--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এতিয়া নিক জোনাছৰ পত্নী। কন্যা মালতিৰ সৈতে সুখৰ সংসাৰ। শেহতীয়াকৈ এটা প’ডকাষ্টত অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ বিষয়ে স্পষ্টকৈ কয়। নিক জ’নাছৰ সৈতে ডেটিং আৰু বিয়া হোৱাৰ আগতে আন কাৰোবাৰ ওপৰত তেওঁৰ ক্ৰাছ আছিল বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে তেতিয়াই নিকে টুইটাৰযোগে মেচেজ প্ৰেৰণ কৰি প্ৰিয়ংকাৰ নম্বৰ বিচাৰিছিল বুলিও জনায় তেওঁ।

ব্যক্তিজনৰ নাম নোলোৱাকৈয়ে প্ৰিয়ংকাই কয়- ''টুইটাৰত যেতিয়া নিকে মোৰ নম্বৰ বিচাৰিছিল, তেতিয়া মোৰ পূৰ্বৰ সম্পৰ্ক অস্থিৰ হৈ পৰিছিল। সেইটো আছিল ২০১৬ চন। মোৰ কোনো শুভাকাংক্ষীয়েই সেই সম্পৰ্কত মই থকাটো নিবিচাৰিছিল।”

উল্লেখ্য যে প্ৰিয়ংকাতকৈ নিক দহ বছৰৰ সৰু। এই সম্পৰ্কতো প্ৰিয়ংকাই কয় যে তেওঁ দহ বছৰ সৰু কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ দ্বিধাবোধ কৰিছিল। তেওঁ কয় যে তেওঁ প্ৰথম দিনকেইদিন নিকৰ লগত বেছিকৈ জড়িত হ’ব নিবিচাৰিছিল।

প্ৰিয়ংকাই কয় যে তেওঁলোকৰ বন্ধু-বান্ধৱী আনকি নিকৰ ভাতৃ কেভিন জ’নাছেও নিক-প্ৰিয়ংকাই একেলগে অধিক সময় কটোৱাটো বিচাৰিছিল। প্ৰিয়ংকাই প্ৰথমে নিকক তাইৰ ফোন নম্বৰটো দিব বিচৰা নাছিল কাৰণ তাই তেতিয়াও ৰিলেচনত আছিল। সেই সম্পৰ্কটো দীঘলীয়া আছিল, হঠাতে ভাঙিব পৰা নাছিল যদিও এদিন সেই প্ৰেম শেষ হৈ গ’ল।

প্ৰিয়ংকাই কয়, ‘মই প্ৰায় পাঁচ-ছয় বছৰ ধৰি এটা ছিৰিয়াছ ৰিলেচনত আছিল। কিন্তু যেতিয়া নিকে মোৰ নম্বৰটো ল’লে, আমি আড্ডা মাৰিবলৈ ধৰিলোঁ। পুৰণি সম্পৰ্কটো শেষ হ'ব ধৰিলে।’’

অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ কয় যে তেওঁ সেই সময়ত নিকৰ সৈতে ৰোমাঞ্চ কৰিব নিবিচাৰিছিল, সম্পৰ্ক নিষ্পত্তি কৰিব বিচাৰিছিল। কিন্তু লাহে লাহে বুজিব ধৰিলে যে নিক এজন পৰিপক্ক মানুহ।

প্ৰিয়ংকাই এই সম্পৰ্কৰ উত্তেজনা প্ৰকাশ নকৰিলেও তেওঁৰ শেষবাৰৰ বাবে ৰাজহুৱা সম্পৰ্ক আছিল শ্বাহিদ কাপুৰৰ সৈতে। ২০০৯ চনত প্ৰথমবাৰৰ বাবে ‘কামিনে’ ছবিৰ চেটত লগ পোৱাৰ পিছত ২০১১ চনলৈকে তেওঁলোকৰ মাজত সম্পৰ্ক আছিল। ২০১৬ চনৰ পৰা নিক-প্ৰিয়ংকাৰ সম্পৰ্কৰ আৰম্ভণি ঘটে।

২০১৮ চনৰ ১ ডিচেম্বৰত তেওঁলোকৰ বিবাহ হয়। ২০২২ চনত চেৰ’গেচিৰ জৰিয়তে মাতৃ হৈছিল প্ৰিয়ংকা। ৩০ বছৰ বয়সতে ডিম্বানুখিনি সংৰক্ষণ কৰি ৰখা বুলি জনাইছিল অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ