--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত হৃত্বিক ৰোশন আৰু কংগনা ৰানাৱতৰ মাজত হোৱা সংঘাতৰ বাবে হুলস্থুলীয়া হৈ পৰিছিল মায়ানগৰী বলিউড। দুই পক্ষৰ মাজত কথা কটা-কটি চলিছিল। পৰিস্থিতি আদালতৰ মজিয়াও পাইছিল। কিন্তু সেই সকলোবোৰ এতিয়া অতীত। শেহতীয়াকৈ পুনৰ কংগনাই হৃত্বিকক লৈ মন্তব্য কৰিছে।

বৰ্তমান 'চন্দ্ৰমুখী’ৰ শ্বুটিঙত ব্যস্ত কংগনা। শ্বুটিঙৰ পৰা বিৰতি লৈ তেওঁ টুইটাৰলৈ আহি অনুৰাগীৰ সৈতে পোনপটীয়াকৈ ভাৱ বিনিময় কৰিছিল। এজন অনুৰাগীয়ে কংগনাক হৃত্বিকৰ বিষয়ে সুধিছিল। কংগনাক সোধে- ''হৃতিক ৰোশন বা দিলজিৎ দোসাঞ্জ, এই দুজনৰ ভিতৰত আপোনাৰ প্ৰিয় অভিনেতা কোন?’’

কংগনাই লিখে- "এজনে ভাল একচন কৰে, আনজনে ভাল গীত লিখে, দুয়োজনৰে কোনো এজনকো অভিনয় কৰা মই কেতিয়াও দেখা নাই। আপোনালোকৰ কোনোবাই যদি দেখিছে মোক জনাওক।’’

কংগনাই অলপ ধেমালি কৰিয়ে প্ৰশ্নৰ উত্তৰ দিলে বুলি বহুজনে ধাৰণা কৰিছে। অৱশ্যে কোনেও বুজাত অসুবিধা নহ’ল যে কংগনাই হৃতিকক এই মন্তব্যৰ দ্বাৰাও অপমানেই কৰিছে।

উল্লেখ্য যে 'কৃষ' ছবিত কাম কৰি থাকোঁতে কংগনা আৰু হৃত্বিকৰ মাজত যোগাযোগ স্থাপন হৈছিল। ইয়াৰ পিছত ২০১৬ চনত তেওঁলোকে ইজনে সিজনৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰে। এতিয়া দুয়োগৰাকীৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক