--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আমাৰ প্ৰতিবেদনত লৈ আহিছো নিমপাতৰ উপকাৰিতাৰ বিষয়ে। আহকচোন জানো নিম পাতে আমাক কিমান উপকাৰ কৰে। নিমপাতৰ উপকাৰিতাৰ বিষয়ে হয়তো প্ৰায় সংখ্যক লোকেই জানে। নিমগছে বায়ু বিশুদ্ধ কৰি ৰখাটো সহায় কৰে। নিমপাতত আছে বহুতো ঔষধিক গুণ। কিন্তু নিমগছৰ পাত অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিলেও আপুনি হয়তো বিপদতো পৰিব পাৰে। 

মানুহৰ দেহত ছালৰ বেমাৰ হʼলে যেনে খৰ-খজুৱতি, ফোঁহা হʼলে ইয়াক নিৰাময় কৰিবৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। এইবোৰ বেমাৰত নিমপাত লগালে বেমাৰৰ পৰা কিছু পৰিমাণে হʼলেও পৰিত্ৰাণ পোৱা যায়।

১. নিমপাত খালে তেজত উৎপন্ন হোৱা বীজাণু ধ্বংস হয়। যাৰ ফলত তেজ পৰিস্কাৰ হয় আৰু কিছু কিছু বেমাৰৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

২. নিমপাত উতলাই সেই পানীৰে গা ধুলে চৰ্ম ৰোগৰ নিৰাময় পোৱা যায়। 

৩. ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিতভাৱে নিমপাত খাবলৈ আৰম্ভ কৰে তেনেহʼলে কিছু সকাহ পাব।

৪. মেলেৰিয়া হʼলেও নিমপাত খালে সু-ফল পোৱা যায়। 

৫. অত্যধিক জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিমপাতৰ চাহ খাব পাৰে। 

৬. ৰাতিপুৱা শুই উঠি নিয়মিতভাৱে খালী পেটত নিমপাত খালে পেটৰ বিষ আৰু গেছৰ অসুবিধা দূৰ হয়। 

৭. শৰীৰৰ কোনো অংশত যদি আপোনাক জুইয়ে পোৰে তেনেহʼলে নিমপাত পিহি জুইয়ে পোৰা অংশত লগাই দিয়ে তেতিয়া সোনকালে শুকাই যায়। 

৮. বিষাক্ত কীট পতংগ‌ই কামুৰিলেও সেই ঠাইত নিমপাত পিহি লগালে বিষ সোনকালে ভাল হৈ যায়।

৯. নিমপাত ব্যৱহাৰ কৰি চুলিৰ বহুতো সমস্যা দূৰ কৰিব পাৰি। চুলি সৰা, চুলিৰ উফিৰ সমস্যা আদি। নিমপাতে চুলি মজবুত কৰাতো সহায় কৰে। 

১০. নিমপাতৰ ডালেৰে দাঁত ঘঁহিলে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, হালধীয়া দাগ আদি সমস্যাবোৰ দূৰ হয়। 

নিমগছৰ গুটিটো বহুত পুষ্টিকৰ দ্ৰব্য পোৱা যায় সেয়েহে নিমগছৰ এই গুটিবোৰ বহুতো ঔষধত ব্যৱহাৰ কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য