--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ খাদ্যৰ বাবে নিমখ কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। কোনো খাদ্য নিমখ অবিহনে সম্পূৰ্ণ নহয়। ইয়াৰ লগতে বাস্তুশাস্ত্ৰৰ মতে নিমখ আৰু সৈন্ধৱ নিমখেৰে বিশেষকৈ ঋণাত্মক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াত অতি ফলপ্ৰসূ প্ৰতিকাৰ। আমি সৈন্ধৱ নিমখ বহু ধৰণে ব্যৱহাৰ কৰিব পাৰো, ইয়াৰ উপৰি আমাৰ চৌপাশত থকা যিকোনো নেতিবাচক শক্তি দূৰ কৰি সুখ-সমৃদ্ধিৰ বাধা দূৰ কৰিব পাৰে।

* বাস্তুশাস্ত্ৰ অনুসৰি এটা কাঁচৰ পাত্ৰত অলপ নিমখ লৈ তাত ৪-৫টা লং দি ঘৰৰ যিকোনো এটা কোণত ৰাখিলে মালক্ষ্মী ঘৰলৈ আগমন হয়। সফলতাৰ লগতে সুখ-শান্তিও অটুট থাকে।

* বাস্তুদোষ দূৰ হয়ঃ-কোনেও হাতেৰে চুব নোৱাৰা ঠাইত বাথৰুমত এটা বাটিত নিমখ ৰাখক আৰু মনত ৰাখিব যে বাটিৰ পৰা নিমখখিনি কেইদিনমানৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে। ইয়াৰ দ্বাৰা বাথৰুমৰ সকলো বাস্তুদোষ দূৰ হয়।

* আৰ্থিক সংকট দূৰ হয়ঃ-বাস্তুশাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিয়ে আৰ্থিক সংকটৰ সন্মুখীন হয়, তেন্তে নিমখৰ সহায়ত এই সমস্যা দূৰ কৰিব পাৰে। এটা কাঁচৰ বাটিত এবাটি নিমখ লৈ তাত ৪-৫টা লং দি কোনেও নেদেখাকৈ ঘৰৰ এটা চুকত ৰাখিলে আৰ্থিক সংকট দূৰ হয়।

* নিমখীয়া পানীৰে গা ধোৱা:-গা ধোৱাৰ পানীত এচামুচ সৈন্ধৱ নিমখ মিহলাই লওক। এই নিমখীয়া পানীৰে কমেও ২১দিন (প্ৰায় ৩ সপ্তাহ) গা ধুব লাগে আৰু তাৰ পাছত সপ্তাহত দুবাৰ গা ধুব লাগে। ইয়াৰ ফলত আপোনাৰ সকলো নেতিবাচক শক্তি আঁতৰোৱাত সহায় কৰে আৰু নিজকে সতেজ অনুভৱ কৰিব। নিমখে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও শোষণ কৰে।

* কোঠাৰ চুকত নিমখৰ বাটি ৰাখক:-কোঠাটোৰ চুকবোৰত সৈন্ধৱ নিমখ ভৰ্তি কাঁচৰ বাটি থৈ ১০-১২ ঘণ্টাৰ পিছত আঁতৰাই পেলাওক। এই সময়খিনিত নিমখে ঘৰত থকা ঋণাত্মক শক্তি শোষণ কৰে।

* ঘৰৰ নিমখেৰে পৰিষ্কাৰ কৰক:-এচামুচ নিমখ এটা বাল্টি পানীত মিহলাই এই নিমখীয়া পানীৰে মজিয়াখন মচিব পাৰে। ঘৰৰ সকলো নেতিবাচকতা দূৰ কৰি ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু