--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিৰোধীয়ে আহ্বান জনোৱা বিহাৰ বন্ধক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজধানী পাটনাত উত্তপ্ত পৰিস্থিতি। টায়াৰ জ্বলাই পাটনাৰ পথ বন্ধ কৰিলে প্ৰতিবাদকাৰীয়ে। ৰেলৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে ভালেমান দল-সংগঠনে। অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচনকে ধৰি ভালেমান ছাত্ৰ সংগঠনেও এই বিহাৰ বন্ধৰ আহ্বান জনাইছিল। উল্লেখ্য যে, ৰে’ল বিভাগৰ পৰীক্ষাত হোৱা অনিয়মক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদে গণৰাজ্য দিৱসৰ দিনটোতে উত্তপ্ত ৰূপ লৈছিল আৰু ভালেমান প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ দৰে ভয়ংকৰ কাৰ্য সংঘটিত কৰিছিল। কেৱল এয়াই চলাচলৰত ভালেমান ৰে’লত কৰা হৈছিল আক্ৰমণ।   ‘ৰে’লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ নন টেকনিকেল পপুলাৰ কেটেগৰী’ৰ পৰীক্ষাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ আৰম্ভ কৰিছিল এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। দুটা স্তৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াক অন্যায় আখ্যা দিছিল শিক্ষাৰ্থীসকলে। আকস্মিকভাৱে হিংসাত্মক ৰূপ ধাৰণ কৰা প্ৰতিবাদৰ তীব্ৰতা আজিও মাৰ যোৱা নাই। উল্লেখ্য যে, ১৫জানুৱাৰীত পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ফলাফল ঘোষণা হোৱাৰ পাছতে অসন্তুষ্টি আৰম্ভ হৈছিল। মন কৰিবলগীয়া যে, ৩৫হাজাৰ পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ বাবে আবেদন কৰিছিল ১.২৫কোটি লোকে। লেভেল ২ আৰু লেভেল ৬ পৰ্যায়ৰ নিযুক্তিৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত প্ৰায় ৬০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে, কালি ৰাজ্যখনৰ বিৰোধী দলসমূহে দেশৰ ভিতৰতে আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ চৰকাৰে নিবনুৱাসকলক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু