--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিলাম হ’ব প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ১,২০০ উপহাৰ৷ কেন্দ্ৰীয় চৰকাৰে নমামি গংগা প্ৰকল্পক অধিক গতিশীল কৰিবলৈ আগবাঢ়িছে। আৰু, তাৰ পূৰ্বে খেলুৱৈ আৰু ৰাজনীতিবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিয়া ১,২০০তকৈও অধিক সামগ্ৰী ১৭ ছেপ্টেম্বৰৰ পৰা নিলাম হ’বলৈ সাজু হৈছে৷আৰু নিলামৰ উপাৰ্জন নমামি গংগা মিছনত খৰচ কৰা হ’ব৷  

এই নিলাম pmmementos.gov.in ৱেব পৰ্টেলৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব আৰু ২ অক্টোবৰত সমাপ্ত হ’ব৷ নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্টৰ সঞ্চালক প্ৰধান অদ্বৈত গদানায়কে এই তথ্য সদৰী কৰিছে৷ তেওঁ কয় যে ভাৰতৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰি এজন সাধাৰণ মানুহে আৰু লগতে বিভিন্ন গণ্যমান্য ব্যক্তিয়ে উপহাৰ দিয়া উপহাৰকে ধৰি বিভিন্ন ধৰণৰ উপহাৰ নিলাম কৰা হ’ব। উপহাৰবোৰৰ আধাৰ মূল্য ১০০ টকাৰ পৰা ১০ লাখ টকাৰ ভিতৰত।
 
উপহাৰৰ তালিকাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে উপহাৰ দিয়া ৰাণী কামলাপতিৰ প্ৰতিমূৰ্তি, এটা হনুমান মূৰ্তি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উপহাৰ দিয়া সূৰ্যৰ চিত্ৰ আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে উপহাৰ দিয়া ত্ৰিশূল অন্তৰ্ভুক্ত আছে।
 
এনচিপি নেতা অজিত পাৱাৰে উপহাৰ দিয়া কোলহাপুৰত অৱস্থিত দেৱী মহালক্ষ্মীৰ প্ৰতিমূৰ্তি আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে উপহাৰ দিয়া ভগৱান ভেংকটেশ্বৰৰ দেৱাল ওলমি থকা এটা মূৰ্তিও অন্তৰ্ভুক্ত আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা উপহাৰৰ ই-নিলামৰ এইটো চতুৰ্থ সংস্কৰণ হ’ব। নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্টৰ সঞ্চালক টেমচুনাৰো জামিৰে কৈছিল যে পদক বিজয়ী খেলুৱৈসকলৰ দ্বাৰা স্বাক্ষৰিত টী-চাৰ্ট, বক্সিং হাতমোজা, জেভেলিন আৰু ৰেকেটৰ দৰে ক্ৰীড়া সামগ্ৰীৰ এক বিশেষ সংগ্ৰহ আছে।

উপহাৰবোৰত সুন্দৰ চিত্ৰ, ভাস্কৰ্য, হস্তশিল্প আৰু লোক শিল্পকলাও অন্তৰ্ভুক্ত আছে। ইয়াৰে কেইবাটাও সামগ্ৰী হৈছে উপহাৰ হিচাপে প্ৰদান কৰা সামগ্ৰী, যেনে পৰম্পৰাগত অংগবস্ত্ৰ, শাল, পাগুৰী, আনুষ্ঠানিক তৰোৱাল ইত্যাদি৷

আগ্ৰহৰ অন্যান্য স্মৃতিচিহ্নসমূহৰ ভিতৰত আছে অযোধ্যাৰ আগন্তুক ৰাম মন্দিৰৰ প্ৰতিকৃতি আৰু আৰ্হি আৰু বাৰাণসীৰ কাশী-বিশ্বনাথ মন্দিৰ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান