--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি অসম চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ কনভয় সম্পৰ্কত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে এতিয়াৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কনভয়ত এছক’ৰ্ট আৰু পাইলট গাড়ীসমূহক বাদ দি গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত ৬খন আৰু অন্যান্য এলেকা/জিলাত ১২খনত সীমাবদ্ধ থাকিব৷ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ যাত্ৰাকালত জনসাধাৰণৰ বাহনৰ ক্ষেত্ৰত সুৰক্ষাজনিত অত্যন্ত প্ৰয়োজনত সৰ্বাধিক দুই মিনিটৰ বাবেহে বাহন চলাচল স্থগিত কৰিব পাৰিব৷ কালিৰ কেবিনেটত মুখ্যমন্ত্ৰীৰ কনভয়ৰ এই সিদ্ধান্ত সম্পৰ্কত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেবিনেটৰ এই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা বঢ়াবলৈ গ্ৰহণ কৰা হৈছে বুলিও সামাজিক মাধ্যমত বহুজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই নিৰাপত্তাৰক্ষী কমোৱাৰ লগতে কনভয়ৰ বাবে জনসাধাৰণে অসুবিধাৰ সন্মুখীন হ’ব নালাগে বুলি আশ্বাস দিছিল৷ কিন্তু, সৰ্বানন্দ সোণোৱালৰ সেই সিদ্ধান্ত দীঘলীয়া নহ’ল৷ জনসাধাৰণক অসুবিধাত পেলাই চলি থাকিল মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ অহা-যোৱা৷ এতিয়া পুনৰ কনভয় বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসমত মুখ্যমন্ত্ৰীৰ কনভয়ৰ ৰাজকীয় আদৱ-কায়দাৰ প্ৰসংগ কোনো নতুন কথা নহয়৷ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈ কনভয়ৰ কাৰচাজি অব্যাহত আছে৷ এতিয়া বিভিন্নজনে এইবুলিও মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে আত্মপ্ৰচাৰ অথবা নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত কিমান দীৰ্ঘস্থায়ী হয়, সময় যোৱাৰ লগে লগে সেয়া স্পষ্ট হ’ব৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া উগ্ৰপন্থীৰ কাৰ্যকলাপ প্ৰায় নাইকীয়া হোৱা বুলি সঘনাই কৈ আছে৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ লেখীয়াকৈ উগ্ৰপন্থীৰ কাৰ্যকলাপ নাইকীয়া হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কনভয়ৰ গাড়ীৰ সংখ্যা সীমিত কৰিছে নে কি, সেইটো অসম চৰকাৰৰ গৃহ বিভাগৰ তত্বাৱধানৰ বিষয়৷ কিন্তু, মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত কিমান দিনলৈ কাৰ্যকৰী হৈ থাকে, সেইটোহে গুৰুত্বপূৰ্ণ৷ মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যা সীমিত হ’লেই নহ’ব, একেদৰে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব পাৰিলেও জনসাধাৰণে সকাহ পাব৷ বিয়া-সবাহ, অন্যান্য অনুষ্ঠান য’লৈকে নগ’লেও হয়, তেনে অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক নোযোৱা মানেই ৰাইজৰ সকাহ৷ ভিভিআইপিৰ আগমনৰ লগে লগে বহু পূৰ্বৰে পৰা আৰক্ষী বিভাগ ৰাজপথত বিভিন্নধৰণে ব্যস্ত হৈ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলে৷ আৰু, তেনে কৰাতো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ আন এটা কথা, মুখ্যমন্ত্ৰীয়ে অথবা কেবিনেটে সিদ্ধান্ত ল’লেও চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে পুনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী বঢ়াই দিয়াৰ নজিৰ আছে৷ সেয়ে এতিয়া লক্ষ্যণীয় হ’ব, কালিৰ কেবিনেটৰ সিদ্ধান্ত কিমান দীঘলীয়া হয় আৰু ৰাইজে তাৰপৰা কি ধৰণে উপকৃত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু