--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁক ‘ড্ৰাগছ সম্ৰাট’ বুলি কোৱা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ কাৰ্টেলৰ সৈতে জড়িত আছিল। কেৱল ড্ৰাগছৰ ব্যৱসায় নহয়। ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ লগত জড়িত তেওঁৰ নাম। তেওঁ নিজৰ হাতেৰে প্ৰায় ৩ হাজাৰ লোকক হত্যা কৰিছিল। বৰ্তমান যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে। তেওঁ হৈছে জোৱাকিন গুজমেন। অৱশ্যে তেওঁক সকলোৱে ‘এল চাপো’ বুলি চিনি পায়।

১৯৫৭ চনৰ ৪ এপ্ৰিলত মেক্সিকোৰ চিনালোয়াৰ এটা দৰিদ্ৰ পৰিয়ালত এল চাপোৰ জন্ম হৈছিল। সৰুৰে পৰাই তেওঁক দেউতাকৰ নিৰ্যাতন চলাইছিল। দেউতাকৰ হাতেৰে ড্ৰাগছৰ জগতখনত প্ৰৱেশ কৰিলে।

সেইটোৱেই আৰম্ভণি। ইয়াৰ পিছত এল চাপো ক্ৰমান্বয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ পৰে। ক্ৰমান্বয়ে তেওঁ ড্ৰাগছ ব্যৱসায়ৰ ‘কিংপিন’ হৈ পৰিল।

এল চাপোৱে নিজাকৈ এটা সংগঠন গঢ়ি তুলিছিল। যাক কোৱা হয় ‘চিনালোয়া কাৰ্টেল’। ই এক আন্তঃৰাষ্ট্ৰীয় অপৰাধ ছিণ্ডিকেট। এই সংগঠনটো ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল।

১৯৯৩ চনত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল এল চাপো। গুৱেটামালাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক মেক্সিকোলৈ প্ৰত্যাৰ্পণ কৰা হয়। সেইবাৰ আদালতে এল চাপোক ড্ৰাগছ সৰবৰাহ আৰু হত্যাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহে।

কাৰাগাৰত থকাৰ সময়তে মাজভাগত পলায়ন কৰে এল চাপো। উৎকোচ দি কাৰাগাৰৰ চকীদাৰক বশ কৰিলে। ২০০১ চনত কাৰাগাৰৰ পৰা পলায়ন কৰে। ইয়াৰ পিছত তেওঁক পলাতক বুলি ঘোষণা কৰা হয়।





২০১৪ চনত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল এল চাপো। সেইবাৰ তেওঁক মেক্সিকোৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। শাস্তিৰ পূৰ্বে ২০১৫ চনত পুনৰ পলায়ন কৰে। ২০১৬ চনৰ জানুৱাৰী মাহত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল এল চাপো। এবছৰৰ পাছত তেওঁক আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হয়।

২০১৯ চনত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল। পিছত এল চাপোক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। অৱশ্যে গ্ৰেপ্তাৰৰ পিছত এল চাপোৰ স্বীকাৰোক্তি শুনি তদন্তকাৰীয়ে স্তম্ভিত হৈ পৰে। তেওঁ কয় যে তেওঁ নিজেই ২০০০ৰ পৰা ৩০০০ লোকক হত্যা কৰিছিল।

আমেৰিকা আৰু মেক্সিকান তদন্তকাৰীয়ে বিশ্বাস কৰে যে ৭০ হাজাৰ লোকৰ হত্যাকাণ্ডৰ আঁৰত চাপোৰ সংগঠন। ২০০৮ চনত হত্যা কৰা হৈছিল এল চাপোৰ পুত্ৰ এল চাপিটো। কোৱা হয় যে এল চাপোৱে প্ৰতিশোধ ল’বলৈ কমেও ৪০০ লোকক হত্যা কৰিছিল। নিহতসকলৰ ভিতৰত কমেও ২০জন তদন্তকাৰীও আছিল।

এল চাপোৰ ব্যক্তিগত জীৱনও বিভিন্ন খণ্ডত প্ৰবাহিত হৈছে। তেওঁৰ ৪ বাৰ বিয়া হৈছিল। তেওঁৰ কমেও ১১টা সন্তান আছে। অৱশ্যে ৬৬ বছৰীয়া কুখ্যাত ড্ৰাগছ মাফিয়া বৰ্তমান কাৰাগাৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা