--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে কৈছে যে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত এগৰাকী পত্নীৰ বিৰুদ্ধে উত্থাপিত নিষ্ঠুৰতাৰ অভিযোগটো ঘৰুৱা হিংসা আইনৰ অধীনত স্বামীয়ে  পত্নীক ৰক্ষণাবেক্ষণৰ খৰচ  অস্বীকাৰ কৰাৰ আধাৰ হ'ব নোৱাৰে।

এগৰাকী মহিলাই  সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এনেদৰে কয়। আদালতে মহিলাগৰাকীৰ বিচ্ছেদ হোৱা  ৬৫  বছৰীয়া স্বামীক  মাহিলী তত্বাৱধানৰ খৰচ হিচাবে  মাহে এক বুজন পৰিমাণৰ ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য পূৰ্বে সত্ৰ আদালতে সিদ্ধান্ত  গ্ৰহণৰ বাবে  গোচৰটো দণ্ডাধীশ আদালতলৈ ঘূৰাই পঠিয়াইছিল।
ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমিত বনচালে কয়  "... মোৰ বিবেচিত দৃষ্টিভংগীত, বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ , ঘৰুৱা হিংসা আইনৰ ধাৰাৰ অধীনত পত্নীক ৰক্ষণাবেক্ষণ অস্বীকাৰ কৰাৰ আধাৰ হ'ব নোৱাৰে," ।

উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গৃহীত কেইবাটাও ৰায়ৰ প্ৰসংগও উল্লেখ কৰে।  তেনে ৰায়বোৰত  লক্ষ্য কৰা হৈছিল যে পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ থাকিলেও ই স্বামীৰ বাবে পত্নীক ৰক্ষণাবেক্ষণৰ খৰচ  অস্বীকাৰ কৰাৰ ভিত্তি হ'ব নোৱাৰে আৰু পত্নীৰ ৰক্ষণাবেক্ষণ দাবী কৰাৰ অধিকাৰত নিষ্ঠুৰতাৰ অভিযোগে কোনো প্ৰভাৱ নেপেলায়।
উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ত এইবুলিও কোৱা হৈছিল যে পত্নীয়ে পৰিত্যাগ কৰাৰ  ভিত্তিত বিবাহ বিচ্ছেদ হ'লেও, এয়া পত্নীৰ  ৰক্ষণাবেক্ষণৰ খৰচ  অস্বীকাৰ কৰাৰ ভিত্তি হ'ব নোৱাৰে।

উচ্চ ন্যায়ালয়ে স্বামীৰ এখন আবেদনৰো শুনানি গ্ৰহণ কৰিছিল য'ত স্বামীয়ে  পত্নীৰ বিৰুদ্ধে  নিষ্ঠুৰতা আৰু স্বামীক পৰিত্যাগ কৰাৰ অভিযোগত  পাৰিবাৰিক আদালতে দিয়া ৰায়ক বাহাল ৰাখিবলৈ আবেদন কৰিছিল। 

উচ্চ ন্যায়ালয়ে সত্ৰ ন্যায়ালয়ৰ আদেশটো বাতিল কৰি  কয় যে কেইবাটাও বিষয়ৰ বিচাৰ আৰু সিদ্ধান্ত দিয়াৰ পৰিৱৰ্তে,  আদালতে কোনো কাৰণ বা যুক্তি  নোহোৱাকৈ বিষয়টো আন  আদালতলৈ ঘূৰাই পঠিয়াইছিল।

মহিলাগৰাকীৰ স্বামীয়ে কৈছিল যে তেওঁলোকৰ পুত্ৰই ইতিমধ্যে প্ৰাপ্ত বয়স্ক হৈছে , সেয়ে বিচ্ছেদিত পত্নীক ভৰণপোষণৰ খৰচ  নিদিলেও চলিব। কিন্তু আদালতে কয় যে  এইক্ষেত্ৰত স্বামীক   কোনো সকাহ দিব নোৱাৰি। উচ্চ ন্যায়ালয়ে লগতে  কয়  যে সত্ৰ আদালতে ২০০৯ চনৰ পৰা ২০১৬ চনলৈ এই সময়ৰ এক বৃহৎ অংশৰ ৰক্ষণাবেক্ষণৰ খৰচ  প্ৰদান কৰাৰ বিষয়টো  বিবেচনা কৰাত ব্যৰ্থ হৈছিল।  তেওঁলোকৰ পুত্ৰই যদিও তেওঁ প্ৰাপ্তবয়স্ক হৈছে  তথাপি তেওঁ পঢ়া শুনা কৰি আছিল। সেয়ে খৰচ দিবই লাগিব। 

আদালতে কয় "সন্তান প্ৰাপ্তবয়স্ক  হ’লেই  পিতৃৰ সন্তানৰ প্ৰতি থকা দায়বদ্ধতা শেষ নহয়,  কাৰণ  তেওঁ  তেতিয়াও পঢ়া-শুনা কৰি আছিল,"। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু