--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলে এগৰাকী মোহময়ী বাঙালী  অভিনেত্ৰীয়ে৷ অভিনেত্ৰী পায়েল ঘোষে অনুৰাগৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। 

এই বিস্ফোৰক অভিযোগটো অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কৰিছে৷ অভিনেত্ৰী পায়েল ঘোষে  কৈছে "মই দক্ষিণৰ চলচ্চিত্ৰসমূহত দুজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী আৰু তাৰকা পৰিচালকৰ সৈতে কাম কৰিছো ৷কিন্তু কোনেও মোক অশালীনভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰা নাছিল।  বলীউডত অনুৰাগ কাশ্যপে  তৃতীয় দৰ্শনৰ সময়তে  মোক ধৰ্ষণ কৰিছিল। তাৰ পিছত মোক কওঁক মই ডেক্কানৰ প্ৰশংসা কিয় কৰা উচিত নহয়...?" 
Payal-Ghosh-Tweet

মন কৰিব লগীয়া যে দুবছৰ আগতে পায়েল ঘোষে দাবী কৰিছিল যে অনুৰাগে বন্ধ কোঠাত তেওঁৰ  কাপোৰ আঁতৰাই তাইৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। ছ'চিয়েল মিডিয়াত পায়েলৰ অভিযোগ  প্ৰকাশ পোৱাৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগে তেওঁক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ দিছিল। ২০২০ চনৰ ২২ ছেপ্টেম্বৰত পায়েলে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনকে ধৰি কেইবাটাও অভিযোগত ভাৰ্ছোভা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।


ইয়াৰ পিছত, মুম্বাই আৰক্ষীয়ে অনুৰাগ কাশ্যপক মাতি পঠিয়াইছিল। পৰিচালকজনে মুম্বাইৰ ভাৰ্ছোভা আৰক্ষী চকীত আঠ ঘণ্টা বহি অনুসন্ধানকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল। পায়েলে অনুৰাগৰ  গোচৰত ন্যায়ৰ দাবীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈও এখন পত্ৰ লিখিছিল।এইবাৰ পুনৰ একেগৰাকী অভিনেত্ৰীয়েই পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত উত্থাপন কৰিছে ধৰ্ষণৰ অভিযোগ৷ এই অভিযোগ সন্দৰ্ভত পৰিচালক কাশ্যপৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু