--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইডিৰ লক্ষ্য হৈ পৰিছে আম আদমী পাৰ্টী৷ আপৰ মুৰব্বী কেজৰিৱালক চমন জাৰি কৰাৰ পাছত এইবাৰ ইডিৰ লক্ষ্য আপ নেতৃত্বাধীন পঞ্জাব চৰকাৰ৷

প্ৰৱৰ্তন সঞ্চালকালয়ে সোমবাৰে পঞ্জাবৰ আপ বিধায়ক যশৱন্ত সিঙক ৪০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰে৷ তদন্তকাৰী সংস্থাটোৰ বিষয়াসকলে তেওঁক এখন ৰাজহুৱা সভাৰ পৰা আটক কৰাৰ পাছত পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে৷

আপ বিধায়কজনক তদন্তকাৰী সংস্থাটোৱে পূৰ্বে তিনিবাৰ চমন জাৰি কৰিছিল কিন্তু তেওঁ সকলো চমন এৰাই চলিছিল। দলটোৰ মুখপাত্ৰ মালৱিন্দৰ কাঙে কয়, আপত যোগদান কৰাৰ পূৰ্বেই তেওঁ সমস্যাৰ সন্মুখীন হৈছিল। এইটো আমাক বদনাম কৰাৰ বাবে বিজেপিৰ ষড়যন্ত্ৰ৷

যোৱাবছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টিৰ নেতাজনৰ সৈতে সম্পৰ্কিত তিনিটা চৌহদ (যাৰ ভিতৰত তেওঁৰ বাসগৃহও আছিল)ত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ দ্বাৰা ৪১ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰৰ সন্দৰ্ভত তালাচী চলোৱা হৈছিল।
সেই অনুসন্ধানত নগদ ১৬.৫৭ লাখ টকা, বিদেশী মুদ্ৰা (এক অনিৰ্দিষ্ট পৰিমাণৰ) আৰু বেংক আৰু সম্পত্তিৰ নথিপত্ৰৰ আপত্তিজনক তথ্য লাভ কৰিছিল বুলি সংস্থাটোৱে দাবী কৰিছিল।

চিবিআইৰ মতে, পঞ্জাবৰ লুধিয়ানাত বেংক অব্ ইণ্ডিয়াৰ এটা শাখাৰ অভিযোগৰ ভিত্তিত মাজৰা আৰু তাৰা কৰ্পোৰেচন লিমিটেডকে ধৰি আনসকলৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰা হৈছিল। গোচৰটোত কেইবাজনো ব্যক্তি, জ্যেষ্ঠ বিষয়া আৰু আনসকলৰ লগতে অজ্ঞাত ৰাজহুৱা কৰ্মচাৰীৰ নামো উল্লেখ কৰা হৈছিল।

আপৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বিৰোধী দল আৰু নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহে কৰা পদক্ষেপৰ মাজতে মাজৰাৰ বিৰুদ্ধে ইডিৰ পদক্ষেপ লোৱা হৈছে। ইডিয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক মহাদেৱ বেটিং এপৰ গৰাকীৰ ওচৰত ৫০৮ কোটি টকা উৎকোচৰ অভিযোগ সম্পৰ্কতো তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু