--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰীড়া জগতৰ বাবে পুৱাই এক দু:সংবাদ। বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই বিভিন্ন তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (AIFF) ক নিলম্বিত কৰিছে। ফিফাই আজি জাৰী কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰে যে তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় প্ৰভাৱ ফিফা আইনৰ এক গুৰুতৰ উলংঘন। সেয়েহে ব্যুৰো ‘অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে ফিফাই তাৎক্ষণিক ভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ সিদ্ধান্ত লয়। 

এই নিলম্বনৰ লগে লগে ১১-৩০ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ, ২০২২ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আহি পৰিছে। তদুপৰি এই নিলম্বন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত ভাৰতে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ফিফাই বিবৃতিত লগতে কয় যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা বাতিল কৰা হৈছে আৰু ভাৰতীয় ফুটবল সংস্থাটোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হস্তক্ষেপলৈ অনাৰ পিছত নিলম্বন উঠাই লোৱা হ'ব।

উল্লেখ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিগত মে’ মাহত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক ভংগ কৰি ভাৰতীয় ফুটবলৰ পৰিচালনা, AIFF ৰ সংবিধান সংশোধন আৰু ১৮ মাহ ধৰি স্থগিত হৈ থকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এখন তিনিজনীয়া সমিতি নিয়োগ কৰিছিল।

ইয়াৰ পিছতেই ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেশ্যনে সংস্থাৰ শীৰ্ষ বিষয়ববীয়াৰ এটা দল প্ৰেৰণ কৰে। এই দলটোৱে ভাৰতীয় ফুটবলৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জুলাইৰ শেষৰ ফালে AIFF ৰ সংবিধান সংশোধন কৰাৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰে আৰু পৰৱৰ্তী সময়ত ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে ফিফা পৰিষদৰ সদস্য প্ৰফুল পেটেলৰ নেতৃত্বত ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল। কিন্তু সংস্থাৰ সংবিধান সংশোধনক লৈ হোৱা অচলাৱস্থাৰ বাবে এই নিৰ্বাচন স্থগিত ৰখা হৈছিল।

অৱশ্যে ফিফাই জানিবলৈ দিয়া মতে ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৱে এই বিষয়ত ধাৰাবাহিকভাৱে গঠনমূলক আলোচনাত মিলিত হৈছে আৰু বিষয়টোৰ এক ইতিবাচক ফলাফল পোৱা যাব বুলি আশাবাদী।  

ফিফাৰ আইন অনুসৰি বিভিন্ন দেশৰ সংস্থাৰ সদস্য ফেডাৰেচনসমূহ দেশৰ আইনী আৰু ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হ'ব লাগিব। ফিফাই পূৰ্বেও এনে অভিযোগৰ বাবে আন কেইবাটাও ৰাষ্ট্ৰীয় ফুটবল সংস্থাক নিলম্বন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ