--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে বৰ্তমান নিজৰ ছবি যশোদাৰ প্ৰচাৰত ব্যস্ত। কিছুদিন পূৰ্বে এই পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ মাই’চাইটিছ নামৰ অটোইম্যুন ৰোগৰ সৈতে যুঁজি আছে। অৱশ্যে তেওঁ কামলৈ ঘূৰি আহিছে। শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰৰ সময়ত নিজৰ স্বাস্থ্যৰ কথা কওঁতে আৱেগিক হৈ পৰে। এই সাক্ষাৎকাৰত সামান্থাই সংবাদ মাধ্যমৰ বাতৰিক লৈও ক্ষোভ প্ৰকাশ কৰিছে, য’ত তেওঁৰ অৱস্থাক গুৰুতৰ বুলি অভিহিত কৰা হৈছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সামান্থাই কয় যে তেওঁৰ অৱস্থা সংকটজনক নহয়। তেওঁ কয়, ‘মই মোৰ ইনষ্টাগ্ৰাম পোষ্টত কৈছিলো যে কিছুমান দিন ভাল আৰু কিছুমান বেয়া। আনকি মই অনুভৱ কৰোঁ যে আৰু এখোজ আগুৱাই যোৱাটোও সহজ নহয়, কিন্তু পিছলৈ ঘূৰি চালে আচৰিত হওঁ যে মই বহুখিনি লৈ ইমান দূৰলৈ আহিছো। মই ইয়ালৈ যুঁজিবলৈ আহিছো।'

অভিনেত্ৰীগৰাকীয়ে  পুনৰ কয়, ‘এতিয়া তিনিমাহ হ’ল। মই স্পষ্ট কৰিব বিচাৰিছো যে মই অতি সোনকালে মৃত্যুবৰণ নকৰো। বহুতো লেখা দেখিছোঁ য’ত এনে বহু কথা কোৱা হৈছিল। হয়, ই এটা অটোইম্যুন কণ্ডিচন আৰু ইয়াৰ বাবে সময় লাগে কিন্তু মই সদায় এজন যুঁজাৰু আৰু ময়ো ইয়াৰ বিৰুদ্ধে যুঁজিম।


উল্লেখযোগ্য যে কিছুদিনৰ আগতে সামান্থাই নিজৰ স্বাস্থ্যৰ বিষয়ে এটা ডাঙৰ কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ গুৰুতৰ ৰোগৰ সৈতে যুঁজি আছে। এটা দীঘলীয়া পোষ্ট লিখি তেওঁ চিকিৎসালয়ৰ ফটো এখন শ্বেয়াৰ কৰিলে। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ মাই’চাইটিছ নামৰ ৰোগৰ চিকাৰ হৈছে। হাস্পতালৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে সামান্থাই। এই কথা কৈ তেওঁ এটা দীঘলীয়া কেপচন লিখিলে।

'যশোদা'ত অতি সোনকালে দেখা যাব সামান্থা ৰুথ প্ৰভুক। তেলেগুৰ উপৰিও তামিল, কানাড়া, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব একচন থ্ৰিলাৰ ছবি। অহা ১১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী