--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেতা সুশান্ত সিং ৰাপুতৰ  মৃত্যুৰ  পিছৰে পৰা আঢ়ৈ  বছৰ ধৰি  অভিনেতাজনে আত্মহত্যা কৰা  ফ্লেটটো খালী হৈয়েই আছিল৷ কোনেও ভয়তে অথবা আন কাৰণতে ফ্লেটটোত সোমাবলৈ  সাহস কৰা নাছিল। অৱশেষত এজন নতুন ভাড়াতীয়াই ফ্লেটটোত সোমাবলৈ সাহস কৰিলে৷ ২০২০  চনৰ ১৪  জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ বান্দ্ৰাৰ সেই  অভিজাত বাসগৃহটোত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

 প্ৰাৰম্ভিক তদন্তত এই কথা পোহৰলৈ আহিছিল  যে 'কেদাৰনাথ'ৰ নায়কগৰাকীয়ে  আত্মহত্যা কৰিছিল। বহু বছৰ ধৰি বিষয়টোকলৈ বহু হুলস্থূল হৈছিল। তেতিয়াৰে পৰা ফ্লেটটো খালী হৈ আছিল। ফ্লেটটো কোনেও ভাড়ালৈ  নাছিল বা বিক্ৰী কৰাও হোৱা নাছিল। অৱশ্যে আঢ়ৈ  বছৰৰ পিছত এজন লোকে ঘৰটো  ভাড়ালৈ লৈছে৷ 

ফ্লেটটোত  চাৰিটা শোৱনি কোঠা,  বাথৰুম, পাকঘৰ আৰু এখন চাদ আছে। আঢ়ৈ বছৰৰ ধৰি ঘৰটোৰ বাবে  ভাড়াতীয়া বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। অৱশেষত এজন নতুন ভাড়াতীয়া ফ্লেটলৈ আহিছে। জানিব পৰা মতে  এজন প্ৰবাসী ভাৰতীয়ই ফ্লেটটো ভাড়ালৈ লৈছে। যাৰ বাবে ব্যক্তিজনে মাহিলী ৫ লাখ টকা ভাড়া ভৰিব লাগিব। তেওঁ প্ৰায় ৩০ লাখ টকা আগধন হিচাবে  জমা দিছে৷ 

কেইদিনমান আগতে ৰিয়েল ইষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে তেওঁৰ প্ৰ'ফাইলত এই ফ্লেটটোৰ ভাড়াৰ বিজ্ঞাপন দিছিল। তাৰ পিছতে ফ্লেটটোলৈ  এজন নতুন ভাড়াতীয়া আহিল। সুশান্তই  প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু দুজন সহায়কৰ সৈতে ২০২২ চনলৈকে ফ্লেটটোত  থকাৰ কথা আছিল। কিন্তু তাৰ আগতে, সকলো বোৰ ওলোট-পালট  হৈ গ’ল। সেই সময়ত অভিনেতাজনে ফ্লেটটোৰ বাবে মাহিলী চাৰে চাৰি লাখ টকা ভাড়া পৰিশোধ কৰিছিল। এইবাৰ ঘৰৰ মালিকে নতুন ভাড়াতীয়াৰ ক্ষেত্ৰত  ৫০ হাজাৰ টকা   বৃদ্ধি কৰিছে৷ 

ৰফিক নামৰ এজন ৰিয়েল ইষ্টেট ব্ৰোকাৰে কেইদিনমান আগতে এক সাক্ষাৎকাৰত কৈছিল, "সকলোৱে এই ফ্লেটলৈ আহিবলৈ ভয় খাইছিল। যেতিয়া কোনোবাই জানিছিল  যে সুশান্তৰ ইয়াত মৃত্যু হৈছে, তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়ালৈ অহা নাই। এনেদৰেই চলি আছিল। অৱশ্যে, খবৰটো  পুৰণি হোৱাৰ লগে লগে আমি পুনৰ চেষ্টা কৰি আছো। কিন্তু ফ্লেটটোৰ গৰাকীয়ে মূল্য হ্ৰাস কৰিবলৈ ইচ্ছুক নহয়।  "









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু