--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত বিগত কিছু বছৰ ধৰি সংবিধানপ্ৰদত্ত নাগৰিকৰ বাক স্বাধীনতা খৰ্ব হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। চৰকাৰৰ নীতি তথা সিদ্ধান্তক সমালোচনা কৰা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈ পৰাৰ বহু উদাহৰণ বিগত সময়চোৱাত দেখিবলৈ পোৱা গৈছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ ওপৰতো ৰাজনৈতিক হেঁচা তথা প্ৰভাৱ স্পষ্টৰূপত প্ৰতিফলিত হৈছে। এনে সময়তে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত পুনৰ এনে চৰকাৰ বিৰোধী কণ্ঠ দমনৰ এক চাঞ্চল্যকৰ উদাহৰণ সমুখলৈ আহিছে। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে নিৰন্তৰ কলম চলাই অহা এগৰাকী সাংবাদিকৰ কলম বন্ধ কৰিব নোৱাৰাৰ বাবেই এইবাৰ চাকৰি হেৰুৱাবলগীয়া হৈছে সাংবাদিক গৰাকীৰ পত্নীয়ে।

প্ৰকাশিত খবৰ অনুসৰি কাশ্মীৰী সাংবাদিক পীৰজাদা আশিকে স্থানীয় সংবাদদাতা হিচাপে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সৈতে জড়িত। আশিকে দীৰ্ঘসময় ধৰি নিজৰ লেখাৰ জৰিয়তে চৰকাৰী নীতি আৰু সিদ্ধান্তৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ আহিছে। ২০১৯ চনৰ আগষ্টত জম্মু আৰু কাশ্মীৰ উপত্যকাৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ পিছৰে পৰা আশিকে কেন্দ্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ আহিছে। এনে পৰিস্থিতিত চৰকাৰৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপিত হৈছে আশিকৰ বিৰুদ্ধে। 

আৰক্ষীয়ে ইতিমধ্যে তেওঁক বিভিন্ন গোচৰত কেইবাবাৰো চমন জাৰি কৰিছিল। আশিকৰ বিভিন্ন লিখনিৰ স্পষ্ট ব্যাখ্যা কৰিবলৈও স্থানীয় আৰক্ষীয়ে ইতিপূৰ্বে কেইবাবাৰো নিৰ্দেশ দিছিল। কিন্তু তাৰ পিছতো আশিকৰ কলম বন্ধ নোহোৱাত অৱশেষত প্ৰশাসনে তেওঁৰ পত্নীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়। আশিকৰ পত্নী মাশ্ৰাত ইউছুফ যোৱা ১১ বছৰ ধৰি শ্ৰীনগৰ পৌৰসভাত মিডিয়া সহায়ক হিচাপে কৰ্মৰত আছিল। অৱশ্যে মুছাৰফ এই পদত স্থায়ী হিচাপে নিযুক্ত নাছিল। তথাপি স্বামীৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টাতে মুছাৰফক বৰ্খাস্ত কৰা হৈছে বুলি অভিযোগ উঠিছে।

উল্লেখ্য যে জম্মু আৰু কাশ্মীৰ চৰকাৰে ইতিমধ্যে ৩০ গৰাকী লোকক ৰাজদ্ৰোহৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ২০২০ চনৰ জুলাই মাহত এই সন্দৰ্ভত এখন বিশেষ সমিতি গঠন কৰা হৈছিল। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কোনো চৰকাৰী কৰ্মচাৰী দেশ বিৰোধী কাৰ্যকলাপত জড়িত আছে নেকি, এই বিষয়ৰ চোৱা-চিতা কৰাৰ বাবে এই সমিতিক দায়িত্ব দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী