--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ দৃঢ় সংকল্পবদ্ধ প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে বাৰানসীত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। তেওঁ মঙলবাৰে দিনৰ  প্ৰায় ১১.৪০ বজাত বাৰাণসী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছতে মোদীয়ে নিয়ম অনুসৰি সকলো নথি-পত্ৰ পূৰণ কৰি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত মোদীয়ে জমা দিয়া নিৰ্বাচনী শপতনামাত মোদীৰ সম্পত্তিৰ হিচাব পোৱা গৈছে।  নিৰ্বাচন আয়োগক দাখিল কৰা তথ্যানুসৰি প্ৰধানমন্ত্ৰী মোদীৰ হাতত আছে নগদ ৫২ হাজাৰ টকা।

 ভাৰতীয় ষ্টেট বেংকত দুটা একাউণ্ট আছে মোদীৰ। ইয়াৰে এটা গুজৰাটৰ গান্ধীনগৰত আৰু আনটো বাৰাণসীৰ শিৱাজী নগৰ শাখাত আছে এই একাউণ্ট। প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট শাখাত ৭৩ হাজাৰ ৩০৪ টকা আৰু বাৰাণসী শাখাত জমা আছে মাত্ৰ সাত হাজাৰ টকা। প্ৰধানমন্ত্ৰী মোদীৰ এছ বি আইতো ২ কোটি ৮৫ লাখ ৬০ হাজাৰ ৩৩৮ টকাৰ ফিক্সড ডিপোজিট আছে।আনহাতে মোদীয়ে ৰাষ্ট্ৰীয় সঞ্চয়ৰ প্ৰমাণ পত্ৰতো ৯ লাখ ১২ হাজাৰ টকা বিনিয়োগ কৰিছে। 

ইয়াৰ উপৰি অস্থাৱৰ সম্পত্তিৰ ভিতৰত তেওঁৰ চাৰিটা সোণৰ আঙঠি আছে, যাৰ মুঠ ওজন ৪৫ গ্ৰাম আৰু মূল্য ২ লাখ ৬৭ হাজাৰ ৭৫০ টকা। প্ৰধানমন্ত্ৰী মোদীৰ শপতনামা অনুসৰি তেওঁৰ কোনো ঘৰ নাই, মাটিও নাই। এনে পৰিস্থিতিত তেওঁৰ মুঠ সম্পত্তি ৩ কোটি ২ লাখ ৬ হাজাৰ ৮৮৯ টকা। নিৰ্বাচনী শপতনামাত উল্লেখ কৰা মতে  নৰেন্দ্ৰ মোদীয়ে ১৯৬৭ত গুজৰাট ব’ৰ্ডৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পাছত ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। মোদীয়ে ১৯৮৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বুলি শপতনামাত উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু