--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উৎকট গৰম আমাৰ স্বাস্থ্যৰ বাবে বহু দিশত ক্ষতিকাৰক হ’ব পাৰে। বহু চহৰত পাৰাস্তম্ভ ৪৫ ডিগ্ৰী অতিক্ৰম কৰিছে, যাৰ বাবে হিটষ্ট্ৰ’কৰ আশংকা বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে অত্যধিক প্ৰয়োজন নহ’লে দুপৰীয়া ঘৰৰ পৰা ওলাই অহাৰ পৰা বিৰত থাকিব লাগে। হিটষ্ট্ৰ’কে শৰীৰৰ উষ্ণতা অতি উচ্চ হোৱাৰ লগতে আন কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ আশংকাও বাঢ়ি যায়।

হিটষ্ট্ৰ’ক ৰোধ কৰিবলৈ খাদ্যৰ যত্ন লোৱাটোও অতি প্ৰয়োজনীয়। যদি আপুনি হিটষ্ট্ৰ’কৰ বলি হয় তেন্তে খাদ্যৰ যতন লৈও ইয়াৰ লক্ষণসমূহ কমাব পাৰি। শৰীৰৰ উষ্ণতা বৃদ্ধিয়ে কেনেদৰে ক্ষতিকাৰক হ’ব পাৰে আৰু শৰীৰ শীতল কৰি ৰাখিবলৈ কি কি বস্তু সেৱন কৰাটো বাঞ্ছনীয় সেই বিষয়ে জানো আহক।

* শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱাটো ক্ষতিকাৰক-

আমাৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা সাধাৰণতে ৯৮.৬ ডিগ্ৰী ফাৰেনহাইট (৩৭ ডিগ্ৰী চেলছিয়াছ)। জ্বৰ হ’লে ই ১০২-১০৪ ডিগ্ৰী ফাৰেনহাইটলৈকে বৃদ্ধি পায়, য’ত শৰীৰে অধিক ঘাম উৎপন্ন কৰি এই উষ্ণতা নিয়ন্ত্ৰণ কৰে। কিন্তু হিটষ্ট্ৰ’কৰ ক্ষেত্ৰত যিহেতু ঘাম উৎপন্ন কৰা গ্ৰন্থিবোৰে সঠিকভাৱে কাম নকৰে, সেয়েহে উষ্ণতা বেছি হোৱাৰ আশংকা থাকিব পাৰে। হিটষ্ট্ৰ’ক হ’লে ১০ৰ পৰা ১৫ মিনিটৰ ভিতৰত শৰীৰৰ উষ্ণতা ১০৬ ডিগ্ৰী ফাৰেনহাইট বা তাতকৈ বেছি হ’ব পাৰে। এনে ক্ষেত্ৰত ব্যক্তি এজনে জৰুৰীকালীন চিকিৎসা গ্ৰহণ নকৰিলে হিটষ্ট্ৰ’ক এক গুৰুতৰ বিপদজনক কাৰক হ’ব পাৰে।

* গুৰুতৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে-

সাধাৰণতকৈ অধিক উষ্ণতা শৰীৰৰ অংগসমূহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বিশেষকৈ যিসকল লোকৰ ইতিমধ্যে হৃদযন্ত্ৰ বা হাওঁফাওঁৰ লগত জড়িত ৰোগ আছে তেওঁলোকৰ বাবে এয়া অতি বিপজ্জনক হ’ব পাৰে। কাৰণ উষ্ণতা বৃদ্ধিৰ ফলত হৃদস্পন্দন আৰু উশাহ-নিশাহৰ হাৰো বৃদ্ধি পায়, যাৰ ফলত উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সেয়েহে গৰমৰ দিনত শৰীৰৰ উষ্ণতা ভাৰসাম্য ৰক্ষাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱাটো প্ৰয়োজনীয়।

* অধিক পানী খোৱা প্ৰয়োজন-

শৰীৰৰ বাবে দৈনিক কমেও ৩-৪ লিটাৰ পানী খোৱাটো অতি প্ৰয়োজন। ই পুষ্টিকৰ পদাৰ্থৰ পৰিবহণ আৰু শৰীৰৰ আৱৰ্জনা আঁতৰোৱাত সহায় কৰে। ইয়াৰ উপৰি ঘামৰ জৰিয়তে শৰীৰক শীতল কৰি শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত পানীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব।

* এইবোৰ বস্তু আপুনিও সেৱন কৰিব পাৰে-

পানীৰ উপৰি ফলমূল আৰু শাক-পাচলি সেৱন কৰিও শৰীৰৰ উষ্ণতা উন্নত কৰি ৰাখিব পাৰি। পাতৰ সেউজীয়া, মাখন, আম, নেমু, দৈ, এভোকেডো আৰু নাৰিকল পানী খালে নিজকে সুস্থ কৰি ৰাখিব পাৰে। গ্ৰীষ্মকালত পোৱা বহু ফল যেনে-তৰমুজ, তিঁয়হ আদিতো পানীৰ পৰিমাণ অত্যধিক থাকে, ইয়াক সেৱন কৰিলেও শৰীৰত পানীৰ অভাৱ পূৰণ কৰা আৰু উষ্ণতা নিয়ন্ত্ৰণত ৰখাত সহায়ক হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
'টাইম' আলোচনীত লাভলীনা
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন