--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ পত্নী হাচিন জাহানে ক্ৰিকেটাৰগৰাকীৰ বিৰু্দ্ধে কৰিছে গুৰুতৰ অভিযোগ। মহম্মদ ছামী আৰু হাচিন জাহানৰ সম্পৰ্কত এতিয়া ঘুণে ধৰিছে। দুয়োৰে বিবাহ বিচ্ছেদ হোৱা নাই যদিও দুয়ো পৃথকে থাকে। শেহতীয়াকৈ হাচিনে কয় যে মহম্মদ ছামীয়ে তেওঁলোক পৃথকে থকাৰ পাছৰে পৰা কন্যা সন্তানৰ কোনো খবৰ লোৱা নাই। ঈদৰ দিনাও ছামীয়ে কোনো ভাল উপহাৰ পঠোৱা নাছিল। যোৱা মাহত ছোৱালীজনীৰ জন্মদিন আছিল, গতিকে হাচিনে ছামীক মেছেজ কৰি কন্যাৰ কাৰণে উপহাৰ এটা পঠাবলৈ কয়। তাৰপাছত ছামীয়ে এটা ফ্ৰক উপহাৰ হিচাপে পঠালে।

মহম্মদ ছামীৰ পত্নী হাচিন জাহান সদায় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকে, সেয়া লাগিলে বিতৰ্ক বিষয়েই হওক বা সাধাৰণ বিষয়য়েই হওক। ছামীৰ বিৰুদ্ধে প্ৰায়ে হাছিনে গুৰুতৰ অভিযোগ উত্থাপন কৰি থাকে। তেওঁ ছামীৰ বিৰুদ্ধে অসাৱধানতাৰ অভিযোগ উত্থাপন কৰে। কিন্তু এই বিষয়ত কোনো দিন মুখ খোলা নাই ছামীয়ে।

বৰ্তমান ভাৰতীয় দলটোৰ অন্যতম বিশ্বাসযোগ্য নাম হৈছে মহম্মদ ছামী। তিনিওটা ফৰ্মেটতে তেওঁ দক্ষতাৰে খেলি আছে। বিবাহিত জীৱন সুখৰ হৈ থকা নাই যদিও ছামীয়ে তাৰ প্ৰভাৱ কেৰিয়াৰত পৰিবলৈ দিয়া নাই। কিছুদিন আগতে ছামীয়ে এখন নতুন গাড়ী কিনিছিল। জাগুয়াৰ এফ টাইপ গাড়ীখনৰ দাম ৯৮.১৩ লাখ টকা। সেই গাড়ীখনৰ ছবি তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট যোগে শ্বেয়াৰ কৰিছিল। তাৰপাছতেই হাচিনৰ খং উঠে ছামিৰ ওপৰত।

হাচিন জাহানে কয় যে ”ছামীয়ে নিজে দামী গাড়ী কিনিছে। মই আমাৰ ছোৱালীজনীৰ জন্মদিনত তেওঁক এটা উপহাৰ পঠাবলৈ কৈছিলো। ছামীয়ে পঠোৱা ফ্ৰকটো হয়তো ফুটপাথৰ পৰা কিনিছিল। ফ্ৰকটোৰ দাম ৫০-১০০ টকাতকৈ বেছি নহয়। মোৰ ঘৰত বনকৰা মহিলাক মই ইয়াতকৈ বহু গুণে ভাল কাপোৰ উপহাৰ দিওঁ। ছোৱালীজনীৰ জন্মদিনত পঠোৱা ফ্ৰকটো আকাৰতো সৰু আছিল। তেওঁ কোটি কোটি টকা উপাৰ্জন কৰে যদিও ছোৱালীজনীৰ চোৱা-চিতা নকৰে।”

হাচিন জাহানে লগতে কয় যে ছামীয়ে তেওঁৰ অধিবক্তাক টকাৰে কিনিছে। তেওঁ কয়, ”মোৰ ছোৱালী স্কুললৈ যায়, ডান্স ক্লাছলৈ যায়। এতিয়া তাই ডাঙৰ হৈ আহিছে, মোক প্ৰশ্ন কৰে সকলো ল'ৰা-ছোৱালীৰে লগত দেউতাক থাকে, মোৰ লগত কিয় দেউতা নাথাকে। কি উত্তৰ দিম নাজানো। দেউতাকে মেছেজৰ উত্তৰ নিদিয়ে, ফোন নকৰে।”

২০১৪ চনৰ ৭ এপ্ৰিলত মডেল হাচিন জাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মহম্মদ ছামী। ইয়াৰ পিছত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়াৰ লিডাৰ হৈ পৰে আৰু প্ৰায় প্ৰতিখন মেচতে তেওঁক দেখা গৈছিল। মহম্মদ ছামীৰ সৈতে হোৱা বিবাদৰ বাবে বহুদিন ধৰি কন্যাক লগত লৈ বিচ্ছিন্ন হৈ আছে হাচিন। ২০১৮ চনত মহম্মদ ছামীৰ বিৰুদ্ধে তেওঁৰ পত্নী হাচিন জাহানে আক্ৰমণ, ধৰ্ষণ, হত্যাৰ চেষ্টা আৰু ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ