--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে বৰ্তমান নিজৰ ছবি যশোদাৰ প্ৰচাৰত ব্যস্ত। কিছুদিন পূৰ্বে এই পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ মাই’চাইটিছ নামৰ অটোইম্যুন ৰোগৰ সৈতে যুঁজি আছে। অৱশ্যে তেওঁ কামলৈ ঘূৰি আহিছে। শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰৰ সময়ত নিজৰ স্বাস্থ্যৰ কথা কওঁতে আৱেগিক হৈ পৰে। এই সাক্ষাৎকাৰত সামান্থাই সংবাদ মাধ্যমৰ বাতৰিক লৈও ক্ষোভ প্ৰকাশ কৰিছে, য’ত তেওঁৰ অৱস্থাক গুৰুতৰ বুলি অভিহিত কৰা হৈছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সামান্থাই কয় যে তেওঁৰ অৱস্থা সংকটজনক নহয়। তেওঁ কয়, ‘মই মোৰ ইনষ্টাগ্ৰাম পোষ্টত কৈছিলো যে কিছুমান দিন ভাল আৰু কিছুমান বেয়া। আনকি মই অনুভৱ কৰোঁ যে আৰু এখোজ আগুৱাই যোৱাটোও সহজ নহয়, কিন্তু পিছলৈ ঘূৰি চালে আচৰিত হওঁ যে মই বহুখিনি লৈ ইমান দূৰলৈ আহিছো। মই ইয়ালৈ যুঁজিবলৈ আহিছো।'

অভিনেত্ৰীগৰাকীয়ে  পুনৰ কয়, ‘এতিয়া তিনিমাহ হ’ল। মই স্পষ্ট কৰিব বিচাৰিছো যে মই অতি সোনকালে মৃত্যুবৰণ নকৰো। বহুতো লেখা দেখিছোঁ য’ত এনে বহু কথা কোৱা হৈছিল। হয়, ই এটা অটোইম্যুন কণ্ডিচন আৰু ইয়াৰ বাবে সময় লাগে কিন্তু মই সদায় এজন যুঁজাৰু আৰু ময়ো ইয়াৰ বিৰুদ্ধে যুঁজিম।


উল্লেখযোগ্য যে কিছুদিনৰ আগতে সামান্থাই নিজৰ স্বাস্থ্যৰ বিষয়ে এটা ডাঙৰ কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ গুৰুতৰ ৰোগৰ সৈতে যুঁজি আছে। এটা দীঘলীয়া পোষ্ট লিখি তেওঁ চিকিৎসালয়ৰ ফটো এখন শ্বেয়াৰ কৰিলে। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ মাই’চাইটিছ নামৰ ৰোগৰ চিকাৰ হৈছে। হাস্পতালৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে সামান্থাই। এই কথা কৈ তেওঁ এটা দীঘলীয়া কেপচন লিখিলে।

'যশোদা'ত অতি সোনকালে দেখা যাব সামান্থা ৰুথ প্ৰভুক। তেলেগুৰ উপৰিও তামিল, কানাড়া, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব একচন থ্ৰিলাৰ ছবি। অহা ১১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক