--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিচালক-অভিনেত্ৰী কংগনা ৰানাৱত প্ৰায়ে শিৰোনামত থাকে, কেতিয়াবা কামৰ বাবে, কেতিয়াবা বিতৰ্কৰ বাবে। বিস্ফোৰক মন্তব্যৰে নহয়, এইবাৰ তেওঁ এগৰাকী প্ৰবীণ অভিনেত্ৰীগৰাকীক নিজৰ লগত তুলনা কৰি সকলোকে আচৰিত কৰি তুলিলে।

কংগনাই নিজকে বিখ্যাত অভিনেত্ৰী মধুবালাৰ দৰে একে দেখা পায়। মধুবালাৰ মৃত্যু বাৰ্ষিকীত কংগনাই কয় যে সৰুতে তেওঁক মধুবালাৰ দৰে দেখা গৈছিল।

মধুবালাৰ কোলাজ আৰু তেওঁৰ ফটো শ্বেয়াৰ কৰি কংগনাই ইনষ্টাগ্ৰামত লিখিছে, ''মানুহে বিচৰাৰ দৰে মই পৰ্দাত মধুবালা হৈ পৰো। গতিকে ভাবিলোঁ অভিনয় আৰম্ভ কৰাৰ সময়ত মই কম বয়সীয়া মধুবালাৰ প্ৰতিৰূপ নেকি?”

কংগনাই ক’লা ব্লাউজ আৰু স্কাৰ্ট পিন্ধা এখন ছবিও শ্বেয়াৰ কৰি লিখিছে, “অ’ গড! সেইটোৱেই আছিল মোৰ চলচ্চিত্ৰ জগতৰ প্ৰথম বছৰ।”

কংগনাৰ এই প’ষ্টটোৰ পাছতে ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিজকে মধুবালাৰ দৰে কিংম্বদন্তিৰ স’তে তুলনা কৰাক লৈ ভাল পোৱা নাই বহুতে।

প্ৰসংগক্ৰমে, মধুবালা যোৱা শতিকাৰ চল্লিশ-পঞ্চাশৰ দশকত আৰু ষাঠিৰ দশকৰ আৰম্ভণিতে বলীউডৰ অন্যতম ডাঙৰ তাৰকা আছিল। ১৯৬০ চনত দিলীপ কুমাৰ আৰু মধুবালা অভিনীত মোগল-ই-আজম ভাৰতৰ অন্যতম বৃহৎ ছবি। ‘নীল কমল’ (১৯৪৭), ‘মহল’ (১৯৪৯), ‘তৰানা’ (১৯৫১), ‘চলতী কা নাম গৰৈ’ (১৯৫৮), ‘হাফ টিকট’ (১৯৬২) আদি ছবিত তেওঁৰ অভিনয় স্মৰণীয়। মাত্ৰ ৫৬ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু