--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন সমাগত। বিজেপিয়ে এইবাৰ ১৫ দিনীয়াকৈ উৎযাপন কৰিব মোদীৰ জন্মদিন। জন্মদিনত মোদীয়ে কৰিবলগীয়া বিশেষ কামসমূহৰ ভিতৰত এটা হৈছে পাঁচটাকৈ চিতাবাঘ হাবিত এৰি দিয়াটো। জানিব পৰা মতে ১৭ ছেপ্টেম্বৰত মোদীয়ে মধ্য প্ৰদেশৰ হাবিত এৰি দিব আফ্ৰিকাৰ পৰা অনা পাঁচটা চিতা বাঘ। 

১৯৪৭ চনত ভাৰতৰ অন্তিমটো চিতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা, যোৱা ৭৫ বছৰ ধৰি এই দেশত পৃথিৱীৰ দ্ৰুততম প্ৰাণীবিধ কোনেও  দেখা পোৱা নাই। সেই অভাৱ পূৰণ কৰিবলৈ, এইবাৰ নামিবিয়াৰ পৰা পাঁচটা চিতা অনা হৈছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত আফ্ৰিকাৰ পৰা অনা পাঁচটা চিতা বাঘ মুকলি কৰি তেওঁৰ জন্মদিন উদযাপন কৰিব।

জানিব পৰা গৈছে যে চিতাবোৰ প্ৰথমে নামিবিয়াৰ ৱিণ্ডহোকৰ পৰা জয়পুৰলৈ অনা হ'ব। তাৰ পৰা চিতা কেইটা  পালপুৰৰ পৰা বিমানেৰে কুনোলৈ অনা হ'ব। চিতা বাঘ এৰি দিয়া কাৰ্যসূচীৰ বাবে উদ্যানৰ ভিতৰত দুটা হেলিপেড নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি ভিভিআইপিৰ অৱতৰণৰ বাবে অতিৰিক্ত পাঁচটা হেলিপেড নিৰ্মাণ কৰা হৈছে।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিশ্চিত কৰে যে সেইদিনা প্ৰধানমন্ত্ৰী ৰাজ্য খনত উপস্থিত থাকিব। অৱশ্যে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এতিয়ালৈকে এই বিষয়ত একো কোৱা নাই।
১৯৪৭ চনত ছত্তীশগড়ত দেশখনৰ অন্তিমটো চিতাবাঘৰ মৃত্যু হৈছিল। 

অৱশ্যে, সেই সময়ত অঞ্চলটো মধ্য প্ৰদেশৰ অংশ আছিল। চিতা বাঘ পুনৰ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হৈছিল। যোৱা বছৰৰ নৱেম্বৰত আফ্ৰিকাৰ পৰা বাঘ আনিবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু কৰোনা পৰিস্থিতিৰ বাবে সেয়া  সম্ভৱ হোৱা নাছিল। অৱশেষত মোদীৰ  জন্মদিনতে চিতা বাঘ  ভাৰতৰ অৰণ্যত এৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে।দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ মন্ত্ৰালয়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। তেওঁলোকে এই বিষয়ত গ্ৰহণ কৰা সকলো প্ৰস্তুতিৰ দিশ পৰ্যবেক্ষণ কৰি আছে। জানিব পৰা মতে অহা পাঁচ বছৰত ৫০ টা নাহৰফুটুকী বাঘ বাহিৰৰ পৰা  অনাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু