--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ পত্নী হাচিন জাহানে ক্ৰিকেটাৰগৰাকীৰ বিৰু্দ্ধে কৰিছে গুৰুতৰ অভিযোগ। মহম্মদ ছামী আৰু হাচিন জাহানৰ সম্পৰ্কত এতিয়া ঘুণে ধৰিছে। দুয়োৰে বিবাহ বিচ্ছেদ হোৱা নাই যদিও দুয়ো পৃথকে থাকে। শেহতীয়াকৈ হাচিনে কয় যে মহম্মদ ছামীয়ে তেওঁলোক পৃথকে থকাৰ পাছৰে পৰা কন্যা সন্তানৰ কোনো খবৰ লোৱা নাই। ঈদৰ দিনাও ছামীয়ে কোনো ভাল উপহাৰ পঠোৱা নাছিল। যোৱা মাহত ছোৱালীজনীৰ জন্মদিন আছিল, গতিকে হাচিনে ছামীক মেছেজ কৰি কন্যাৰ কাৰণে উপহাৰ এটা পঠাবলৈ কয়। তাৰপাছত ছামীয়ে এটা ফ্ৰক উপহাৰ হিচাপে পঠালে।

মহম্মদ ছামীৰ পত্নী হাচিন জাহান সদায় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে, সেয়া লাগিলে বিতৰ্ক বিষয়েই হওক বা সাধাৰণ বিষয়য়েই হওক। ছামীৰ বিৰুদ্ধে প্ৰায়ে হাছিনে গুৰুতৰ অভিযোগ উত্থাপন কৰি থাকে। তেওঁ ছামীৰ বিৰুদ্ধে অসাৱধানতাৰ অভিযোগ উত্থাপন কৰে। কিন্তু এই বিষয়ত কোনো দিন মুখ খোলা নাই ছামীয়ে।

বৰ্তমান ভাৰতীয় দলটোৰ অন্যতম বিশ্বাসযোগ্য নাম হৈছে মহম্মদ ছামী। তিনিওটা ফৰ্মেটতে তেওঁ দক্ষতাৰে খেলি আছে। বিবাহিত জীৱন সুখৰ হৈ থকা নাই যদিও ছামীয়ে তাৰ প্ৰভাৱ কেৰিয়াৰত পৰিবলৈ দিয়া নাই। কিছুদিন আগতে ছামীয়ে এখন নতুন গাড়ী কিনিছিল। জাগুয়াৰ এফ টাইপ গাড়ীখনৰ দাম ৯৮.১৩ লাখ টকা। সেই গাড়ীখনৰ ছবি তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট যোগে শ্বেয়াৰ কৰিছিল। তাৰপাছতেই হাচিনৰ খং উঠে ছামিৰ ওপৰত।

হাচিন জাহানে কয় যে ”ছামীয়ে নিজে দামী গাড়ী কিনিছে। মই আমাৰ ছোৱালীজনীৰ জন্মদিনত তেওঁক এটা উপহাৰ পঠাবলৈ কৈছিলো। ছামীয়ে পঠোৱা ফ্ৰকটো হয়তো ফুটপাথৰ পৰা কিনিছিল। ফ্ৰকটোৰ দাম ৫০-১০০ টকাতকৈ বেছি নহয়। মোৰ ঘৰত বনকৰা মহিলাক মই ইয়াতকৈ বহু গুণে ভাল কাপোৰ উপহাৰ দিওঁ। ছোৱালীজনীৰ জন্মদিনত পঠোৱা ফ্ৰকটো আকাৰতো সৰু আছিল। তেওঁ কোটি কোটি টকা উপাৰ্জন কৰে যদিও ছোৱালীজনীৰ চোৱা-চিতা নকৰে।”

হাচিন জাহানে লগতে কয় যে ছামীয়ে তেওঁৰ অধিবক্তাক টকাৰে কিনিছে। তেওঁ কয়, ”মোৰ ছোৱালী স্কুললৈ যায়, ডান্স ক্লাছলৈ যায়। এতিয়া তাই ডাঙৰ হৈ আহিছে, মোক প্ৰশ্ন কৰে সকলো ল'ৰা-ছোৱালীৰে লগত দেউতাক থাকে, মোৰ লগত কিয় দেউতা নাথাকে। কি উত্তৰ দিম নাজানো। দেউতাকে মেছেজৰ উত্তৰ নিদিয়ে, ফোন নকৰে।”

২০১৪ চনৰ ৭ এপ্ৰিলত মডেল হাচিন জাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মহম্মদ ছামী। ইয়াৰ পিছত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়াৰ লিডাৰ হৈ পৰে আৰু প্ৰায় প্ৰতিখন মেচতে তেওঁক দেখা গৈছিল। মহম্মদ ছামীৰ সৈতে হোৱা বিবাদৰ বাবে বহুদিন ধৰি কন্যাক লগত লৈ বিচ্ছিন্ন হৈ আছে হাচিন। ২০১৮ চনত মহম্মদ ছামীৰ বিৰুদ্ধে তেওঁৰ পত্নী হাচিন জাহানে আক্ৰমণ, ধৰ্ষণ, হত্যাৰ চেষ্টা আৰু ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু