--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী জীয়াই আছে। কিন্তু নিজকে বিধৱা বুলি দাবী কৰি দীৰ্ঘদিন ধৰি বিধৱা পেঞ্চন আদায় কৰি আহিছে কেইবাগৰাকীও তিৰোতাই। এই অভিযোগতে অঞ্চলটোৰ বিডিঅ’ই থানাত ১২ গৰাকী মহিলাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ঝাৰখণ্ডৰ ছিমডেগাত হৈছে এই কাণ্ড। অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বহুদিন ধৰি কেইবাগৰাকীও মহিলাই অনৈতিকভাৱে চৰকাৰী ভাট্টা লোৱাৰ অভিযোগ কৰে পংকজ কুমাৰ নামৰ বিডিঅ’ই। আৰক্ষীৰ আগত অভিযুক্তৰ নাম উল্লেখ কৰি বিডিঅ'ই দাবী কৰে যে, "যোৱা ৮-১০ মাহ ধৰি ১২ গৰাকী তিৰোতাই বিধৱা ভাট্টা লৈছিল।"

তাৰপাছতে প্ৰশাসনে নতুনকৈ অডিট কৰে। ইয়াৰ পিছত এই ঘটনাটো গম পালে। মুঠ ১২ গৰাকী মহিলাই নথি-পত্ৰ জাল কৰি বা ভুৱা তথ্য দি এই কাম কৰিছিল।

কিন্তু অভিযুক্তই ইমান মাহৰ চৰকাৰী ভাট্টা কেনেকৈ পালে সেই সন্দৰ্ভত কোনো উত্তৰ নিদিলে প্ৰশাসনে। বিডিঅ'ৰ মতে, "কোনো তথ্য জমা নিদিয়াকৈ সেই মহিলাসকলে কেনেকৈ ধন উলিয়ালে সেয়া এক ৰহস্য।" হিতাধিকাৰীৰ তালিকাত সেই মহিলাসকলৰ নাম পোনপটীয়াকৈ থকা বুলি দাবী কৰে। যদি আছে, তেন্তে প্ৰশাসনৰ ভিতৰৰ পৰা এই দুৰ্নীতিত কোনোবাই সহায় কৰিছে নেকি? বিডিঅ’ই কয় যে আৰক্ষীয়ে তদন্ত কৰিব।

বিডিঅ’ই ১২ গৰাকী মহিলাৰ নাম থানাত দাখিল কৰিছে। তদন্তকাৰীয়ে জনোৱা মতে, মহিলাসকলে অবৈধভাৱে ‘মুখ্যমন্ত্ৰী ৰাজ্য মহিলা নিৰশ্ৰিত বিধান মহিলা সন্মান যোজনা’ৰ পৰা ধন লোৱাৰ অভিযোগক গুৰুত্বসহকাৰে চোৱা হৈছে।’’

মন কৰিবলগীয়া যে ঝাৰখণ্ডত ১৮ৰ পৰা ৬০ বছৰ বয়সৰ বিধৱাৰ বাবে ৰাজ্য চৰকাৰৰ এই আঁচনিৰ জৰিয়তে লাখ লাখ বিধৱাই সকাহ পাইছে। যদি বিধৱাৰ সন্তান বা নাতি নাবালিকা হয় তেন্তে ঝাৰখণ্ড চৰকাৰেও তেওঁলোকৰ পঢ়া-শুনাৰ বাবে মাহিলী ভাট্টা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন