--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে কৈছে যে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত এগৰাকী পত্নীৰ বিৰুদ্ধে উত্থাপিত নিষ্ঠুৰতাৰ অভিযোগটো ঘৰুৱা হিংসা আইনৰ অধীনত স্বামীয়ে  পত্নীক ৰক্ষণাবেক্ষণৰ খৰচ  অস্বীকাৰ কৰাৰ আধাৰ হ'ব নোৱাৰে।

এগৰাকী মহিলাই  সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এনেদৰে কয়। আদালতে মহিলাগৰাকীৰ বিচ্ছেদ হোৱা  ৬৫  বছৰীয়া স্বামীক  মাহিলী তত্বাৱধানৰ খৰচ হিচাবে  মাহে এক বুজন পৰিমাণৰ ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য পূৰ্বে সত্ৰ আদালতে সিদ্ধান্ত  গ্ৰহণৰ বাবে  গোচৰটো দণ্ডাধীশ আদালতলৈ ঘূৰাই পঠিয়াইছিল।
ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমিত বনচালে কয়  "... মোৰ বিবেচিত দৃষ্টিভংগীত, বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ , ঘৰুৱা হিংসা আইনৰ ধাৰাৰ অধীনত পত্নীক ৰক্ষণাবেক্ষণ অস্বীকাৰ কৰাৰ আধাৰ হ'ব নোৱাৰে," ।

উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গৃহীত কেইবাটাও ৰায়ৰ প্ৰসংগও উল্লেখ কৰে।  তেনে ৰায়বোৰত  লক্ষ্য কৰা হৈছিল যে পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ থাকিলেও ই স্বামীৰ বাবে পত্নীক ৰক্ষণাবেক্ষণৰ খৰচ  অস্বীকাৰ কৰাৰ ভিত্তি হ'ব নোৱাৰে আৰু পত্নীৰ ৰক্ষণাবেক্ষণ দাবী কৰাৰ অধিকাৰত নিষ্ঠুৰতাৰ অভিযোগে কোনো প্ৰভাৱ নেপেলায়।
উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ত এইবুলিও কোৱা হৈছিল যে পত্নীয়ে পৰিত্যাগ কৰাৰ  ভিত্তিত বিবাহ বিচ্ছেদ হ'লেও, এয়া পত্নীৰ  ৰক্ষণাবেক্ষণৰ খৰচ  অস্বীকাৰ কৰাৰ ভিত্তি হ'ব নোৱাৰে।

উচ্চ ন্যায়ালয়ে স্বামীৰ এখন আবেদনৰো শুনানি গ্ৰহণ কৰিছিল য'ত স্বামীয়ে  পত্নীৰ বিৰুদ্ধে  নিষ্ঠুৰতা আৰু স্বামীক পৰিত্যাগ কৰাৰ অভিযোগত  পাৰিবাৰিক আদালতে দিয়া ৰায়ক বাহাল ৰাখিবলৈ আবেদন কৰিছিল। 

উচ্চ ন্যায়ালয়ে সত্ৰ ন্যায়ালয়ৰ আদেশটো বাতিল কৰি  কয় যে কেইবাটাও বিষয়ৰ বিচাৰ আৰু সিদ্ধান্ত দিয়াৰ পৰিৱৰ্তে,  আদালতে কোনো কাৰণ বা যুক্তি  নোহোৱাকৈ বিষয়টো আন  আদালতলৈ ঘূৰাই পঠিয়াইছিল।

মহিলাগৰাকীৰ স্বামীয়ে কৈছিল যে তেওঁলোকৰ পুত্ৰই ইতিমধ্যে প্ৰাপ্ত বয়স্ক হৈছে , সেয়ে বিচ্ছেদিত পত্নীক ভৰণপোষণৰ খৰচ  নিদিলেও চলিব। কিন্তু আদালতে কয় যে  এইক্ষেত্ৰত স্বামীক   কোনো সকাহ দিব নোৱাৰি। উচ্চ ন্যায়ালয়ে লগতে  কয়  যে সত্ৰ আদালতে ২০০৯ চনৰ পৰা ২০১৬ চনলৈ এই সময়ৰ এক বৃহৎ অংশৰ ৰক্ষণাবেক্ষণৰ খৰচ  প্ৰদান কৰাৰ বিষয়টো  বিবেচনা কৰাত ব্যৰ্থ হৈছিল।  তেওঁলোকৰ পুত্ৰই যদিও তেওঁ প্ৰাপ্তবয়স্ক হৈছে  তথাপি তেওঁ পঢ়া শুনা কৰি আছিল। সেয়ে খৰচ দিবই লাগিব। 

আদালতে কয় "সন্তান প্ৰাপ্তবয়স্ক  হ’লেই  পিতৃৰ সন্তানৰ প্ৰতি থকা দায়বদ্ধতা শেষ নহয়,  কাৰণ  তেওঁ  তেতিয়াও পঢ়া-শুনা কৰি আছিল,"। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক