--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ বিয়পি পৰিছে হিংসাৰ জুই। দুই মেইটেই সম্প্ৰদায়ৰ ছাত্ৰৰ অপৰহৰণ আৰু হত্যাৰ পিছতে মঙলবাৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্য খনত হোৱা হিংসাৰ বাবে গেৰুৱা দলটোক দোষাৰোপ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই  মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক "অক্ষম" বুলি অভিহিত কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক তেওঁক বৰ্খাস্ত কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছ সভাপতিগৰাকীয়ে  বুধবাৰে মণিপুৰত চলি থকা উত্তেজনা আৰু হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যখন "যুদ্ধক্ষেত্ৰ"ত পৰিণত হৈছে। 

১৪৭  দিন ধৰি মণিপুৰৰ লোকসকলে ভুগি আছে, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ সময় পোৱা নাই... এই হিংসাত ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি লোৱাৰ ভয়ংকৰ ছবিবোৰে আকৌ এবাৰ সমগ্ৰ দেশক হতবাক কৰি তুলিছে। এয়া  এতিয়া স্পষ্ট হৈ পৰিছে যে এই হিংসাত  মহিলা আৰু শিশুৰ বেছিকৈ ক্ষতি হৈছে। তেওঁ কয়, "যিকোনো অস্থিৰতা নিয়ন্ত্ৰণ কৰাৰ বাবে এয়া  প্ৰথম পদক্ষেপ হ'ব।" জুলাইত নিৰুদ্দেশ হোৱা মেইটেই সম্প্ৰদায়ৰ দুজন শিক্ষাৰ্থীৰ হত্যাক লৈ মণিপুৰত নতুনকৈ উত্তেজনাৰ সৃষ্টি হৈছে। মঙলবাৰে ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি হোৱাৰ পিছতে, দুয়োজন শিক্ষাৰ্থীৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে ৰাজ্য খনত পুনৰ হিংসা আৰম্ভ হয়। 


চিবিআইৰ  বিশেষ সঞ্চালক অজয় ভাটনাগৰৰ নেতৃত্বত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ বিষয়াসকলৰ এটা দলে বুধবাৰে ইম্ফলত উপস্থিত হৈ দুয়োগৰাকী ছাত্ৰৰ  "অপহৰণ আৰু হত্যা   "ৰ অভিযোগৰ তদন্ত কৰাৰ প্ৰস্তুতি চলাইছে। সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ 'জনজাতীয় সংহতি মাৰ্চ'ৰ সময়ত সংঘৰ্ষ আৰম্ভ  হৈছিল।মণিপুৰত প্ৰথমে ৩ মে'ত হিংসা আৰম্ভ হৈছিল। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই আৰু নাগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকল মুঠ জনসংখ্যাৰ ৪০ শতাংশ।দুই মেইটেই যুৱকক অপহৰণ কৰি  হত্যা কৰাৰ প্ৰতিবাদত মণিপুৰৰ ৰাজপথলৈ মঙলবাৰে ওলাই আহিছিল হাজাৰ হাজাৰ শিক্ষাৰ্থী । 





 উত্তেজিত ছাত্ৰ-ছাত্ৰী সকলক  ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা  গেছ ব্যৱহাৰ কৰাৰ লগতে লাঠীচালনাও কৰে। ফলত ৪৫ জন শিক্ষাৰ্থী গুৰুতৰ ভাবে আহত হয়।আঘাতপ্ৰাপ্তসকলৰ ভিতৰত বেছিভাগেই ছাত্ৰী বুলি জানিব পৰা গৈছে।   ছ'চিয়েল মিডিয়াত যুৱক দুজনৰ মৃতদেহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী সমদল উলিয়াইছিল। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ মুখামুখি হৈছিল আৰু আৰক্ষীয়ে  তেওঁলোকক মুখ্যমন্ত্ৰীৰ সচিবালয়ত উপস্থিত হোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল। এই ঘটনাত আহত প্ৰতিবাদকাৰীসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।


কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে কেন্দ্ৰকমণিপুৰ প্ৰসংগত  "নিষ্ক্ৰিয়তাৰ" বাবে সমালোচনা কৰি কয় -মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰই  নিজকে লজ্জিত অনুভৱ  কৰিব লাগে। তেওঁ যে  মণিপুৰত  শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য।
তেওঁ এক্সত লিখিছে  "মণিপুৰৰ পৰা অধিক ভয়াৱহ খবৰ আহি আছে। শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে। তেওঁলোকক সুৰক্ষা দিবলৈ আমি যিমান পাৰো সেয়া কৰাটো আমাৰ কৰ্তব্য। মণিপুৰত সংঘটিত ভয়ংকৰ অপৰাধবোৰৰ কথা প্ৰকাশ কৰিবলৈ  শব্দৰ অভাৱ, তথাপিও সেয়া অবিৰতভাৱে অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে।" ইপিনে অপহৰণ কৰি নি হত্যা কৰা দুজন শিক্ষাৰ্থীক ফিজাম হেমজিত (২০) আৰু হিজাম লিন্থোইঙ্গাম্বি (১৭) বুলি চিনাক্ত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক