--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এগৰাকী ২২ বছৰীয়া মহিলাক বৃহস্পতিবাৰে এগৰাকী শ্বপিং মলৰ কৰ্মচাৰীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অভিযুক্তজনক পায়েল ভাটি বুলি চিনাক্ত কৰা হৈছে। লগতে মৃতব্যক্তিজনৰ হেমা চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ উত্থাপিত হৈছে যে,  পায়েলে নিজকে মৃত বুলি প্ৰমাণ কৰিবলৈ  গৌৰ চিটি মলৰ কৰ্মচাৰী হেমাক হত্যা কৰিছিল। ইয়াৰ পিছত, তেওঁ মৃত যুৱতীগৰাকীৰ  কাপোৰ পিন্ধিছিল আৰু এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে , 
সঁচাকৈয়ে  পায়েলৰ মৃত্যু হৈছে যেন লাগিছিল৷ 

আৰক্ষীৰ সূত্ৰ অনুসৰি, হেমা অভিযুক্ত পায়েল আৰু তেওঁৰ প্ৰেমিক অজয় ঠাকুৰৰ বন্ধু আছিল। অভিযুক্তজনে হেমা আৰু পায়েলৰ সৈতে বন্ধুত্ব কৰিছিল কাৰণ তেওঁলোকৰ শাৰীৰিক ৰূপত সাদৃশ্য আছিল।

আৰক্ষীৰ সূত্ৰঅনুসৰি, পায়েল আৰু অজয়ে কাম শেষ কৰাৰ পিছত গৌৰ চিটি মল এৰি হেমাক বধপুৰাত থকা তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল। তাত হেমাক হত্যা কৰাৰ পিছত, অভিযুক্তজনে তাইৰ মণিবন্ধন  কাটি পেলাইছিল। মুখখন বিকৃত কৰিবলৈ গৰম তেল ঢালি দিয়া হৈছিল । আনকি হেমাৰ হৈ ভুৱা চুইচাইড নোটো লিখিছিল পায়েলে৷ 

আৰক্ষীয়ে জনোৱা অনুসৰি, হেমাক পায়েল আৰু অজয়ে হত্যা কৰাৰ মাত্ৰ এসপ্তাহ পিছত ১৯ নৱেম্বৰত বুলন্দ চহৰৰ এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয়।

 পৰৱৰ্তী সময়ত মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা  চুইচাইড নোট অনুসৰি, যুৱতীগৰাকীৰ মৃতদেহ  পৰিয়ালক হস্তান্তৰ কৰা হৈছিল কিয়নো ইয়াক পায়েলৰ বুলি গণ্য কৰা হৈছিল।
পিছত পৰিয়ালৰ পৰা কোনো প্ৰশ্ন নোহোৱাকৈ মৃতদেহটো সৎকাৰ কৰা হৈছিল। যদিও মুখখন চিনাক্ত কৰা হোৱা নাছিল, মুখমণ্ডলৰ সাদৃশ্যৰ বাবে, তেওঁলোকে স্বীকাৰ কৰিছিল যে এই শৰীৰটো পায়েলৰ আছিল।

অৱশেষত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলায় আৰু পায়েলক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে৷   আৰক্ষীয়ে  বৃহস্পতিবাৰে বুন্দালচহৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু