায়ু হয় বুলি প্ৰতিবেদনে দাবী কৰিছে, এই কথা সত্যনে?

 ডায়েটিচিয়ানসকলে কয় যে নিৰামিষ খাদ্য গ্ৰহণ কৰিলে তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰা, হৃদযন্ত্ৰৰ সুস্বাস্থ্য কৰি ৰখা আৰু ওজন হ্ৰাস কৰাতো সহায়ক হয়। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে আইৰন আৰু প্ৰ’টিনৰ সহজলভ্যৰ বাবে মাংস-মাছ অধিক ফলপ্ৰসূ বুলি বিবেচনা কৰে। এনে অৱস্থাত প্ৰশ্ন উত্থাপন হয় যে শৰীৰক সুস্থ কৰি ৰখাত কোনবোৰ খাদ্য অধিক ফলপ্ৰসূ?

 ১. নিৰামিষ আৰু আমিষ খাদ্য-

শৰীৰক সুস্থ কৰি ৰখাত কোনবিধ খাদ্য অধিক উপকাৰী বুলি গণ্য কৰা হয়, সেই বিষয়ে বহুদিনৰ পৰা চৰ্চা অব্যাহত আছে। কেইবাটাও গৱেষণাৰ ফলত গৱেষকসকলে সদৰী কৰে যে নিৰামিষ আহাৰ অন্যান্য খাদ্যৰ তুলনাত কেলৰি, চৰ্বি আৰু কলেষ্টেৰলৰ মাত্ৰা কম হয়। ইয়াৰ উপৰি এই ধৰণৰ খাদ্যত ফাইবাৰ, পটাছিয়াম আৰু ভিটামিন-চিও অধিক পৰিমাণে থাকে। মাংস খোৱাসকলতকৈ নিৰামিষভোজীসকলৰ ওজন হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত তেওঁলোকৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংক কম হয়। এনেক্ষেত্ৰত নিৰামিষ খাদ্যক অধিক স্বাস্থ্যকৰ বুলি গণ্য কৰিব পাৰি।

 ২. নিৰামিষভোজীসকল দীৰ্ঘায়ু হয় নেকি?

নিৰামিষভোজী আৰু আমিষভোজীসকলৰ মাজত কৰা এক তুলনামূলক অধ্যয়নত গৱেষকসকলে প্ৰকাশ কৰিছে যে নিৰামিষভোজীসকলৰ আয়ুস আমিষভোজীসকলতকৈ বেছি হয়। গৱেষণাৰ পৰা দেখা গৈছে যে মাংসৰ পৰিমাণ হ্ৰাস কৰিলেই এজন ব্যক্তিৰ আয়ুস ৩.৬ বছৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। একেটা প্ৰতিবেদনতে দেখা গৈছে যে উদ্ভিদভিত্তিক খাদ্য গ্ৰহণ কৰা লোকসকলেও ৭০ বছৰতকৈ অধিক সময় জীয়াই থকাৰ সম্ভাৱনা বেছি।

 ৩. অধ্যয়নে কি কয়?

গৱেষকসকলে অধ্যয়নৰ জৰিয়তে প্ৰকাশ কৰিছে যে নিৰামিষভোজী লোকৰ জীৱনশৈলী আমিষভোজীসকলৰ জীৱনশৈলীতকৈ অতি উন্নত হয়। গৱেষণাৰ পৰা এইটোও কোৱা হৈছে যে নিৰামিষভোজীসকলে ধূমপান বা সুৰাপান কৰাৰ সম্ভাৱনাও কম হ’ব পাৰে। স্বাভাৱিক বডি মাছ ইনডেক্স (BMI) বজাই ৰাখিলে, নিয়মিত ব্যায়াম কৰিলে কলেষ্টেৰল-তেজত ছুগাৰৰ মাত্ৰা তুলনামূলকভাৱে কম হয়। উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰিলেও ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব পাৰে, যিটো হৃদৰোগ-ডায়েবেটিছ প্ৰতিৰোধৰ বাবে অতি প্ৰয়োজন।

 ৪. গৱেষণাৰ সিদ্ধান্ত কি?

অধ্যয়নৰ সিদ্ধান্তত গৱেষকসকলে প্ৰকাশ কৰিছে যে নিৰামিষ খাদ্যই অধিক পুষ্টিকৰ হোৱাৰ সম্ভাৱনা থাকে, কিয়নো উদ্ভিদ ভিত্তিক খাদ্য যেনে-ফলমূল, শাক-পাচলি, গোটা শস্য, মাহজাতীয় শস্য, বাদাম আৰু বীজযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰা নিৰামিষ খাদ্যই শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে আৰু বিপদৰ আশংকাও হ্ৰাস কৰে। নিৰামিষ খাদ্যত প্ৰচুৰ পৰিমাণে আঁহ, প্ৰটিন, এন্টিঅক্সিডেন্ট থাকে। যদি আপুনি নিৰামিষ খাদ্য গ্ৰহণ কৰে তেন্তে ইয়াৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক আৰু ৰঙা মাংস বেছিকৈ সেৱনৰ পৰা বিৰত থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু