--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী হন্সিকা মটৱনী  নতুনকৈ বিবাহপাশত আবদ্ধ হৈছে। কিন্তু যাৰ স’তে বিবাহপাশত আৱদ্ধ হৈছে, তেওঁ হৈছে হন্সিকাৰ এজনী ঘনিষ্ঠ বান্ধৱী ৰিংকীৰ প্ৰাক্তন স্বামী সোহেল কথুৰিয়া। ফলত বহুতে অভিনেত্ৰীগৰাকীক নিন্দা কৰিছিল। ৰিংকিৰ ঘৰ ভাঙি যোৱাৰ বাবে দোষাৰোপ কৰা হৈছে হান্সিকাক।

ইয়াৰ মাজতে বিয়াৰ কেইমাহমানৰ পাছত অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বামী সোহেল কথুৰিয়াৰ বিষয়ে মুকলিকৈ কৈছে। সোহেলৰ সৈতে ডেটিং কৰাৰ পূৰ্বে হান্সিকাৰ সম্পৰ্ক আছিল তামিল অভিনেতা এছ টি আৰ চিম্বুৰ সৈতে। এই সম্পৰ্ক ২০১৪ চনত ছিন্নভিন্ন হৈ পৰে।তাৰপাছতে সোহেলৰ লগত বন্ধুত্ব। কিন্তু সোহেলৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰথমেই গ্ৰহণ কৰা নাছিল হন্সিকাই। অভিনেত্ৰীগৰাকীয়ে সোহেলক বিশ্বাস কৰিবলৈ প্ৰায় ৭-৮ বছৰ সময় লাগিছিল।

অভিনেত্ৰীগৰাকীয়ে কয়, "কাৰোবাক বিশ্বাস কৰিবলৈ মোৰ বহুত সময় লাগে। মই প্ৰেমত পৰিছো, কিন্তু মোৰ প্ৰেম প্ৰকাশ কৰিবলৈ মই স্বচ্ছন্দ অনুভৱ নকৰো। সঁচা কথা ক'বলৈ গ'লে, কাৰোবাৰ লগত আজীৱন থকাৰ প্ৰতিশ্ৰুতি দিবলৈ বহু সময় লাগে। সোহেলৰ বাবে প্ৰেমত বিশ্বাস পুনৰ ঘূৰি আহে। হয়তো ভগৱানৰো ইচ্ছা তেনেকুৱাই আছিল।’’

ইয়াৰ উপৰিও হান্সিকাই ক'লে যে চিম্বৰু স’তে থকা আগৰ সম্পৰ্কটো ভাঙি পেলোৱাৰ কষ্টৰ সৈতে তাই ভালদৰে মোকাবিলা কৰিব লাগিব। তাই সিম্বুক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছিল।কিন্তু মাজতে সিহঁতৰ মাজত বিচ্ছেদ ঘটিল। অৱশ্যে সিম্বু-হান্সিকাৰ বিচ্ছেদৰ কাৰণ অজ্ঞাত।

সোহেলৰ সৈতে অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ পোহৰলৈ অহাত তেওঁ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই সময়ত সোহেইল নিজেই হন্সিকাৰ পক্ষ লৈছিল। তেওঁ কয়, "খবৰটো ভুলকৈ উপস্থাপন কৰা হৈছে। হন্সিকাৰ বাবে পৰিয়াল ভাঙি যোৱাৰ খবৰটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু