--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ দৃঢ় সংকল্পবদ্ধ প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে বাৰানসীত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। তেওঁ মঙলবাৰে দিনৰ  প্ৰায় ১১.৪০ বজাত বাৰাণসী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছতে মোদীয়ে নিয়ম অনুসৰি সকলো নথি-পত্ৰ পূৰণ কৰি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত মোদীয়ে জমা দিয়া নিৰ্বাচনী শপতনামাত মোদীৰ সম্পত্তিৰ হিচাব পোৱা গৈছে।  নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যানুসৰি প্ৰধানমন্ত্ৰী মোদীৰ হাতত আছে নগদ ৫২ হাজাৰ টকা।

 ভাৰতীয় ষ্টেট বেংকত দুটা একাউণ্ট আছে মোদীৰ। ইয়াৰে এটা গুজৰাটৰ গান্ধীনগৰত আৰু আনটো বাৰাণসীৰ শিৱাজী নগৰ শাখাত আছে এই একাউণ্ট। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট শাখাত ৭৩ হাজাৰ ৩০৪ টকা আৰু বাৰাণসী শাখাত জমা আছে মাত্ৰ সাত হাজাৰ টকা। প্ৰধানমন্ত্ৰী মোদীৰ এছ বি আইতো ২ কোটি ৮৫ লাখ ৬০ হাজাৰ ৩৩৮ টকাৰ ফিক্সড ডিপোজিট আছে।আনহাতে মোদীয়ে ৰাষ্ট্ৰীয় সঞ্চয়ৰ প্ৰমাণ পত্ৰতো ৯ লাখ ১২ হাজাৰ টকা বিনিয়োগ কৰিছে। 

ইয়াৰ উপৰি অস্থাৱৰ সম্পত্তিৰ ভিতৰত তেওঁৰ চাৰিটা সোণৰ আঙঠি আছে, যাৰ মুঠ ওজন ৪৫ গ্ৰাম আৰু মূল্য ২ লাখ ৬৭ হাজাৰ ৭৫০ টকা। প্ৰধানমন্ত্ৰী মোদীৰ শপতনামা অনুসৰি তেওঁৰ কোনো ঘৰ নাই, মাটিও নাই। এনে পৰিস্থিতিত তেওঁৰ মুঠ সম্পত্তি ৩ কোটি ২ লাখ ৬ হাজাৰ ৮৮৯ টকা। নিৰ্বাচনী শপতনামাত উল্লেখ কৰা মতে  নৰেন্দ্ৰ মোদীয়ে ১৯৬৭ত গুজৰাট ব’ৰ্ডৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পাছত ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। মোদীয়ে ১৯৮৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বুলি শপতনামাত উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ