--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী ক্ষমতাই মূৰত ধৰা এগৰাকী আইএএছ বিষয়া ৰিংকু ডুগ্গালাক কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক অৱসৰ দিছে।  বিষয়াগৰাকীটে দিল্লীত নিজৰ কুকুৰটোক ফুৰাবলৈ  ষ্টেডিয়াম খালী কৰোৱাইছিল। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ তদন্ত সমাপ্ত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মহিলা আই এ এছ বিষয়াগৰাকীক বাধ্যতামূল অৱসৰ দিয়ে। 

৫৪ বছৰীয়া দুগ্গা বৰ্তমান অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ্য দিল্লীত ষ্টেডিয়াম খালী কৰোৱাই কুকুৰ ফুৰোৱা বিষয়াগৰাকীক শাস্তিমূলক ব্যৱস্থা হিচাবে কেন্দ্ৰীয় চৰকাৰে  অৰুণাচল প্ৰদেশলৈ আৰু তেওঁৰ স্বামী সঞ্জীৱ খিৰৱাৰক লাডাখলৈ প্ৰেৰণ বদলি কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই কয়  যে ডুগ্গাৰ এনেবোৰ কাৰ্যৰ বাবেই চৰকাৰে তেওঁক অৱসৰ দিছে।

এই সন্দৰ্ভত চৰকাৰৰ দ্বাৰা এখন  জাননী জাৰি কৰা হৈছে।ৰিংকু ডুগ্গা অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (এজিএমইউটি) কেডাৰৰ১৯৯৪  বেচৰ আইএএছ বিষয়া। তেওঁৰ  স্বামী সঞ্জীৱ খিৰৱাৰো একেটা বেচৰে এজন বিষয়া।দম্পতীহালে যোৱা বছৰ দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত তেওঁলোকৰ কুকুৰটোক ফুৰাবলৈ  খেলুৱৈসহ প্ৰশিক্ষকক ষ্টেডিয়ামৰ বাহিৰলৈ উলিয়াই দিছিল। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে তদন্ত আৰম্ভ হৈছিল।

 অৱশেষত দুগ্গাক কেন্দ্ৰীয় ৰাজহুৱা সেৱা (পেঞ্চন) ১৯৭২-ৰ নিয়ম ৫৬ (জে)ৰ অধীনত বাধ্যতামূলক অৱসৰ দিয়া হয়। এই নিয়মৰ অধীনত চৰকাৰে ৰাজহুৱা স্বাৰ্থত এজন কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিব পাৰে।
ধাৰা ৫৬ (জে)ৰ অধীনত যদি কৰ্মচাৰী এজনৰ বিৰুদ্ধে   দুৰ্নীতি, অনিয়মৰ অভিযোগ উঠে তেন্তে  প্ৰতি তৃতীয় মাহত বিষয়া আৰু কৰ্মচাৰীগৰাকীৰ  কাম পুনৰীক্ষণ কৰা হয়।ইয়াৰ পিছত জাননী দি৩  মাহৰ দৰমহা আৰু ভাট্টা প্ৰদান কৰি বাধ্যতামূলক অৱসৰ দিয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক