--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ পৰা পোহৰলৈ আহিছে এক আচৰিত গোচৰ। আচলতে এগৰাকী মহিলাই মেগীত বিলাহী দি খোৱাৰ পাছতে সংঘটিত হয় এক মৰ্মান্তিক ঘটনাৰ। আচলতে যিটো বিলাহী তেওঁ মেগীত দি খাইছিল তাতে তেওঁ নিগনি মাৰিবলৈ বিষ/ঔষধ ব্যৱহাৰ কৰিছিল । মহিলা গৰাকীয়ে পৰবৰ্তী সময়ত সেই বিষ দিয়া  মেগীত ভুলতে সেই একেটা বিলাহী দি মেগী‌ গ্ৰহণ কৰে। মেগী খোৱাৰ পাছত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু খৰখেদাকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। আৰু শেহতীয়াকৈ তেওঁ কৰুণ মৃত্যুক সাৱটি লয়। গোচৰ প্ৰকাশ  পোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

এক প্ৰতিবেদন অনুসৰি এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ মালাডত। ভুক্তভোগী মহিলাগৰাকীৰ নাম ৰেখা নিশাদ। স্বামী আৰু দেউতাকৰ সৈতে মালাদত থাকে। মহিলা গৰাকীৰ ঘৰত উপস্থিত থকা নিগনিবোৰক অশান্তি দিছিল। নিগনিবোৰক মাৰিবলৈ তেওঁ এটা বিলাহীত বিষ দি থৈছিল । যাৰ ফলস্বৰূপে সেই বিলাহী খাই মৃত্যু হয় এন্দুৰ নিগনিৰ । কিন্তু মুম্বাইত ইয়াৰ বিপৰীত ঘটিল আৰু নিগনিৰ সলনি নিজেই বিষযুক্ত বিলাহী খাই মৃত্যুমুখত পৰে এগৰাকী দু‌ৰ্ভগীয়া মহিলা ।

কেনেকৈ হ’ল এই ভুল?

মহিলাগৰাকীয়ে আৰক্ষীক দিয়া বিবৃতিত কয় যে তেওঁ বিলাহীক বিষাক্ত কৰি নিগনিক হত্যা কৰিছিল। তাৰ পাছত তাই টিভি চাই থাকোঁতে মেগী বনাবলৈ আৰম্ভ কৰিলে। এই সময়ত তেওঁ ভুলবশতঃ একেটা বিলাহী নিজৰ মেগীত দি মেগী বনাইছিল।
নুডলছ খোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তাৰ পাছত তেওঁক শতাব্দী হাস্পতালত ভৰ্তি কৰা হয়। বুধবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

বিষয়টোত মালৱানী আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক শেখৰ ভালেৰাওৱে জনোৱা মতে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যেতিয়া মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তেতিয়া তেওঁৰ বক্তব্যও ৰেকৰ্ড কৰা হৈছিল। য’ত মহিলাগৰাকীয়ে কৈছিল যে ঘৰত নিগনি মাৰিবলৈ হ’লে বিলাহীত বিষ দিয়া হৈছিল। ভুলতে সি একেটা বিলাহী কাটি মেগীত দি খালে। যেতিয়া তেওঁৰ অৱস্থা বেয়া হ’ল, তেতিয়া তেওঁ এই কথা উপলব্ধি কৰিলে, কিন্তু উপলব্ধি কৰালৈ বহু দেৰি হৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক