--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ এখন চহৰ প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে স্তব্ধ হৈ পৰে। সেই সময়ছোৱাত চহৰ খনত চলি থকা সকলো যান-বাহন য’তেই আছে ত’তেই ৰৈ যায়। কোনোৱাই যদি বহি থাকে তেঁৱো উঠি থিয় হয়। বজাৰৰ পৰা ব্যস্ত ৰাস্তালৈকে, পথচাৰীসকলে তেওঁলোকৰ নিজৰ নিজৰ ঠাইতে ৫২ ছেকেণ্ডৰ বাবে ৰৈ দিয়ে। 

কিন্তু প্ৰতিদিনে কিয় এনেদৰে এক নিৰ্দিষ্ট সময়ত স্তব্ধ হৈ পৰে ভাৰতৰ এই চহৰ খন? ক’ত আছে এই চহৰ খন? প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে স্তব্ধ হৈ পৰা চহৰ খন আছে  তেলেংগানাত। 
 দৰাচলতে, পুৱা ৮:৩০ বজাত সমগ্ৰ চহৰখনত ৰাষ্ট্ৰীয় সংগীত বজোৱা হয়।ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ড ধৰি বাজে। সেয়ে  ৫২ ছেকেণ্ডৰ বাবে চহৰ খনৰ সকলোৱে য’তে আছে তাতে ৰৈ দিয়ে আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

তেলেংগানাৰ এই চহৰখনৰ নাম নালগোণ্ডা। ৭,১২২ বৰ্গ কিলোমিটাৰ এলেকাৰ  চহৰখনৰ জনসংখ্যা ১৬ লাখ ১৮ হাজাৰ ৪১৬।


প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে চহৰ খনত ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ নিয়ম ২০২২ চনৰ ২৩ জানুৱাৰীৰ পৰা কৰা হৈছে। তেতিয়াৰে পৰাই প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে চহৰ খন স্তব্ধ হৈ পৰে।
'জন গণ মন উৎসৱ সমিতি'ৰ সভাপতি কৰ্ণাটি বিজয়কুমাৰে  চহৰখনত এই নিয়ম প্ৰৱৰ্তন কৰিছে।

বিজয়কুমাৰে দাবী কৰে যে ইয়াৰ জৰিয়তে জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাব বৃদ্ধি পাব।


নলগোণ্ডা চহৰৰ ১২ টা মুখ্য স্থানত  মাইকৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীত বজোৱা হয়।

ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে এই প্ৰথাটো নালগোণ্ডা চহৰৰ কাষৰীয়া গাওঁবোৰতো আৰম্ভ কৰা হ'ব।দেশপ্ৰেমৰ ভাব জগৈাই তোলাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপে বহুতকে উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু