--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিন্সেছ ডায়েনাৰ এটা বেঙুনীয়া গাউন নিলাম কৰিবলৈ লোৱা হৈছে। নিলাম প্ৰক্ৰিয়া অহা ২৭ জানুৱাৰীত নিউয়ৰ্কৰ চথে’বীত অনুষ্ঠিত হ'ব।

ৱেলছৰ ৰাজকুমাৰীৰ  এই গাউনটো বেঙুনীয়া ৰেচম আৰু মখমলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। এই পোছাকৰ ঐতিহাসিক তাৎপৰ্য আছে। ডায়েনাই প্ৰথমবাৰৰ বাবে ১৯৯১ চনত তেওঁৰ এখন ৰয়েল পৰ্টে’ইট অংকন কৰিবলৈ এই গাউনটো পিন্ধিছিল। তাৰ পিছত ১৯৯৭ চনত, ডায়েনাৰ মৃত্যুৰ কেইদিনমান আগতে তেওঁ এই বেঙুনীয়া গাউনটো পিন্ধি বিখ্যাত মাহেকীয়া আলোচনী 'ভেনিটি ফেয়াৰ'ৰ বাবে ফটো উঠিছিল৷

ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ ২৫ বছৰ পাৰ হ'ল। কিন্তু তেওঁ এতিয়াও চৰ্চিত হৈ আছে। ডায়েনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে আলোচনা অব্যাহত আছে। একে সময়তে, ডায়েনাৰ পোছাকৰ বিষয়েও আলোচনা হৈ আছে। ফেশ্বন জগতেও তেওঁ পিন্ধা পোছাকৰ শৈলী অনুসৰণ কৰে।

এই মাহৰ শেষৰ ফালে নিলাম হ'বলগীয়া গাউনটোৰ মূল্য ৮০,০০০ ৰ পৰা ১,২০,০০০ ডলাৰৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে। যাৰ মূল্য ভাৰতীয় টকাত ৬৫ লাখৰ পৰা ৮২ লাখ টকাৰ ভিতৰত। ইয়াৰ আগতে, ডায়েনাৰ ৮০খনকৈ কাপোৰ নিলাম কৰা হৈছিল আৰু কেইবাকোটি টকা সংগ্ৰহ কৰা হৈছিল।

এই ধনসমূহ বিভিন্ন চেৰিটেবুল ট্ৰাষ্ট আৰু ৰয়েল মাৰ্চডেন হস্পিটেলৰ পুঁজিলৈ দান কৰা হৈছিল। এইবাৰো ডায়েনাৰ বেঙুনীয়া গাউনটো প্ৰায় কেইবা কোটি টকাত নিলাম কৰা হ'ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ