--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাগিল সোতৰশ কোটিৰো অধিক টকীয়া এখন দলং৷ বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত ১৭০০ কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত আছে আগুৱানি চুলতান গংগা দলং৷ পিছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আজি এটাৰ পিছত এটাকৈ ভাঙি বাগৰি পৰিল দলংখনৰ দুটা অংশ।

দলংখন ভাঙি পৰাৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। প্ৰকাশিত খবৰ অনুসৰি, দলংখনৰ প্ৰায় ৩ ফুট অংশ তলেৰে বৈ যোৱা গংগা নদীত ভাঙি পৰে। বিগত এপ্ৰিল মাহতো ধুমুহাৰ ফলত দলংখনৰ কিছু ক্ষতিসাধন হৈছিল।

খগড়িয়া, আগুৱনী আৰু চুলতানঞ্জৰ মাজৰ গংগা নদীত দলংখনৰ মাজৰ অংশ নিৰ্মাণ কৰি আছিল। লক্ষণীয়ভাৱে, দুবছৰ পূৰ্বেও দলংখনৰ এটা অংশ ভাঙি গৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০২২ চনৰ ডিচেম্বৰ মাহত বিহাৰৰ বেগুচৰাইৰ বুঢ়ী গণ্ডক নদীত নিৰ্মাণ কৰা দলঙৰ এটা অংশ ভাঙি গৈছিল।

তাৰ এমাহ পূৰ্বেও নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাত নিৰ্মাণৰত এখন দলং ভাঙি পৰাত এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক আহত হয়। উদ্বোধনৰ পূৰ্বে কিষানগঞ্জ আৰু সহাৰছা জিলাতো ভাঙি পৰিছিল নিৰ্মাণৰত দলং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ