--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গুৱাহাটী আই আই টিৰ ইতিহাসত প্ৰথমবাৰলৈ এজন  শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ল ২.৫ কোটি টকাৰ পেকেজ৷  এই পেকেজ লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীজন আই আই টি-গুৱাহাটীৰ এজন বিটেকৰ ছাত্ৰ৷ এটা বহুজাতিক কোম্পানীৰ ফালৰ পৰা এই প্ৰস্তাৱ লাভ কৰিছে ছাত্ৰগৰাকীয়ে।

জানিব  পৰা মতে ,এই  ২.৪ কোটি (চিটিচি)ৰ পেকেজ লাভ কৰাটো শিক্ষানুষ্ঠানখনৰ বাবে এক   এক বৃহৎ সাফল্যৰূপে পৰিগণিত হৈছে৷ 
সমান্তৰালভাৱে আন দুগৰাকী  বিটেক শিক্ষাৰ্থীয়েও  ১.১ কোটি টকাৰ  পেকেজ লাভ কৰিবলৈ সক্ষম হৈছে৷ 

উল্লেখ্য যে, আই আই টি গুৱাহাটীৰ  কেম্পাছ প্লেছমেণ্টত শিক্ষাৰ্থীসকলক কোটি কোটি টকাৰ পেকেজ আগবঢ়োৱা হয় যদিও  কভিডে সৃষ্টি কৰা মন্দাৱস্থাৰ  বাবে বিগত দুটা বছৰে এই প্লেছমেণ্ট বন্ধ হৈ আছিল। দুবছৰৰ অন্তত পুনৰ এনে পেকেজ লাভ কৰাত নথৈ আনন্দিত হৈ পৰিছে প্ৰতিষ্ঠানটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি৷ 

উল্লেখযোগ্য যে, চলিত বৰ্ষত  গুগল, মাইক্ৰ’ছফ্ট, জে পি মৰ্গান চেজ, আমেৰিকান এক্সপ্ৰেছ, টেক্সাছ ইনষ্ট্ৰুমেণ্টচ, উবেৰ, কোৱালকম, চি-ডট, এনফেজ এনাৰ্জি আৰু অৰেকল আদিত শিক্ষানুষ্ঠানটোৰ শিক্ষাৰ্থীসকলে নিযুক্তি লাভ কৰিছে৷ মুঠ  ১২৬৯ জন শিক্ষাৰ্থীৰ বিপৰীতে এই বছৰ  ২৬৪ টা কোম্পানীয়ে এই বছৰ প্লেচমেণ্টৰ বাবে পঞ্জীয়ন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক