--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি অসম চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ কনভয় সম্পৰ্কত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে এতিয়াৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কনভয়ত এছক’ৰ্ট আৰু পাইলট গাড়ীসমূহক বাদ দি গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত ৬খন আৰু অন্যান্য এলেকা/জিলাত ১২খনত সীমাবদ্ধ থাকিব৷ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ যাত্ৰাকালত জনসাধাৰণৰ বাহনৰ ক্ষেত্ৰত সুৰক্ষাজনিত অত্যন্ত প্ৰয়োজনত সৰ্বাধিক দুই মিনিটৰ বাবেহে বাহন চলাচল স্থগিত কৰিব পাৰিব৷ কালিৰ কেবিনেটত মুখ্যমন্ত্ৰীৰ কনভয়ৰ এই সিদ্ধান্ত সম্পৰ্কত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেবিনেটৰ এই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা বঢ়াবলৈ গ্ৰহণ কৰা হৈছে বুলিও সামাজিক মাধ্যমত বহুজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই নিৰাপত্তাৰক্ষী কমোৱাৰ লগতে কনভয়ৰ বাবে জনসাধাৰণে অসুবিধাৰ সন্মুখীন হ’ব নালাগে বুলি আশ্বাস দিছিল৷ কিন্তু, সৰ্বানন্দ সোণোৱালৰ সেই সিদ্ধান্ত দীঘলীয়া নহ’ল৷ জনসাধাৰণক অসুবিধাত পেলাই চলি থাকিল মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ অহা-যোৱা৷ এতিয়া পুনৰ কনভয় বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসমত মুখ্যমন্ত্ৰীৰ কনভয়ৰ ৰাজকীয় আদৱ-কায়দাৰ প্ৰসংগ কোনো নতুন কথা নহয়৷ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈ কনভয়ৰ কাৰচাজি অব্যাহত আছে৷ এতিয়া বিভিন্নজনে এইবুলিও মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে আত্মপ্ৰচাৰ অথবা নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত কিমান দীৰ্ঘস্থায়ী হয়, সময় যোৱাৰ লগে লগে সেয়া স্পষ্ট হ’ব৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া উগ্ৰপন্থীৰ কাৰ্যকলাপ প্ৰায় নাইকীয়া হোৱা বুলি সঘনাই কৈ আছে৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ লেখীয়াকৈ উগ্ৰপন্থীৰ কাৰ্যকলাপ নাইকীয়া হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কনভয়ৰ গাড়ীৰ সংখ্যা সীমিত কৰিছে নে কি, সেইটো অসম চৰকাৰৰ গৃহ বিভাগৰ তত্বাৱধানৰ বিষয়৷ কিন্তু, মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত কিমান দিনলৈ কাৰ্যকৰী হৈ থাকে, সেইটোহে গুৰুত্বপূৰ্ণ৷ মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যা সীমিত হ’লেই নহ’ব, একেদৰে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব পাৰিলেও জনসাধাৰণে সকাহ পাব৷ বিয়া-সবাহ, অন্যান্য অনুষ্ঠান য’লৈকে নগ’লেও হয়, তেনে অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক নোযোৱা মানেই ৰাইজৰ সকাহ৷ ভিভিআইপিৰ আগমনৰ লগে লগে বহু পূৰ্বৰে পৰা আৰক্ষী বিভাগ ৰাজপথত বিভিন্নধৰণে ব্যস্ত হৈ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলে৷ আৰু, তেনে কৰাতো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ আন এটা কথা, মুখ্যমন্ত্ৰীয়ে অথবা কেবিনেটে সিদ্ধান্ত ল’লেও চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে পুনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী বঢ়াই দিয়াৰ নজিৰ আছে৷ সেয়ে এতিয়া লক্ষ্যণীয় হ’ব, কালিৰ কেবিনেটৰ সিদ্ধান্ত কিমান দীঘলীয়া হয় আৰু ৰাইজে তাৰপৰা কি ধৰণে উপকৃত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement