--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধ্বস্ত প্ৰিয়ংকা চোপ্ৰা জোনাছ। ৰিয়াছিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰিয়ংকাই৷ প্ৰশ্ন উত্থাপন কৰিছে যে সমগ্ৰ বিশ্বতে বিয়পি পৰা ঘৃণাৰ ক্ষেত্ৰত সাধাৰণ মানুহ আৰু শিশুক কিয় বাৰে বাৰে বলি দিয়া উচিত?

দেওবাৰে জম্মু-কাশ্মীৰত সংঘটিত হয় আন এক সন্ত্ৰাসবাদী আক্ৰমণ। সেইদিনা ৰিয়াচীৰ পৰা জম্মুৰ কটৰাত থকা বৈষ্ণো দেৱী মন্দিৰৰ দিশে তীৰ্থযাত্ৰীৰ এখন বাছ গৈ আছিল। সন্ধিয়া ৬:৩০ মান বজাত উগ্ৰপন্থীয়ে সেই বাছখনক আক্ৰমণ কৰে। ১০ জন লোকৰ মৃত্যু, ৩০ জনতকৈ অধিক লোক আহত। ঘটনা সন্দৰ্ভত NIA-এ তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত এই আক্ৰমণৰ আঁৰত পাকিস্তা সমৰ্থিত উগ্ৰপন্থী সংগঠন আছে বুলি সন্দেহ কৰা হৈছে।

এই প্ৰসংগত প্ৰিয়ংকাই ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰে। তেওঁ লিখিছে, "মই বিধ্বস্ত হৈ পৰিছো। নিৰীহ তীৰ্থযাত্ৰীৰ ওপৰত জঘন্য আক্ৰমণ। সাধাৰণ মানুহ আৰু শিশুৰ ওপৰত এই আক্ৰমণ কিয়?! সমগ্ৰ বিশ্বতে যিদৰে ঘৃণা বিয়পি পৰিছে সেয়া মোৰ বুজাৰ বাহিৰত।’’

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বাৰে বাৰে মাত মাতি আহিছে অভিনেত্ৰীগৰাকীয়ে। ইতিমধ্যে প্ৰিয়ংকাই পেলেষ্টাইনৰ কাষত থিয় দিছে। ৰাফাত ইজৰাইলৰ আক্ৰমণৰ পিছত তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ সময়ত প্ৰিয়ংকাক শৰণাৰ্থী পৰিয়ালৰ সন্তানৰ সৈতে সময় কটাবলৈ পোলেণ্ডলৈ যোৱা দেখা গৈছিল। লগতে শিশুসকলক লৈ উদ্বেগ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু