--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এগৰাকী ২২ বছৰীয়া মহিলাক বৃহস্পতিবাৰে এগৰাকী শ্বপিং মলৰ কৰ্মচাৰীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অভিযুক্তজনক পায়েল ভাটি বুলি চিনাক্ত কৰা হৈছে। লগতে মৃতব্যক্তিজনৰ হেমা চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ উত্থাপিত হৈছে যে,  পায়েলে নিজকে মৃত বুলি প্ৰমাণ কৰিবলৈ  গৌৰ চিটি মলৰ কৰ্মচাৰী হেমাক হত্যা কৰিছিল। ইয়াৰ পিছত, তেওঁ মৃত যুৱতীগৰাকীৰ  কাপোৰ পিন্ধিছিল আৰু এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে , 
সঁচাকৈয়ে  পায়েলৰ মৃত্যু হৈছে যেন লাগিছিল৷ 

আৰক্ষীৰ সূত্ৰ অনুসৰি, হেমা অভিযুক্ত পায়েল আৰু তেওঁৰ প্ৰেমিক অজয় ঠাকুৰৰ বন্ধু আছিল। অভিযুক্তজনে হেমা আৰু পায়েলৰ সৈতে বন্ধুত্ব কৰিছিল কাৰণ তেওঁলোকৰ শাৰীৰিক ৰূপত সাদৃশ্য আছিল।

আৰক্ষীৰ সূত্ৰঅনুসৰি, পায়েল আৰু অজয়ে কাম শেষ কৰাৰ পিছত গৌৰ চিটি মল এৰি হেমাক বধপুৰাত থকা তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল। তাত হেমাক হত্যা কৰাৰ পিছত, অভিযুক্তজনে তাইৰ মণিবন্ধন  কাটি পেলাইছিল। মুখখন বিকৃত কৰিবলৈ গৰম তেল ঢালি দিয়া হৈছিল । আনকি হেমাৰ হৈ ভুৱা চুইচাইড নোটো লিখিছিল পায়েলে৷ 

আৰক্ষীয়ে জনোৱা অনুসৰি, হেমাক পায়েল আৰু অজয়ে হত্যা কৰাৰ মাত্ৰ এসপ্তাহ পিছত ১৯ নৱেম্বৰত বুলন্দ চহৰৰ এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয়।

 পৰৱৰ্তী সময়ত মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা  চুইচাইড নোট অনুসৰি, যুৱতীগৰাকীৰ মৃতদেহ  পৰিয়ালক হস্তান্তৰ কৰা হৈছিল কিয়নো ইয়াক পায়েলৰ বুলি গণ্য কৰা হৈছিল।
পিছত পৰিয়ালৰ পৰা কোনো প্ৰশ্ন নোহোৱাকৈ মৃতদেহটো সৎকাৰ কৰা হৈছিল। যদিও মুখখন চিনাক্ত কৰা হোৱা নাছিল, মুখমণ্ডলৰ সাদৃশ্যৰ বাবে, তেওঁলোকে স্বীকাৰ কৰিছিল যে এই শৰীৰটো পায়েলৰ আছিল।

অৱশেষত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলায় আৰু পায়েলক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে৷   আৰক্ষীয়ে  বৃহস্পতিবাৰে বুন্দালচহৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক