--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী পলক মুছল অতি সৌজন্যশীল ব্যক্তি। সামাজিক কামৰ প্ৰতি বিশেষ আগ্ৰহ থকা পলকে দীৰ্ঘদিন ধৰি দুখীয়া শিশুক সহায় কৰি আহিছে। পলকে এই পৰ্যন্ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি ৩০০০ শিশুৰ জীৱন ৰক্ষা কৰিছে। বৰ্তমান ৱেটিং লিষ্টত আছে ৪১৩ টা শিশু।

অভিনয়ৰ উপৰিও মনোৰঞ্জন জগতৰ বহু তাৰকাই সামাজিক কামৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত ছনু ছুদ, ছলমান খানৰ দৰে বহু অভিনেতাৰ নাম আহি পৰে। এতিয়া বিখ্যাত কণ্ঠশিল্পী পলক মুচলেও এই তালিকাত যোগদান কৰিছে। পলকৰ সমাজ কামৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে আৰু পুঁজি সংগ্ৰহৰ জৰিয়তে তেওঁ ৩০০০ হৃদৰোগত আক্ৰান্ত শিশুৰ চিকিৎসা প্ৰদান কৰিছে।

এই মাইলৰ খুঁটিত উপনীত হোৱাৰ ওপৰত পলকে ধাৰাবাহিকভাৱে ভিডিঅ’ শ্বেয়াৰ কৰিছিল। শেহতীয়াকৈ পলকে ইন্দোৰৰ বাসিন্দা আলোক নামৰ এটি শিশুৰ অস্ত্ৰোপচাৰ কৰিছে। ১১ জুনত আলোকৰ অস্ত্ৰোপচাৰ হৈছিল। ভিডিঅ'টো শ্বেয়াৰ কৰি পলকে লিখিছে, "৩০০০ শিশুৰ জীৱন ৰক্ষা পৰিল। আপোনালোকৰ সকলো প্ৰাৰ্থনাৰ বাবে ধন্যবাদ। অস্ত্ৰোপচাৰ সফল হ'ল আৰু এতিয়া আলোক একেবাৰে ভালেই আছে।"

ইটাইমছৰ প্ৰতিবেদন অনুসৰি পলকে ৭ বছৰ বয়সৰ পৰাই শিশুৰ চিকিৎসা কৰি আহিছে। এই সামাজিক কামৰ বাবে পলকৰ নাম ‘গিনিজ বুক অৱ ৰেকৰ্ডছ’ আৰু ‘লিমকা বুক অৱ ৰেকৰ্ডছ’ত পঞ্জীয়ন কৰা হৈছে।


নিজৰ যাত্ৰাৰ বিষয়ে কওঁতে পলকে কয়, "যেতিয়া মই মিছন আৰম্ভ কৰিছিলো তেতিয়া মোৰ বয়স আছিল মাত্ৰ ৭ বছৰ। ই আছিল এটা সৰু আৰম্ভণি যিটো এতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছে। এতিয়া মোৰ জীৱনৰ আৰম্ভণি। এতিয়াও ৪১৩ টা সন্তান আছে ৱেটিং লিষ্টত। মই কনচাৰ্টৰ পৰা উপাৰ্জন কৰা ধন এই ল'ৰা-ছোৱালীক সহায় কৰিবলৈ ব্যৱহাৰ কৰো।"


পলকে কয় যে যেতিয়া তেওঁ গায়িকা নাছিল তেতিয়া তেওঁ তিনি ঘণ্টা গান গাইছিল আৰু তাৰ পৰা যিমান টকা উপাৰ্জন কৰিছিল, তেওঁ এটা শিশুক সহায় কৰিছিল। তেওঁৰ গীতবোৰ জনপ্ৰিয় হ’বলৈ ধৰাৰ লগে লগে অনুদানো বৃদ্ধি পাবলৈ ধৰিলে। পিছত পলকে এটা কনচাৰ্টৰ পৰা ইমান টকা পাবলৈ ধৰিলে যে ১৩ৰ পৰা ১৪টা শিশুৰ অস্ত্ৰোপচাৰ কৰিবলৈ আৰম্ভ কৰিলে। পলকে কয়, "মই সদায় সংগীতক সমাজত পৰিৱৰ্তন অনাৰ মাধ্যম হিচাপে ভাবি আহিছো।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু