--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লীত হোৱা ভূমিকম্পত এক সুকীয়া অভিজ্ঢ়তা লাভ কৰিলে আদিল হুছেইনে৷ নিজৰ অভিনয় দক্ষতাৰে বলিউডত থিতাপি লবলৈ সক্ষম হোৱা আদিলে সাধাৰণতে দিল্লীত বাস কৰি ভাল পায়৷

 

বুধবাৰে নেপালত হোৱা ৬.৬ তীব্ৰতাৰ ভূমিকম্পটোৱে দিল্লীবাসীকো চুই যায়৷ পুৱা বেলা হোৱা ভূমিকম্পটোৰ পৰা বাচিবলৈ আদিলে ঘৰৰ পৰা বাহিৰ হৈছিল৷ কিন্তু তেতিয়াই তেওঁ আহুকালৰ সন্মুখীন হয়৷

 

ৰা-লৰিকৈ ঘৰৰ পৰা উলোৱাৰ বাবে আদিলে লগত কোনো টকা বা ক্ৰেডিট-ডেবিট কাৰ্ড নিবলৈ পাহৰি গৈছিল৷ আনকি ঘৰৰ ছাবিটোও লগত নিবলৈ পাহৰিছিল৷


ফলত কাহিলী পুৱাতে দীশহাৰা হৈ পৰে আদিল৷ বাসস্থান বন্ধ, লগত টকা নাই, কোনে সহায় কৰিব ৰাতিপুৱাই! কিন্তু ভাগ্যক্ৰমে এগৰাকী বন্ধুৱে আদিলৰ ফোন ধৰে আৰু আদিলক তেওঁ নিজৰ ঘৰলৈ মাতি নি আশ্ৰয় দিয়ে৷ ৰাতিটো বনধুজনৰ ঘৰতে শান্তিৰে টোপনি যায় আদিল৷


পাছত ঘটনাটোৰ বিষয়ে টুইটযোগে আদিলে জনায়৷ বিপদৰ সময়ত বন্ধুজনক দেৱদূতৰ দৰেই অনুভৱ হৈছিল বুলি তেওঁ জনাইছে৷

 

উল্লেখ্য যে সম্প্ৰতি বলিউডত ব্যস্ত থকা আদিলে কেইবাখনো জনপ্ৰিয় ছৱিত অভিনয় কৰি আহিছে৷ শেহতীয়াকৈ তেওঁ জিফাইভৰ ‘মুখবীৰ নামৰ এখন ৱেবচিৰিজত অভিনয় কৰিব৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক