--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী ক্ষমতাই মূৰত ধৰা এগৰাকী আইএএছ বিষয়া ৰিংকু ডুগ্গালাক কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক অৱসৰ দিছে।  বিষয়াগৰাকীটে দিল্লীত নিজৰ কুকুৰটোক ফুৰাবলৈ  ষ্টেডিয়াম খালী কৰোৱাইছিল। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ তদন্ত সমাপ্ত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মহিলা আই এ এছ বিষয়াগৰাকীক বাধ্যতামূল অৱসৰ দিয়ে। 

৫৪ বছৰীয়া দুগ্গা বৰ্তমান অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ্য দিল্লীত ষ্টেডিয়াম খালী কৰোৱাই কুকুৰ ফুৰোৱা বিষয়াগৰাকীক শাস্তিমূলক ব্যৱস্থা হিচাবে কেন্দ্ৰীয় চৰকাৰে  অৰুণাচল প্ৰদেশলৈ আৰু তেওঁৰ স্বামী সঞ্জীৱ খিৰৱাৰক লাডাখলৈ প্ৰেৰণ বদলি কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই কয়  যে ডুগ্গাৰ এনেবোৰ কাৰ্যৰ বাবেই চৰকাৰে তেওঁক অৱসৰ দিছে।

এই সন্দৰ্ভত চৰকাৰৰ দ্বাৰা এখন  জাননী জাৰি কৰা হৈছে।ৰিংকু ডুগ্গা অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (এজিএমইউটি) কেডাৰৰ১৯৯৪  বেচৰ আইএএছ বিষয়া। তেওঁৰ  স্বামী সঞ্জীৱ খিৰৱাৰো একেটা বেচৰে এজন বিষয়া।দম্পতীহালে যোৱা বছৰ দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত তেওঁলোকৰ কুকুৰটোক ফুৰাবলৈ  খেলুৱৈসহ প্ৰশিক্ষকক ষ্টেডিয়ামৰ বাহিৰলৈ উলিয়াই দিছিল। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে তদন্ত আৰম্ভ হৈছিল।

 অৱশেষত দুগ্গাক কেন্দ্ৰীয় ৰাজহুৱা সেৱা (পেঞ্চন) ১৯৭২-ৰ নিয়ম ৫৬ (জে)ৰ অধীনত বাধ্যতামূলক অৱসৰ দিয়া হয়। এই নিয়মৰ অধীনত চৰকাৰে ৰাজহুৱা স্বাৰ্থত এজন কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিব পাৰে।
ধাৰা ৫৬ (জে)ৰ অধীনত যদি কৰ্মচাৰী এজনৰ বিৰুদ্ধে   দুৰ্নীতি, অনিয়মৰ অভিযোগ উঠে তেন্তে  প্ৰতি তৃতীয় মাহত বিষয়া আৰু কৰ্মচাৰীগৰাকীৰ  কাম পুনৰীক্ষণ কৰা হয়।ইয়াৰ পিছত জাননী দি৩  মাহৰ দৰমহা আৰু ভাট্টা প্ৰদান কৰি বাধ্যতামূলক অৱসৰ দিয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু