--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন সমাগত। বিজেপিয়ে এইবাৰ ১৫ দিনীয়াকৈ উৎযাপন কৰিব মোদীৰ জন্মদিন। জন্মদিনত মোদীয়ে কৰিবলগীয়া বিশেষ কামসমূহৰ ভিতৰত এটা হৈছে পাঁচটাকৈ চিতাবাঘ হাবিত এৰি দিয়াটো। জানিব পৰা মতে ১৭ ছেপ্টেম্বৰত মোদীয়ে মধ্য প্ৰদেশৰ হাবিত এৰি দিব আফ্ৰিকাৰ পৰা অনা পাঁচটা চিতা বাঘ। 

১৯৪৭ চনত ভাৰতৰ অন্তিমটো চিতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা, যোৱা ৭৫ বছৰ ধৰি এই দেশত পৃথিৱীৰ দ্ৰুততম প্ৰাণীবিধ কোনেও  দেখা পোৱা নাই। সেই অভাৱ পূৰণ কৰিবলৈ, এইবাৰ নামিবিয়াৰ পৰা পাঁচটা চিতা অনা হৈছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত আফ্ৰিকাৰ পৰা অনা পাঁচটা চিতা বাঘ মুকলি কৰি তেওঁৰ জন্মদিন উদযাপন কৰিব।

জানিব পৰা গৈছে যে চিতাবোৰ প্ৰথমে নামিবিয়াৰ ৱিণ্ডহোকৰ পৰা জয়পুৰলৈ অনা হ'ব। তাৰ পৰা চিতা কেইটা  পালপুৰৰ পৰা বিমানেৰে কুনোলৈ অনা হ'ব। চিতা বাঘ এৰি দিয়া কাৰ্যসূচীৰ বাবে উদ্যানৰ ভিতৰত দুটা হেলিপেড নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি ভিভিআইপিৰ অৱতৰণৰ বাবে অতিৰিক্ত পাঁচটা হেলিপেড নিৰ্মাণ কৰা হৈছে।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিশ্চিত কৰে যে সেইদিনা প্ৰধানমন্ত্ৰী ৰাজ্য খনত উপস্থিত থাকিব। অৱশ্যে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এতিয়ালৈকে এই বিষয়ত একো কোৱা নাই।
১৯৪৭ চনত ছত্তীশগড়ত দেশখনৰ অন্তিমটো চিতাবাঘৰ মৃত্যু হৈছিল। 

অৱশ্যে, সেই সময়ত অঞ্চলটো মধ্য প্ৰদেশৰ অংশ আছিল। চিতা বাঘ পুনৰ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হৈছিল। যোৱা বছৰৰ নৱেম্বৰত আফ্ৰিকাৰ পৰা বাঘ আনিবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু কৰোনা পৰিস্থিতিৰ বাবে সেয়া  সম্ভৱ হোৱা নাছিল। অৱশেষত মোদীৰ  জন্মদিনতে চিতা বাঘ  ভাৰতৰ অৰণ্যত এৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে।দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ মন্ত্ৰালয়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। তেওঁলোকে এই বিষয়ত গ্ৰহণ কৰা সকলো প্ৰস্তুতিৰ দিশ পৰ্যবেক্ষণ কৰি আছে। জানিব পৰা মতে অহা পাঁচ বছৰত ৫০ টা নাহৰফুটুকী বাঘ বাহিৰৰ পৰা  অনাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ