--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধ্বস্ত প্ৰিয়ংকা চোপ্ৰা জোনাছ। ৰিয়াছিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰিয়ংকাই৷ প্ৰশ্ন উত্থাপন কৰিছে যে সমগ্ৰ বিশ্বতে বিয়পি পৰা ঘৃণাৰ ক্ষেত্ৰত সাধাৰণ মানুহ আৰু শিশুক কিয় বাৰে বাৰে বলি দিয়া উচিত?

দেওবাৰে জম্মু-কাশ্মীৰত সংঘটিত হয় আন এক সন্ত্ৰাসবাদী আক্ৰমণ। সেইদিনা ৰিয়াচীৰ পৰা জম্মুৰ কটৰাত থকা বৈষ্ণো দেৱী মন্দিৰৰ দিশে তীৰ্থযাত্ৰীৰ এখন বাছ গৈ আছিল। সন্ধিয়া ৬:৩০ মান বজাত উগ্ৰপন্থীয়ে সেই বাছখনক আক্ৰমণ কৰে। ১০ জন লোকৰ মৃত্যু, ৩০ জনতকৈ অধিক লোক আহত। ঘটনা সন্দৰ্ভত NIA-এ তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত এই আক্ৰমণৰ আঁৰত পাকিস্তা সমৰ্থিত উগ্ৰপন্থী সংগঠন আছে বুলি সন্দেহ কৰা হৈছে।

এই প্ৰসংগত প্ৰিয়ংকাই ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰে। তেওঁ লিখিছে, "মই বিধ্বস্ত হৈ পৰিছো। নিৰীহ তীৰ্থযাত্ৰীৰ ওপৰত জঘন্য আক্ৰমণ। সাধাৰণ মানুহ আৰু শিশুৰ ওপৰত এই আক্ৰমণ কিয়?! সমগ্ৰ বিশ্বতে যিদৰে ঘৃণা বিয়পি পৰিছে সেয়া মোৰ বুজাৰ বাহিৰত।’’

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বাৰে বাৰে মাত মাতি আহিছে অভিনেত্ৰীগৰাকীয়ে। ইতিমধ্যে প্ৰিয়ংকাই পেলেষ্টাইনৰ কাষত থিয় দিছে। ৰাফাত ইজৰাইলৰ আক্ৰমণৰ পিছত তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ সময়ত প্ৰিয়ংকাক শৰণাৰ্থী পৰিয়ালৰ সন্তানৰ সৈতে সময় কটাবলৈ পোলেণ্ডলৈ যোৱা দেখা গৈছিল। লগতে শিশুসকলক লৈ উদ্বেগ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ