--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ পৰা পোহৰলৈ আহিছে এক আচৰিত গোচৰ। আচলতে এগৰাকী মহিলাই মেগীত বিলাহী দি খোৱাৰ পাছতে সংঘটিত হয় এক মৰ্মান্তিক ঘটনাৰ। আচলতে যিটো বিলাহী তেওঁ মেগীত দি খাইছিল তাতে তেওঁ নিগনি মাৰিবলৈ বিষ/ঔষধ ব্যৱহাৰ কৰিছিল । মহিলা গৰাকীয়ে পৰবৰ্তী সময়ত সেই বিষ দিয়া  মেগীত ভুলতে সেই একেটা বিলাহী দি মেগী‌ গ্ৰহণ কৰে। মেগী খোৱাৰ পাছত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু খৰখেদাকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। আৰু শেহতীয়াকৈ তেওঁ কৰুণ মৃত্যুক সাৱটি লয়। গোচৰ প্ৰকাশ  পোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

এক প্ৰতিবেদন অনুসৰি এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ মালাডত। ভুক্তভোগী মহিলাগৰাকীৰ নাম ৰেখা নিশাদ। স্বামী আৰু দেউতাকৰ সৈতে মালাদত থাকে। মহিলা গৰাকীৰ ঘৰত উপস্থিত থকা নিগনিবোৰক অশান্তি দিছিল। নিগনিবোৰক মাৰিবলৈ তেওঁ এটা বিলাহীত বিষ দি থৈছিল । যাৰ ফলস্বৰূপে সেই বিলাহী খাই মৃত্যু হয় এন্দুৰ নিগনিৰ । কিন্তু মুম্বাইত ইয়াৰ বিপৰীত ঘটিল আৰু নিগনিৰ সলনি নিজেই বিষযুক্ত বিলাহী খাই মৃত্যুমুখত পৰে এগৰাকী দু‌ৰ্ভগীয়া মহিলা ।

কেনেকৈ হ’ল এই ভুল?

মহিলাগৰাকীয়ে আৰক্ষীক দিয়া বিবৃতিত কয় যে তেওঁ বিলাহীক বিষাক্ত কৰি নিগনিক হত্যা কৰিছিল। তাৰ পাছত তাই টিভি চাই থাকোঁতে মেগী বনাবলৈ আৰম্ভ কৰিলে। এই সময়ত তেওঁ ভুলবশতঃ একেটা বিলাহী নিজৰ মেগীত দি মেগী বনাইছিল।
নুডলছ খোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তাৰ পাছত তেওঁক শতাব্দী হাস্পতালত ভৰ্তি কৰা হয়। বুধবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

বিষয়টোত মালৱানী আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক শেখৰ ভালেৰাওৱে জনোৱা মতে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যেতিয়া মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেতিয়া তেওঁৰ বক্তব্যও ৰেকৰ্ড কৰা হৈছিল। য’ত মহিলাগৰাকীয়ে কৈছিল যে ঘৰত নিগনি মাৰিবলৈ হ’লে বিলাহীত বিষ দিয়া হৈছিল। ভুলতে সি একেটা বিলাহী কাটি মেগীত দি খালে। যেতিয়া তেওঁৰ অৱস্থা বেয়া হ’ল, তেতিয়া তেওঁ এই কথা উপলব্ধি কৰিলে, কিন্তু উপলব্ধি কৰালৈ বহু দেৰি হৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ