--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশক৷ দৰা-কইনাহালৰ মাত্ৰ বিয়া হৈছিলহে৷ তেওঁলোকে এটা নতুন জীৱন আৰম্ভ কৰাৰ প্স্তুতি চলোৱাৰ সময়তে সাৱটি ল’বলগীয়া হ’ল কৰুণ মৃত্যুক৷ । ফুলশয্যাৰ নিশাই  নৱদম্পতিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে। চিকিৎসকৰ পৰা আৰক্ষীলৈকে সকলোৱে এই ঘটনাত স্তম্ভিত হৈ পৰিছে৷ 

 উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই । একে নিশাই, একে সময়তে কেনেকৈ দুজন সম্পূৰ্ণ স্বাস্থ্যৱান লোকে   হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে তাকেলৈয়ো বহুতৰে মনত প্ৰশ্ন উদ্ৰেক ঘটিছে৷   মৰণোত্তৰ পৰীক্ষাৰ পিছতো নৱদম্পতিৰ ভিচেৰা পৰীক্ষা কৰা হ'ব বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে৷ সেই পৰীক্ষাতেই তেওঁলোকৰ মৃত্যুৰ কাৰণ নিৰ্ধাৰণ হ’ব বুলি বহুতে আশা কৰিছে৷ এই মৰ্মান্তিক ঘটনাটো উত্তৰ প্ৰদেশৰ বাহৰাইচ জিলাত সংঘটিত হৈছে। ২২ বছৰীয়া পুষ্পাৰ  ২৪ বছৰীয়া প্ৰতাপ যাদৱৰ সৈতে বিয়া  হৈছিল। বিবাহ অনুষ্ঠানটো প্ৰায় দুদিন ধৰি অনুষ্ঠিত হৈছিল। কিন্তু ফুলশয্যাৰ নিশাই   নৱদম্পতিহালৰ মৃত্যু হয়।

 পিছদিনা যেতিয়া তেওঁলোকৰ পৰা  কোনো সঁহাৰি পোৱা হোৱা নাছিল তেতিয়াই  পৰিয়ালৰ সদস্যসকলে দুৱাৰ  ভাঙি  দুয়োজনকে  মৃত অৱস্থাত উদ্ধাৰ কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছত দেখা গৈছিল যে নৱদম্পতিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱা স্বত্বেও মৃত্যুৰ কাৰণ সম্পৰ্কে অনুসন্ধানকাৰী আৰক্ষী আৰু চিকিৎসকসকলৰ মনত বিভ্ৰান্তি ৰৈ গৈছে । জানিব পৰা গৈছে যে প্ৰতাপ বা পুষ্পাৰ কোনো শাৰীৰিক সমস্যা নাছিল। সেয়ে হৃদৰোগৰো কোনো আশংকা নাছিল। চিকিৎসকসকলে সেয়ে এতিয়াও ধৰিব পৰা নাই  যুৱক-যুৱতীহালৰ মৃত্যু  কিদৰে হ’ল৷

অনুসন্ধানকাৰী আৰক্ষী বিষয়া এগৰাকীয়ে  কয় , "নৱদম্পতিহালৰ কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। কোনোবাই ঘৰটোত বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰো কোনো প্ৰমাণ নাই। তেওঁলোকৰ শৰীৰত কোনো আঘাতৰ চিহ্নও নাছিল। ফলস্বৰূপে, নৱদম্পতিহালক  হত্যা কৰাৰো কোনো সম্ভাৱনা নাই। অৱশ্যে একে সময়তে দুজন লোকে  হৃদৰোগত আক্ৰান্ত হোৱাটো অতি আচৰিত কথা। তেওঁলোকে  কি খাইছিল সেই বিষয়ে বিতং অনুসন্ধান  চলি আছে। অনুসন্ধানৰ বাবে এটা বিশেষ ফৰেনচিক দলো গঠন কৰা হৈছে।’’ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা