--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ এখন চহৰ প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে স্তব্ধ হৈ পৰে। সেই সময়ছোৱাত চহৰ খনত চলি থকা সকলো যান-বাহন য’তেই আছে ত’তেই ৰৈ যায়। কোনোৱাই যদি বহি থাকে তেঁৱো উঠি থিয় হয়। বজাৰৰ পৰা ব্যস্ত ৰাস্তালৈকে, পথচাৰীসকলে তেওঁলোকৰ নিজৰ নিজৰ ঠাইতে ৫২ ছেকেণ্ডৰ বাবে ৰৈ দিয়ে। 

কিন্তু প্ৰতিদিনে কিয় এনেদৰে এক নিৰ্দিষ্ট সময়ত স্তব্ধ হৈ পৰে ভাৰতৰ এই চহৰ খন? ক’ত আছে এই চহৰ খন? প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে স্তব্ধ হৈ পৰা চহৰ খন আছে  তেলেংগানাত। 
 দৰাচলতে, পুৱা ৮:৩০ বজাত সমগ্ৰ চহৰখনত ৰাষ্ট্ৰীয় সংগীত বজোৱা হয়।ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ড ধৰি বাজে। সেয়ে  ৫২ ছেকেণ্ডৰ বাবে চহৰ খনৰ সকলোৱে য’তে আছে তাতে ৰৈ দিয়ে আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

তেলেংগানাৰ এই চহৰখনৰ নাম নালগোণ্ডা। ৭,১২২ বৰ্গ কিলোমিটাৰ এলেকাৰ  চহৰখনৰ জনসংখ্যা ১৬ লাখ ১৮ হাজাৰ ৪১৬।


প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে চহৰ খনত ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ নিয়ম ২০২২ চনৰ ২৩ জানুৱাৰীৰ পৰা কৰা হৈছে। তেতিয়াৰে পৰাই প্ৰতিদিনে পুৱা ঠিক ৮-৩০ বজাত  ৫২ ছেকেণ্ডৰ বাবে চহৰ খন স্তব্ধ হৈ পৰে।
'জন গণ মন উৎসৱ সমিতি'ৰ সভাপতি কৰ্ণাটি বিজয়কুমাৰে  চহৰখনত এই নিয়ম প্ৰৱৰ্তন কৰিছে।

বিজয়কুমাৰে দাবী কৰে যে ইয়াৰ জৰিয়তে জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাব বৃদ্ধি পাব।


নলগোণ্ডা চহৰৰ ১২ টা মুখ্য স্থানত  মাইকৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীত বজোৱা হয়।

ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে এই প্ৰথাটো নালগোণ্ডা চহৰৰ কাষৰীয়া গাওঁবোৰতো আৰম্ভ কৰা হ'ব।দেশপ্ৰেমৰ ভাব জগৈাই তোলাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপে বহুতকে উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ