--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে ধাৰণা কৰিছিল যে খালিস্তানী সমৰ্থকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ বাবে পঞ্জাৱত পৰিস্থিতি পুনৰ অগ্নিগৰ্ভ হৈ পৰিব৷ কিন্তু তেনে কোনো ঘটনা ঘটা নাই ৰাজ্য খনত৷ সেয়ে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক প্ৰশংসা কৰিছে আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰৱালে৷  পঞ্জাৱৰ বিতৰ্কিত ধৰ্মগুৰু তথা খালিস্তানৰ পৃষ্ঠপোষক অমৃত পাল সিঙক কৰায়ত্ব কৰিবলৈ চলি আছে আৰক্ষীৰ অভিযান৷ 

এনে সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে খালিস্তানী নেতা  অমৃতপাল সিঙৰ বিৰুদ্ধে চলি থকা অভিযানৰ সময়তে পঞ্জাৱত আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক প্ৰশংসা কৰে।  কেজৰিৱালে কয়, "পঞ্জাৱৰ আইন-শৃংখলা পৰিস্থিতি শান্ত হৈ আছে  আৰু পৰিপক্ক ভাৱে ইয়াক  বজাই ৰখাৰ বাবে মই পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক অভিনন্দন জনাব বিচাৰো।’’

তেওঁ লগতে কয়, "যোৱা বছৰত পঞ্জাৱ চৰকাৰে দেখুৱাইছে যে যদি উদ্দেশ্য সঠিক হয়, তেন্তে আইন-শৃংখলা অতি সুন্দৰভাবে বজাই ৰাখিব পাৰি।" ইপিনে কেন্দ্ৰই  নেপাল, পাকিস্তানৰ সৈতে থকা আন্তৰ্জাতিক সীমাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷  ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে দেশৰ পৰা পলায়ন কৰিব পাৰে বুলি আশংকা কৰিয়েই সীমান্তত  বিএছএফ আৰু সশস্ত্ৰ সীমা বল (এছএছবি)অতিৰিক্তভাবে মোতায়েন কৰা হৈছে।

নেপাল, পঞ্জাৱ আৰু বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমান্তৰ সকলো গুৰুত্বপূৰ্ণ সীমান্তত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে৷ পঞ্জাৱত আপৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে খালিস্তীৰ দাবী অধিক সক্ৰিয় হৈ পৰিছে৷  আৰক্ষীয়ে শেহতীয়াকৈ অমৃতপাল সিঙৰ  কেইবাখনো  ছবি প্ৰকাশ কৰিছে৷ সেই ফটোসমূহত  পাগুৰিৰ সৈতে আৰু  পাগুৰি অবিহনে সিঙক দেখা গৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু