--°C
Loading...
Listen to Article
2 min read
80%
সময়ৰ ডেউকাত উঠি উৰি আহিল পুনৰ এটা নতুন বর্ষ। কিছু আশা, কিছু সপোন, কিছু হেঁপাহৰ মুঠি মুঠি ৰং আমাৰ জীৱনত ছটিয়াই দিলেহি এই নতুন সময়ে। পুৰণিক বিদায় জনোৱাৰ ক্ষণ বৰ কষ্টদায়ক। তথাপি প্ৰকৃতিৰ নিয়ম মানি নতুনক আদৰাটোৱেই যে অৱধাৰিত নিয়ম। 

We must all obey the great law of change.
This is the most powerful law of nature. -Edmund Burke

সঁচাকৈয়ে প্ৰকৃতিৰ এই শক্তিশালী নিয়ম মানিবলৈ আমি বাধ্য। প্ৰকৃতিৰ পৰিৱৰ্তনৰ এই শক্তিশালী নিয়মেই আমাক শিকাই যায় নতুনক আঁকোৱালি লোৱা...নতুনক আদৰি লোৱা। বেলিৰ পোহৰ একেই আছে, একেদৰেই ফুলিছে ফুল, বলিছে বতাহ...সময়ৰ চক্ৰবৎ গতিত মাথোঁ সলনি হ'ল চন আৰু কেলেণ্ডাৰখন।

সময়ৰ পৰিৱৰ্তন এক প্রাকৃতিক নিয়ম। পৃথিৱীৰ এয়াই সত্য ৰূপ। ইয়াক বাধা দিব নোৱাৰি। সময়ৰ চেকুৰত সকলো সলনি হয়। আজি যি নতুন, কাইলৈ সেয়াই হ'ব পুৰণি। নতুনৰ আগমন আৰু পুৰণিৰ প্ৰস্থানতেই পৰিচালিত হয় পৃথিৱীৰ গতিশীল যাত্রা। ‘২০২৫’ নামৰ এটা নতুন বৰ্ষই আঁকোৱালি ল'লে আমাক। আমিও নতুন সময়ক আদৰণি জনাই কৈছোঁ ‘স্বাগতম ২০২৫’। 

আজি যিহেতু নতুন দিন, সেয়ে পুৰণি সকলো কথা একাষৰীয়াকৈ ৰাখি কথা পাতিম কেৱল নতুনৰ... |
'নৱবর্ষ'— এই শব্দটোৱেই ইমান কোমল যে শুনিলেই কলিজা জুৰ পৰে। নতুন নতুন গোন্ধ চৌপাশে ওপঙি থাকে বতাহত। পোহৰ-সন্ধানী বাট এটাই আমাক হাত বাউলি মাতি থাকে, যি বাটেৰে আগুৱাই গ'লে আমি দেখা পাম যেন নিজক উন্মোচন কৰা পোহৰৰ ফল্গুধাৰা। নতুন সময়ে আমাক সজীৱ কৰে। নতুন সময়ে ন ন প্রতিশ্ৰুতিৰে বিগত বছৰৰ আধৰুৱা কামবোৰ নতুন বছৰত সম্পূৰ্ণ কৰিবই লাগিব বুলি আমাক প্ৰেৰণা যোগায়। অতীতৰ পৃষ্ঠা খোলাৰ পৰা বিৰত থাকো আহক। বৰ্তমানৰ পৃষ্ঠাত নতুন কথাবোৰ লিখি ভৰুণ কৰিম জীৱনক। নতুনত্বই মানুহৰ জীৱনলৈ উৎফুল্লতা কঢ়িয়াই আনে। উদ্যম জগাই তোলে, কাৰণ নতুন শব্দটোতেই আছে এক শিহৰণ। 

নতুন সকলো বস্তুৱেই মানুহৰ ভাল লাগে। নতুনে সহজে মানুহক আকৰ্ষণ কৰে। সেয়ে নতুন বছৰটো আকর্ষণীয় কৰি তোলাৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। আশা, প্রত্যাশা, হেঁপাহ, সপোন, মৰম-ভালপোৱাৰ এধানি এধানি ৰং ছটিয়াই আমি জীৱনটো সজাব লাগিব। এই যে আমি আকৌ এটা নতুন বছৰ আমাৰ মাজত পালো সেয়া ঈশ্বৰৰ আশীৰ্বাদ। জীৱন জীয়াবলৈ পুনৰ এটা নতুন বছৰ আমাক উপহাৰ দিলে সময়ে। এই আশীর্বাদ উপহাৰৰ সঠিক মূল্যায়ন কৰিবলৈ আহক আমি জীৱনৰ দুৰ্ঘোৰ প্ৰেমিক হওঁ, প্রাণভৰি ভালপাওঁ জীৱনক। জীৱনটোক পৰিপূর্ণভাবে উপভোগ কৰিব পাৰিলে সুখ-দুখ, হাঁহি-কান্দোন, প্রাপ্তি-অপ্ৰাপ্তি নিজেই গৌণ হৈ ধৰা দিব। জীৱন ধুনীয়া বুলি ভাবিব পাৰিলেই পৃথিৱীখনো ধুনীয়া হৈ দুচকুত ধৰা দিব।

নৱবৰ্ষত মানুহে ইজনে সিজনৰ সুখ, শান্তি, সমৃদ্ধিৰ কামনা কৰি উত্তৰণৰ চিন্তা কৰি শুভেচ্ছা জনায়। নতুন সময়ৰ শুভেচ্ছা জ্ঞাপন কৰাটো নৱবৰ্ষৰ অবিচ্ছেদ্য অংগ। এইবাৰ আহকচোন নৱবৰ্ষৰ এই নৱপ্রভাতত আনৰ লগতে আমি নিজকো শুভেচ্ছা জনাওঁ সকলোৰে প্ৰতি শুভ চিন্তা, সদ্ভাৱ, ভালপোৱা, আন্তৰিকতা ৰাখি সমাজত প্ৰেমৰ বীজ সিঁচিম। নিজক জীয়াই ৰাখি আনৰ বাবেও জীয়াবলৈ চেষ্টা কৰিম। ভালবোৰ বিলাই দিম যিমান পাৰি সিমান। নিজেও ভালে থাকিম, আনকো ভালে ৰাখিম। নিজ জাতি-মাটি, ভাষা ভালপোৱা হিচাপে নিজক গঢ়িম... মুঠতে আমি ধুনীয়া পৃথিৱীখনক কুশলে ৰাখিম।

শুভ নৱবর্ষ-২০২৫

কস্তুৰী বৰঠাকুৰ




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ