--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আমাৰ প্ৰতিবেদনত লৈ আহিছো নিমপাতৰ উপকাৰিতাৰ বিষয়ে। আহকচোন জানো নিম পাতে আমাক কিমান উপকাৰ কৰে। নিমপাতৰ উপকাৰিতাৰ বিষয়ে হয়তো প্ৰায় সংখ্যক লোকেই জানে। নিমগছে বায়ু বিশুদ্ধ কৰি ৰখাটো সহায় কৰে। নিমপাতত আছে বহুতো ঔষধিক গুণ। কিন্তু নিমগছৰ পাত অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিলেও আপুনি হয়তো বিপদতো পৰিব পাৰে। 

মানুহৰ দেহত ছালৰ বেমাৰ হʼলে যেনে খৰ-খজুৱতি, ফোঁহা হʼলে ইয়াক নিৰাময় কৰিবৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। এইবোৰ বেমাৰত নিমপাত লগালে বেমাৰৰ পৰা কিছু পৰিমাণে হʼলেও পৰিত্ৰাণ পোৱা যায়।

১. নিমপাত খালে তেজত উৎপন্ন হোৱা বীজাণু ধ্বংস হয়। যাৰ ফলত তেজ পৰিস্কাৰ হয় আৰু কিছু কিছু বেমাৰৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

২. নিমপাত উতলাই সেই পানীৰে গা ধুলে চৰ্ম ৰোগৰ নিৰাময় পোৱা যায়। 

৩. ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিতভাৱে নিমপাত খাবলৈ আৰম্ভ কৰে তেনেহʼলে কিছু সকাহ পাব।

৪. মেলেৰিয়া হʼলেও নিমপাত খালে সু-ফল পোৱা যায়। 

৫. অত্যধিক জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিমপাতৰ চাহ খাব পাৰে। 

৬. ৰাতিপুৱা শুই উঠি নিয়মিতভাৱে খালী পেটত নিমপাত খালে পেটৰ বিষ আৰু গেছৰ অসুবিধা দূৰ হয়। 

৭. শৰীৰৰ কোনো অংশত যদি আপোনাক জুইয়ে পোৰে তেনেহʼলে নিমপাত পিহি জুইয়ে পোৰা অংশত লগাই দিয়ে তেতিয়া সোনকালে শুকাই যায়। 

৮. বিষাক্ত কীট পতংগ‌ই কামুৰিলেও সেই ঠাইত নিমপাত পিহি লগালে বিষ সোনকালে ভাল হৈ যায়।

৯. নিমপাত ব্যৱহাৰ কৰি চুলিৰ বহুতো সমস্যা দূৰ কৰিব পাৰি। চুলি সৰা, চুলিৰ উফিৰ সমস্যা আদি। নিমপাতে চুলি মজবুত কৰাতো সহায় কৰে। 

১০. নিমপাতৰ ডালেৰে দাঁত ঘঁহিলে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, হালধীয়া দাগ আদি সমস্যাবোৰ দূৰ হয়। 

নিমগছৰ গুটিটো বহুত পুষ্টিকৰ দ্ৰব্য পোৱা যায় সেয়েহে নিমগছৰ এই গুটিবোৰ বহুতো ঔষধত ব্যৱহাৰ কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস