--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী জীয়াই আছে। কিন্তু নিজকে বিধৱা বুলি দাবী কৰি দীৰ্ঘদিন ধৰি বিধৱা পেঞ্চন আদায় কৰি আহিছে কেইবাগৰাকীও তিৰোতাই। এই অভিযোগতে অঞ্চলটোৰ বিডিঅ’ই থানাত ১২ গৰাকী মহিলাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ঝাৰখণ্ডৰ ছিমডেগাত হৈছে এই কাণ্ড। অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বহুদিন ধৰি কেইবাগৰাকীও মহিলাই অনৈতিকভাৱে চৰকাৰী ভাট্টা লোৱাৰ অভিযোগ কৰে পংকজ কুমাৰ নামৰ বিডিঅ’ই। আৰক্ষীৰ আগত অভিযুক্তৰ নাম উল্লেখ কৰি বিডিঅ'ই দাবী কৰে যে, "যোৱা ৮-১০ মাহ ধৰি ১২ গৰাকী তিৰোতাই বিধৱা ভাট্টা লৈছিল।"

তাৰপাছতে প্ৰশাসনে নতুনকৈ অডিট কৰে। ইয়াৰ পিছত এই ঘটনাটো গম পালে। মুঠ ১২ গৰাকী মহিলাই নথি-পত্ৰ জাল কৰি বা ভুৱা তথ্য দি এই কাম কৰিছিল।

কিন্তু অভিযুক্তই ইমান মাহৰ চৰকাৰী ভাট্টা কেনেকৈ পালে সেই সন্দৰ্ভত কোনো উত্তৰ নিদিলে প্ৰশাসনে। বিডিঅ'ৰ মতে, "কোনো তথ্য জমা নিদিয়াকৈ সেই মহিলাসকলে কেনেকৈ ধন উলিয়ালে সেয়া এক ৰহস্য।" হিতাধিকাৰীৰ তালিকাত সেই মহিলাসকলৰ নাম পোনপটীয়াকৈ থকা বুলি দাবী কৰে। যদি আছে, তেন্তে প্ৰশাসনৰ ভিতৰৰ পৰা এই দুৰ্নীতিত কোনোবাই সহায় কৰিছে নেকি? বিডিঅ’ই কয় যে আৰক্ষীয়ে তদন্ত কৰিব।

বিডিঅ’ই ১২ গৰাকী মহিলাৰ নাম থানাত দাখিল কৰিছে। তদন্তকাৰীয়ে জনোৱা মতে, মহিলাসকলে অবৈধভাৱে ‘মুখ্যমন্ত্ৰী ৰাজ্য মহিলা নিৰশ্ৰিত বিধান মহিলা সন্মান যোজনা’ৰ পৰা ধন লোৱাৰ অভিযোগক গুৰুত্বসহকাৰে চোৱা হৈছে।’’

মন কৰিবলগীয়া যে ঝাৰখণ্ডত ১৮ৰ পৰা ৬০ বছৰ বয়সৰ বিধৱাৰ বাবে ৰাজ্য চৰকাৰৰ এই আঁচনিৰ জৰিয়তে লাখ লাখ বিধৱাই সকাহ পাইছে। যদি বিধৱাৰ সন্তান বা নাতি নাবালিকা হয় তেন্তে ঝাৰখণ্ড চৰকাৰেও তেওঁলোকৰ পঢ়া-শুনাৰ বাবে মাহিলী ভাট্টা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা