--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন গণতান্ত্ৰিক দেশত অনুষ্ঠিত হোৱা নিৰ্বাচনত নাগৰিকে ভোটদান কৰাটো জৰুৰী নেকি?এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ মজিয়াত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লোৱাৰ সময়ত ন্যায়ালয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷

দিল্লী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ভাৰতত নাগৰিকৰ ভোটদান বাধ্যতামূলক হ’ব লাগে শীৰ্ষক ৰাজহুৱা স্বাৰ্থজনিত আৱেদনখন প্ৰত্যাখ্যান কৰে৷

এই ৰাজহুৱা স্বাৰ্থজনিত আৱেদনখনৰ শুনানি ল’বলৈ গৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদ খণ্ড বিচাৰপীঠে কয় যে " আমি সংসদ নহয়,আমি এনেকুৱা নিৰ্দেশ প্ৰদান কৰিব নোৱাৰো,কাৰণ সংবিধানত এনে কোনো অনুচ্ছেদ নাই,যি অনুচ্ছেদে ভোটদানক বাধ্যতামূলক হিচাপে চিহ্নিত কৰিছে৷"

উচ্চ ন্যায়ালয়ত আবেদনখন প্ৰদান কৰা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ক কঠোৰ ভাষাৰে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে আবেদন খন প্ৰত্যাহাৰ কৰাৰ আদেশ দিয়ে,তাৰ পৰৱৰ্তী সময়ত অশ্বিনী কুমাৰ উপাধ্যায়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ন্যায়ালয়ৰ পৰা প্ৰত্যাহাৰ কৰে৷

শুনানিৰ সময়ত, আবেদনকাৰী উপাধ্যায়ে গাড়ী চালকসকলৰ উদাহৰণ এটা দিছিল। তেওঁ কৈছিল যে বহু গাড়ী চালকে ভোট দিব নোৱাৰে কাৰণ তেওঁলোকে আন চহৰত কাম কৰিবলগীয়া হয়। এই সন্দৰ্ভত, উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয়  যে এইটো চালকসকলৰ অধিকাৰ আৰু চালকসকলৰ পছন্দ। লগতে ন্যায়ালয়ে উল্লেখ কৰে যে "আমি চেন্নাইত বাস কৰা এজন ব্যক্তিক নিজৰ গৃহচহৰ শ্ৰীনগৰলৈ উভতি আহি ভোট দিবলৈ বাধ্য কৰিব নোৱাৰো। আপুনি বিচাৰে যে আমি আৰক্ষীক এনে এজন ব্যক্তিক ধৰি-বান্ধি শ্ৰীনগৰলৈ পঠিয়াবলৈ নিৰ্দেশ দিওঁ"

উক্ত ৰায়দানটোৰ পৰা আজি পুনৰ এটা স্পষ্ট হৈ পৰে যে ভাৰতীয় গণতন্ত্ৰত নাগৰিকৰ ভোটদানৰ অধিকাৰ সম্পূৰ্ণ ব্যক্তিস্বতন্ত্ৰতাৰ অধীনৰ বিষয়৷এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ কোনো সাংবিধানিক প্ৰতিষ্ঠানে হস্তক্ষেপ কৰিব নোৱাৰে৷

উল্লেখ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ সংজ্ঞা সন্দৰ্ভত কৈছিল-"গণতন্ত্ৰ মানে ৰাইজৰ দ্বাৰা,ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ"৷ এখন গণতান্ত্ৰিক দেশত নাগৰিকে এটা নিদিষ্ট সময়ৰ অন্তৰালত ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক পট পৰিৱৰ্তন কৰিব পাৰে৷এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দিয়া তথ্য অনুসৰি ২০১৯বৰ্ষৰ ভাৰতৰ লোকসভা নিৰ্বাচনত ভোটদানৰ মুঠ পৰিমাণ আছিল মাত্ৰ ৬৭.১%৷

অৰ্থাৎ দেশৰ ভোটদানৰ বাবে যোগ্য প্ৰায় ৩২.৯% ভোটদাতাই ভোটদানৰ পৰা বিৰত আছে৷এই পৰিমাণ ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশৰ বাবে কিমান শুভ লক্ষণ সেয়া প্ৰমাণ সময়ে কৰিব,কিন্তু এজন নাগৰিকৰ সৰ্বোচ্চ ৰাজনৈতিক অধিকাৰ হিচাপে ভোট দান বাধ্যতামূলক হ’ব লাগেনে? আজি অন্ততঃ সেই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক