--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলে এগৰাকী মোহময়ী বাঙালী  অভিনেত্ৰীয়ে৷ অভিনেত্ৰী পায়েল ঘোষে অনুৰাগৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। 

এই বিস্ফোৰক অভিযোগটো অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কৰিছে৷ অভিনেত্ৰী পায়েল ঘোষে  কৈছে "মই দক্ষিণৰ চলচ্চিত্ৰসমূহত দুজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী আৰু তাৰকা পৰিচালকৰ সৈতে কাম কৰিছো ৷কিন্তু কোনেও মোক অশালীনভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰা নাছিল।  বলীউডত অনুৰাগ কাশ্যপে  তৃতীয় দৰ্শনৰ সময়তে  মোক ধৰ্ষণ কৰিছিল। তাৰ পিছত মোক কওঁক মই ডেক্কানৰ প্ৰশংসা কিয় কৰা উচিত নহয়...?" 
Payal-Ghosh-Tweet

মন কৰিব লগীয়া যে দুবছৰ আগতে পায়েল ঘোষে দাবী কৰিছিল যে অনুৰাগে বন্ধ কোঠাত তেওঁৰ  কাপোৰ আঁতৰাই তাইৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। ছ'চিয়েল মিডিয়াত পায়েলৰ অভিযোগ  প্ৰকাশ পোৱাৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগে তেওঁক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ দিছিল। ২০২০ চনৰ ২২ ছেপ্টেম্বৰত পায়েলে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনকে ধৰি কেইবাটাও অভিযোগত ভাৰ্ছোভা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।


ইয়াৰ পিছত, মুম্বাই আৰক্ষীয়ে অনুৰাগ কাশ্যপক মাতি পঠিয়াইছিল। পৰিচালকজনে মুম্বাইৰ ভাৰ্ছোভা আৰক্ষী চকীত আঠ ঘণ্টা বহি অনুসন্ধানকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল। পায়েলে অনুৰাগৰ  গোচৰত ন্যায়ৰ দাবীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈও এখন পত্ৰ লিখিছিল।এইবাৰ পুনৰ একেগৰাকী অভিনেত্ৰীয়েই পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত উত্থাপন কৰিছে ধৰ্ষণৰ অভিযোগ৷ এই অভিযোগ সন্দৰ্ভত পৰিচালক কাশ্যপৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ