--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেতা সুশান্ত সিং ৰাপুতৰ  মৃত্যুৰ  পিছৰে পৰা আঢ়ৈ  বছৰ ধৰি  অভিনেতাজনে আত্মহত্যা কৰা  ফ্লেটটো খালী হৈয়েই আছিল৷ কোনেও ভয়তে অথবা আন কাৰণতে ফ্লেটটোত সোমাবলৈ  সাহস কৰা নাছিল। অৱশেষত এজন নতুন ভাড়াতীয়াই ফ্লেটটোত সোমাবলৈ সাহস কৰিলে৷ ২০২০  চনৰ ১৪  জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ বান্দ্ৰাৰ সেই  অভিজাত বাসগৃহটোত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

 প্ৰাৰম্ভিক তদন্তত এই কথা পোহৰলৈ আহিছিল  যে 'কেদাৰনাথ'ৰ নায়কগৰাকীয়ে  আত্মহত্যা কৰিছিল। বহু বছৰ ধৰি বিষয়টোকলৈ বহু হুলস্থূল হৈছিল। তেতিয়াৰে পৰা ফ্লেটটো খালী হৈ আছিল। ফ্লেটটো কোনেও ভাড়ালৈ  নাছিল বা বিক্ৰী কৰাও হোৱা নাছিল। অৱশ্যে আঢ়ৈ  বছৰৰ পিছত এজন লোকে ঘৰটো  ভাড়ালৈ লৈছে৷ 

ফ্লেটটোত  চাৰিটা শোৱনি কোঠা,  বাথৰুম, পাকঘৰ আৰু এখন চাদ আছে। আঢ়ৈ বছৰৰ ধৰি ঘৰটোৰ বাবে  ভাড়াতীয়া বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। অৱশেষত এজন নতুন ভাড়াতীয়া ফ্লেটলৈ আহিছে। জানিব পৰা মতে  এজন প্ৰবাসী ভাৰতীয়ই ফ্লেটটো ভাড়ালৈ লৈছে। যাৰ বাবে ব্যক্তিজনে মাহিলী ৫ লাখ টকা ভাড়া ভৰিব লাগিব। তেওঁ প্ৰায় ৩০ লাখ টকা আগধন হিচাবে  জমা দিছে৷ 

কেইদিনমান আগতে ৰিয়েল ইষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে তেওঁৰ প্ৰ'ফাইলত এই ফ্লেটটোৰ ভাড়াৰ বিজ্ঞাপন দিছিল। তাৰ পিছতে ফ্লেটটোলৈ  এজন নতুন ভাড়াতীয়া আহিল। সুশান্তই  প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু দুজন সহায়কৰ সৈতে ২০২২ চনলৈকে ফ্লেটটোত  থকাৰ কথা আছিল। কিন্তু তাৰ আগতে, সকলো বোৰ ওলোট-পালট  হৈ গ’ল। সেই সময়ত অভিনেতাজনে ফ্লেটটোৰ বাবে মাহিলী চাৰে চাৰি লাখ টকা ভাড়া পৰিশোধ কৰিছিল। এইবাৰ ঘৰৰ মালিকে নতুন ভাড়াতীয়াৰ ক্ষেত্ৰত  ৫০ হাজাৰ টকা   বৃদ্ধি কৰিছে৷ 

ৰফিক নামৰ এজন ৰিয়েল ইষ্টেট ব্ৰোকাৰে কেইদিনমান আগতে এক সাক্ষাৎকাৰত কৈছিল, "সকলোৱে এই ফ্লেটলৈ আহিবলৈ ভয় খাইছিল। যেতিয়া কোনোবাই জানিছিল  যে সুশান্তৰ ইয়াত মৃত্যু হৈছে, তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়ালৈ অহা নাই। এনেদৰেই চলি আছিল। অৱশ্যে, খবৰটো  পুৰণি হোৱাৰ লগে লগে আমি পুনৰ চেষ্টা কৰি আছো। কিন্তু ফ্লেটটোৰ গৰাকীয়ে মূল্য হ্ৰাস কৰিবলৈ ইচ্ছুক নহয়।  "









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক