--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী হন্সিকা মটৱনী  নতুনকৈ বিবাহপাশত আবদ্ধ হৈছে। কিন্তু যাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে, তেওঁ হৈছে হন্সিকাৰ এজনী ঘনিষ্ঠ বান্ধৱী ৰিংকীৰ প্ৰাক্তন স্বামী সোহেল কথুৰিয়া। ফলত বহুতে অভিনেত্ৰীগৰাকীক নিন্দা কৰিছিল। ৰিংকিৰ ঘৰ ভাঙি যোৱাৰ বাবে দোষাৰোপ কৰা হৈছে হান্সিকাক।

ইয়াৰ মাজতে বিয়াৰ কেইমাহমানৰ পাছত অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বামী সোহেল কথুৰিয়াৰ বিষয়ে মুকলিকৈ কৈছে। সোহেলৰ সৈতে ডেটিং কৰাৰ পূৰ্বে হান্সিকাৰ সম্পৰ্ক আছিল তামিল অভিনেতা এছ টি আৰ চিম্বুৰ সৈতে। এই সম্পৰ্ক ২০১৪ চনত ছিন্নভিন্ন হৈ পৰে।তাৰপাছতে সোহেলৰ লগত বন্ধুত্ব। কিন্তু সোহেলৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰথমেই গ্ৰহণ কৰা নাছিল হন্সিকাই। অভিনেত্ৰীগৰাকীয়ে সোহেলক বিশ্বাস কৰিবলৈ প্ৰায় ৭-৮ বছৰ সময় লাগিছিল।

অভিনেত্ৰীগৰাকীয়ে কয়, "কাৰোবাক বিশ্বাস কৰিবলৈ মোৰ বহুত সময় লাগে। মই প্ৰেমত পৰিছো, কিন্তু মোৰ প্ৰেম প্ৰকাশ কৰিবলৈ মই স্বচ্ছন্দ অনুভৱ নকৰো। সঁচা কথা ক'বলৈ গ'লে, কাৰোবাৰ লগত আজীৱন থকাৰ প্ৰতিশ্ৰুতি দিবলৈ বহু সময় লাগে। সোহেলৰ বাবে প্ৰেমত বিশ্বাস পুনৰ ঘূৰি আহে। হয়তো ভগৱানৰো ইচ্ছা তেনেকুৱাই আছিল।’’

ইয়াৰ উপৰিও হান্সিকাই ক'লে যে চিম্বৰু স’তে থকা আগৰ সম্পৰ্কটো ভাঙি পেলোৱাৰ কষ্টৰ সৈতে তাই ভালদৰে মোকাবিলা কৰিব লাগিব। তাই সিম্বুক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছিল।কিন্তু মাজতে সিহঁতৰ মাজত বিচ্ছেদ ঘটিল। অৱশ্যে সিম্বু-হান্সিকাৰ বিচ্ছেদৰ কাৰণ অজ্ঞাত।

সোহেলৰ সৈতে অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ পোহৰলৈ অহাত তেওঁ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই সময়ত সোহেইল নিজেই হন্সিকাৰ পক্ষ লৈছিল। তেওঁ কয়, "খবৰটো ভুলকৈ উপস্থাপন কৰা হৈছে। হন্সিকাৰ বাবে পৰিয়াল ভাঙি যোৱাৰ খবৰটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক