--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ বিয়পি পৰিছে হিংসাৰ জুই। দুই মেইটেই সম্প্ৰদায়ৰ ছাত্ৰৰ অপৰহৰণ আৰু হত্যাৰ পিছতে মঙলবাৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্য খনত হোৱা হিংসাৰ বাবে গেৰুৱা দলটোক দোষাৰোপ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই  মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক "অক্ষম" বুলি অভিহিত কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক তেওঁক বৰ্খাস্ত কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছ সভাপতিগৰাকীয়ে  বুধবাৰে মণিপুৰত চলি থকা উত্তেজনা আৰু হিংসাত্মক ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যখন "যুদ্ধক্ষেত্ৰ"ত পৰিণত হৈছে। 

১৪৭  দিন ধৰি মণিপুৰৰ লোকসকলে ভুগি আছে, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ সময় পোৱা নাই... এই হিংসাত ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি লোৱাৰ ভয়ংকৰ ছবিবোৰে আকৌ এবাৰ সমগ্ৰ দেশক হতবাক কৰি তুলিছে। এয়া  এতিয়া স্পষ্ট হৈ পৰিছে যে এই হিংসাত  মহিলা আৰু শিশুৰ বেছিকৈ ক্ষতি হৈছে। তেওঁ কয়, "যিকোনো অস্থিৰতা নিয়ন্ত্ৰণ কৰাৰ বাবে এয়া  প্ৰথম পদক্ষেপ হ'ব।" জুলাইত নিৰুদ্দেশ হোৱা মেইটেই সম্প্ৰদায়ৰ দুজন শিক্ষাৰ্থীৰ হত্যাক লৈ মণিপুৰত নতুনকৈ উত্তেজনাৰ সৃষ্টি হৈছে। মঙলবাৰে ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি হোৱাৰ পিছতে, দুয়োজন শিক্ষাৰ্থীৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে ৰাজ্য খনত পুনৰ হিংসা আৰম্ভ হয়। 


চিবিআইৰ  বিশেষ সঞ্চালক অজয় ভাটনাগৰৰ নেতৃত্বত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ বিষয়াসকলৰ এটা দলে বুধবাৰে ইম্ফলত উপস্থিত হৈ দুয়োগৰাকী ছাত্ৰৰ  "অপহৰণ আৰু হত্যা   "ৰ অভিযোগৰ তদন্ত কৰাৰ প্ৰস্তুতি চলাইছে। সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ 'জনজাতীয় সংহতি মাৰ্চ'ৰ সময়ত সংঘৰ্ষ আৰম্ভ  হৈছিল।মণিপুৰত প্ৰথমে ৩ মে'ত হিংসা আৰম্ভ হৈছিল। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই আৰু নাগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকল মুঠ জনসংখ্যাৰ ৪০ শতাংশ।দুই মেইটেই যুৱকক অপহৰণ কৰি  হত্যা কৰাৰ প্ৰতিবাদত মণিপুৰৰ ৰাজপথলৈ মঙলবাৰে ওলাই আহিছিল হাজাৰ হাজাৰ শিক্ষাৰ্থী । 





 উত্তেজিত ছাত্ৰ-ছাত্ৰী সকলক  ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা  গেছ ব্যৱহাৰ কৰাৰ লগতে লাঠীচালনাও কৰে। ফলত ৪৫ জন শিক্ষাৰ্থী গুৰুতৰ ভাবে আহত হয়।আঘাতপ্ৰাপ্তসকলৰ ভিতৰত বেছিভাগেই ছাত্ৰী বুলি জানিব পৰা গৈছে।   ছ'চিয়েল মিডিয়াত যুৱক দুজনৰ মৃতদেহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী সমদল উলিয়াইছিল। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ মুখামুখি হৈছিল আৰু আৰক্ষীয়ে  তেওঁলোকক মুখ্যমন্ত্ৰীৰ সচিবালয়ত উপস্থিত হোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল। এই ঘটনাত আহত প্ৰতিবাদকাৰীসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।


কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে কেন্দ্ৰকমণিপুৰ প্ৰসংগত  "নিষ্ক্ৰিয়তাৰ" বাবে সমালোচনা কৰি কয় -মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰই  নিজকে লজ্জিত অনুভৱ  কৰিব লাগে। তেওঁ যে  মণিপুৰত  শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য।
তেওঁ এক্সত লিখিছে  "মণিপুৰৰ পৰা অধিক ভয়াৱহ খবৰ আহি আছে। শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে। তেওঁলোকক সুৰক্ষা দিবলৈ আমি যিমান পাৰো সেয়া কৰাটো আমাৰ কৰ্তব্য। মণিপুৰত সংঘটিত ভয়ংকৰ অপৰাধবোৰৰ কথা প্ৰকাশ কৰিবলৈ  শব্দৰ অভাৱ, তথাপিও সেয়া অবিৰতভাৱে অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে।" ইপিনে অপহৰণ কৰি নি হত্যা কৰা দুজন শিক্ষাৰ্থীক ফিজাম হেমজিত (২০) আৰু হিজাম লিন্থোইঙ্গাম্বি (১৭) বুলি চিনাক্ত কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন