--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিৰোধীয়ে আহ্বান জনোৱা বিহাৰ বন্ধক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজধানী পাটনাত উত্তপ্ত পৰিস্থিতি। টায়াৰ জ্বলাই পাটনাৰ পথ বন্ধ কৰিলে প্ৰতিবাদকাৰীয়ে। ৰেলৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে ভালেমান দল-সংগঠনে। অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচনকে ধৰি ভালেমান ছাত্ৰ সংগঠনেও এই বিহাৰ বন্ধৰ আহ্বান জনাইছিল। উল্লেখ্য যে, ৰে’ল বিভাগৰ পৰীক্ষাত হোৱা অনিয়মক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদে গণৰাজ্য দিৱসৰ দিনটোতে উত্তপ্ত ৰূপ লৈছিল আৰু ভালেমান প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ দৰে ভয়ংকৰ কাৰ্য সংঘটিত কৰিছিল। কেৱল এয়াই চলাচলৰত ভালেমান ৰে’লত কৰা হৈছিল আক্ৰমণ।   ‘ৰে’লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ নন টেকনিকেল পপুলাৰ কেটেগৰী’ৰ পৰীক্ষাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ আৰম্ভ কৰিছিল এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। দুটা স্তৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াক অন্যায় আখ্যা দিছিল শিক্ষাৰ্থীসকলে। আকস্মিকভাৱে হিংসাত্মক ৰূপ ধাৰণ কৰা প্ৰতিবাদৰ তীব্ৰতা আজিও মাৰ যোৱা নাই। উল্লেখ্য যে, ১৫জানুৱাৰীত পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ফলাফল ঘোষণা হোৱাৰ পাছতে অসন্তুষ্টি আৰম্ভ হৈছিল। মন কৰিবলগীয়া যে, ৩৫হাজাৰ পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ বাবে আবেদন কৰিছিল ১.২৫কোটি লোকে। লেভেল ২ আৰু লেভেল ৬ পৰ্যায়ৰ নিযুক্তিৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত প্ৰায় ৬০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে, কালি ৰাজ্যখনৰ বিৰোধী দলসমূহে দেশৰ ভিতৰতে আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ চৰকাৰে নিবনুৱাসকলক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক