--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গুৱাহাটী আই আই টিৰ ইতিহাসত প্ৰথমবাৰলৈ এজন  শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ল ২.৫ কোটি টকাৰ পেকেজ৷  এই পেকেজ লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীজন আই আই টি-গুৱাহাটীৰ এজন বিটেকৰ ছাত্ৰ৷ এটা বহুজাতিক কোম্পানীৰ ফালৰ পৰা এই প্ৰস্তাৱ লাভ কৰিছে ছাত্ৰগৰাকীয়ে।

জানিব  পৰা মতে ,এই  ২.৪ কোটি (চিটিচি)ৰ পেকেজ লাভ কৰাটো শিক্ষানুষ্ঠানখনৰ বাবে এক   এক বৃহৎ সাফল্যৰূপে পৰিগণিত হৈছে৷ 
সমান্তৰালভাৱে আন দুগৰাকী  বিটেক শিক্ষাৰ্থীয়েও  ১.১ কোটি টকাৰ  পেকেজ লাভ কৰিবলৈ সক্ষম হৈছে৷ 

উল্লেখ্য যে, আই আই টি গুৱাহাটীৰ  কেম্পাছ প্লেছমেণ্টত শিক্ষাৰ্থীসকলক কোটি কোটি টকাৰ পেকেজ আগবঢ়োৱা হয় যদিও  কভিডে সৃষ্টি কৰা মন্দাৱস্থাৰ  বাবে বিগত দুটা বছৰে এই প্লেছমেণ্ট বন্ধ হৈ আছিল। দুবছৰৰ অন্তত পুনৰ এনে পেকেজ লাভ কৰাত নথৈ আনন্দিত হৈ পৰিছে প্ৰতিষ্ঠানটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি৷ 

উল্লেখযোগ্য যে, চলিত বৰ্ষত  গুগল, মাইক্ৰ’ছফ্ট, জে পি মৰ্গান চেজ, আমেৰিকান এক্সপ্ৰেছ, টেক্সাছ ইনষ্ট্ৰুমেণ্টচ, উবেৰ, কোৱালকম, চি-ডট, এনফেজ এনাৰ্জি আৰু অৰেকল আদিত শিক্ষানুষ্ঠানটোৰ শিক্ষাৰ্থীসকলে নিযুক্তি লাভ কৰিছে৷ মুঠ  ১২৬৯ জন শিক্ষাৰ্থীৰ বিপৰীতে এই বছৰ  ২৬৪ টা কোম্পানীয়ে এই বছৰ প্লেচমেণ্টৰ বাবে পঞ্জীয়ন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু