--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশক৷ দৰা-কইনাহালৰ মাত্ৰ বিয়া হৈছিলহে৷ তেওঁলোকে এটা নতুন জীৱন আৰম্ভ কৰাৰ প্স্তুতি চলোৱাৰ সময়তে সাৱটি ল’বলগীয়া হ’ল কৰুণ মৃত্যুক৷ । ফুলশয্যাৰ নিশাই  নৱদম্পতিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে। চিকিৎসকৰ পৰা আৰক্ষীলৈকে সকলোৱে এই ঘটনাত স্তম্ভিত হৈ পৰিছে৷ 

 উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই । একে নিশাই, একে সময়তে কেনেকৈ দুজন সম্পূৰ্ণ স্বাস্থ্যৱান লোকে   হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে তাকেলৈয়ো বহুতৰে মনত প্ৰশ্ন উদ্ৰেক ঘটিছে৷   মৰণোত্তৰ পৰীক্ষাৰ পিছতো নৱদম্পতিৰ ভিচেৰা পৰীক্ষা কৰা হ'ব বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে৷ সেই পৰীক্ষাতেই তেওঁলোকৰ মৃত্যুৰ কাৰণ নিৰ্ধাৰণ হ’ব বুলি বহুতে আশা কৰিছে৷ এই মৰ্মান্তিক ঘটনাটো উত্তৰ প্ৰদেশৰ বাহৰাইচ জিলাত সংঘটিত হৈছে। ২২ বছৰীয়া পুষ্পাৰ  ২৪ বছৰীয়া প্ৰতাপ যাদৱৰ সৈতে বিয়া  হৈছিল। বিবাহ অনুষ্ঠানটো প্ৰায় দুদিন ধৰি অনুষ্ঠিত হৈছিল। কিন্তু ফুলশয্যাৰ নিশাই   নৱদম্পতিহালৰ মৃত্যু হয়।

 পিছদিনা যেতিয়া তেওঁলোকৰ পৰা  কোনো সঁহাৰি পোৱা হোৱা নাছিল তেতিয়াই  পৰিয়ালৰ সদস্যসকলে দুৱাৰ  ভাঙি  দুয়োজনকে  মৃত অৱস্থাত উদ্ধাৰ কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছত দেখা গৈছিল যে নৱদম্পতিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱা স্বত্বেও মৃত্যুৰ কাৰণ সম্পৰ্কে অনুসন্ধানকাৰী আৰক্ষী আৰু চিকিৎসকসকলৰ মনত বিভ্ৰান্তি ৰৈ গৈছে । জানিব পৰা গৈছে যে প্ৰতাপ বা পুষ্পাৰ কোনো শাৰীৰিক সমস্যা নাছিল। সেয়ে হৃদৰোগৰো কোনো আশংকা নাছিল। চিকিৎসকসকলে সেয়ে এতিয়াও ধৰিব পৰা নাই  যুৱক-যুৱতীহালৰ মৃত্যু  কিদৰে হ’ল৷

অনুসন্ধানকাৰী আৰক্ষী বিষয়া এগৰাকীয়ে  কয় , "নৱদম্পতিহালৰ কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। কোনোবাই ঘৰটোত বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰো কোনো প্ৰমাণ নাই। তেওঁলোকৰ শৰীৰত কোনো আঘাতৰ চিহ্নও নাছিল। ফলস্বৰূপে, নৱদম্পতিহালক  হত্যা কৰাৰো কোনো সম্ভাৱনা নাই। অৱশ্যে একে সময়তে দুজন লোকে  হৃদৰোগত আক্ৰান্ত হোৱাটো অতি আচৰিত কথা। তেওঁলোকে  কি খাইছিল সেই বিষয়ে বিতং অনুসন্ধান  চলি আছে। অনুসন্ধানৰ বাবে এটা বিশেষ ফৰেনচিক দলো গঠন কৰা হৈছে।’’ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস