--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে সন্ধিয়া ধূলিৰ ধুমুহা আৰু বৰষুণৰ সময়তে  মুম্বাইৰ ঘাটকোপাৰত ১০০ ফুট ওখ অবৈধ বিলব'ৰ্ড  এখ খহি পৰি  পৰাৰ ফলত  এতিয়ালৈকে কমেও ১৪ জন লোক নিহত আৰু ৭৪ জন লোক আহত হৈছে।  ঘাটকোপাৰৰ চেড্ডানগৰ জংচনৰ পেট্ৰ'ল পাম্পত অবৈধভাবে স্থাপন কৰা হৈছিল  বিলব'ৰ্ডখন। ঘটনাটোৰ পিছত মুম্বাই আৰক্ষীয়ে বিজ্ঞাপন সংস্থাৰ মালিক আৰু আনসকলৰ বিৰুদ্ধে হত্যা তথা ভাৰতীয় দণ্ডবিধিৰ অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত  অপৰাধমূলক  গোচৰ ৰুজু কৰিছে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাটোৰ পিছতে ইগো মিডিয়া প্ৰাইভেট লিমিটেডৰ গৰাকী ভবেশ ভিন্দেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মুম্বাইৰ আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰে বিষয়টোত কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। সোমবাৰে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত দিয়া এটা পোষ্টত ফানচালকাৰে কয়, "ঘাটকোপাৰত সংঘটিত দুৰ্ভাগ্যজনক দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।আমি নাগৰিকসকলক আশ্বাস দিওঁ যে এই দুৰ্ঘটনাৰ বাবে দায়ী সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।" ঘটনাটোৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেই ঘটনাস্থলী পৰিদৰ্শন কৰে। 

মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহতসকলৰ পৰিয়ালক ৫ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰিব বুলিও  আশ্বাস দিয়ে । তেওঁ কয়, " অবৈধ আৰু বিপজ্জনকভাবে থকা হৰ্ডিংবোৰ তৎক্ষণাৎ আঁতৰ কৰা হ'ব।" চিন্দেই লগতে কয়  "এয়া   অতি দুৰ্ভাগ্যজনক ঘটনা। চৰকাৰে ইয়াৰ তদন্ত কৰিব, আৰু দোষী লোকসকলে শাস্তিৰ  সন্মুখীন হ'ব।" তেওঁ ঘটনাটোত নিহত প্ৰতিজন ব্যক্তিৰ আত্মীয়ক ৫ লাখ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ঘটনাটোত আহত লোকসকল চহৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘাটকোপাৰৰ ৰাজাৱাড়ী চিকিৎসালয়, নাগৰিক পৰিচালিত এইচবিটি চিকিৎসালয়, বিক্ৰোলীৰ মহাত্মা জ্যোতিবা ফুলে চিকিৎসালয় আৰু কালৱাৰ প্ৰক্ৰুতি চিকিৎসালয়ত বহু আহত লোকক ভৰ্তি কৰোৱা হৈছে।

 ইপিনে  বৃহন্মুম্বাই পৌৰ নিগম (বিএমচি) আৰু ভাৰতীয় ৰে'লৱেৰ মাজত দুৰ্ঘটনাটোকলৈ বিবাদৰ সৃষ্টি হৈছে। ভূমিৰ মালিকীস্বত্বক লৈ দোষাৰোপৰ খেল আৰম্ভ হৈছে। হৰ্ডিংখন "অবৈধ" বুলি ঘোষণা কৰি বিএমচিয়ে কয় যে ই হৰ্ডিংখনৰ  অনুমোদন নাছিল। "এইটো এটা অবৈধ হৰ্ডিং আছিল। ঘটনাটো সংঘটিত হোৱা স্থান ৰে'লৱেৰ ভূমি। তাত  চাৰিখন হৰ্ডিং স্থাপন কৰা হৈছে, আৰু তাৰে এখন খহি পৰিছে," বিএমচি আয়ুক্ত ভূষণ গগৰাণীয়ে কয়। বিএমচিয়ে ঘাটকোপাৰত হৰ্ডিং পৰি যোৱাৰ ঘটনা সন্দৰ্ভত ৰে'লৱে আৰু বিজ্ঞাপন কোম্পানী ইগো মিডিয়াৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও কয়।  ইপিনে হৰ্ডিং খহি পৰা স্থান ৰে'লৱেৰ ভূমি নহয় বুলি ৰে’লৱেই স্পষ্ট কৰি দিছে।  ৰে’ল বিভাগৰ সূত্ৰই কয়  "এই হৰ্ডিং  ৰে'লৱেৰ ভূমিত নাই আৰু ই কোনো প্ৰকাৰে ভাৰতীয় ৰে'লৱেৰ সৈতে সম্পৰ্কিত নহয়"। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement