--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শীৰ্ষ অভিনেত্ৰী আলিয়া ভাটে সঞ্জয় লীলা ভাঞ্চালীৰ ‘গাংগুবাই কঠিয়াৱাদী’ ছবিৰ বাবে আজি ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে। অনুৰাগীসকলে আলিয়াৰ সাজ-পোছাকৰ বাবে উৎসাহী হৈ পৰিছে। অনুষ্ঠানটোলৈ তেওঁ বিয়াৰ শাৰীখন পিন্ধি গৈছিল।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অভিনেতা-স্বামী ৰণবীৰ কাপুৰৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰীমৰঙৰ বিয়াৰ শাৰীখন পুনৰ পিন্ধে আলিয়া ভাটে।

বলীউডৰ তাৰকাগৰাকীয়ে যোৱা বছৰ এপ্ৰিল মাহত ৰণবীৰৰ সৈতে বিবাহপাশত আৱ্দ্ধ হৈছিল। অনুৰাগীয়ে ফেন একাউণ্টৰ কমেণ্ট ছেকচনত অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰে।

উল্লেখ্য যে সঞ্জয় লীলা ভাঞ্চালীৰ গংগুবাই কঠিয়াৱাড়ীত অভিনয় কৰি আলিয়াই শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাপকসকলক বঁটা প্ৰদান কৰে।

'মিমি' ছবিত অভিনয়ৰ বাবে এই বঁটা লাভ কৰা কৃতি ছাননৰ সৈতে আলিয়াই ভাগ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু