--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আলিগড়ৰ এগৰাকী বিজেপি নেতাৰ লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে। অভিযোগ অনুসৰি বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সৈতে জড়িত এইগৰাকী নেতাই প্ৰতিদিনে মদ খাই স্থানীয় অঞ্চলত হুলস্থুলৰ সৃষ্টি কৰে। মহিলাক দেখাৰ পিছতো তেওঁ তেওঁলোকৰ সন্মুখত প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰে। 

কোনোবাই প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিলে অভিযুক্তই তেওঁক অনুসূচিত জাতি/জনজাতি আইনত জড়িত কৰি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়ে। স্থানীয় ৰাইজে এই সন্দৰ্ভত কেইবাবাৰো আৰক্ষীক অভিযোগ কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মানুহে ঘৰৰ বাহিৰত ঘৰ বিক্ৰী কৰাৰ পোষ্টাৰ লগাই দিয়ে। 

বিষয়টো আলিগড়ৰ ছাছনিগেট থানা এলেকাৰ। স্থানীয় ৰাইজে নিজৰ ঘৰৰ দেৱালত পোষ্টাৰ আঁৰি লিখিছে যে নিজকে বিজেপি অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক বুলি কোৱা এই নেতাজনক লৈ ৰাইজ বিৰক্ত হৈ তেওঁৰ গুণ্ডাগিৰিৰ আশংকাত ঘৰ বিক্ৰী কৰিব বিচাৰিছে। স্থানীয় লোকে কয় যে অৰ্জুন মহৰ নামৰ বিজেপিৰ নেতাজনে প্ৰতিদিনে মদ্যপান কৰি আহি মানুহৰ লগত গালি-গালাজ আৰু অসৎ আচৰণ কৰে। অভিযুক্তই মহিলাসকলৰ সন্মুখত মুকলিকৈ প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰি মানসিক নিৰ্যাতন চলায়।

ৰাইজে কয় যে অভিযুক্তৰ বিৰুদ্ধে কেইবাবাৰো আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছিল যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এনে পৰিস্থিতিত মানুহ চিন্তিত হৈ ঘৰ বিক্ৰী কৰাৰ কথা কৈছে। গাঁওবাসীয়ে জনোৱা মতে, নেতাজনে আৰক্ষীৰ গাফিলতিৰ সুবিধা লৈ অনুসূচিত জাতি আইনৰ অধীনত অভিযোগ কৰাসকলক জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়ে।

বহু সময়ত তেওঁৰ এই কাৰ্য্যৰ বাবে মহিলাসকলে লাজ অনুভৱ কৰিবলগীয়া হয়। তেওঁ কয় যে অভিযুক্তই নিজকে বিজেপিত অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক বুলি কয়, কিন্তু গম পোৱা গৈছে যে তেওঁ কেৱল দলৰ এজন কৰ্মী। অভিযুক্ত অৰ্জুনে প্ৰতিদিনে মদ্যপান কৰি ভগ্নী-কন্যাৰ সন্মুখত থিয় হৈ প্ৰস্ৰাৱ কৰে। সেই কথাৰ প্ৰতিবাদ কৰিলে তেওঁ অশ্লীল ভাষাৰ অপব্যৱহাৰ কৰে। সেয়ে এইগৰাকী বিজেপি নেতাৰ কাণ্ডত অতীষ্ঠ হৈ ঘৰ বিক্ৰী কৰি যাবলৈ সাজু হৈছে স্থানীয় লোকসকল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু