--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে ধাৰণা কৰিছিল যে খালিস্তানী সমৰ্থকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ বাবে পঞ্জাৱত পৰিস্থিতি পুনৰ অগ্নিগৰ্ভ হৈ পৰিব৷ কিন্তু তেনে কোনো ঘটনা ঘটা নাই ৰাজ্য খনত৷ সেয়ে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক প্ৰশংসা কৰিছে আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰৱালে৷  পঞ্জাৱৰ বিতৰ্কিত ধৰ্মগুৰু তথা খালিস্তানৰ পৃষ্ঠপোষক অমৃত পাল সিঙক কৰায়ত্ব কৰিবলৈ চলি আছে আৰক্ষীৰ অভিযান৷ 

এনে সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে খালিস্তানী নেতা  অমৃতপাল সিঙৰ বিৰুদ্ধে চলি থকা অভিযানৰ সময়তে পঞ্জাৱত আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক প্ৰশংসা কৰে।  কেজৰিৱালে কয়, "পঞ্জাৱৰ আইন-শৃংখলা পৰিস্থিতি শান্ত হৈ আছে  আৰু পৰিপক্ক ভাৱে ইয়াক  বজাই ৰখাৰ বাবে মই পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক অভিনন্দন জনাব বিচাৰো।’’

তেওঁ লগতে কয়, "যোৱা বছৰত পঞ্জাৱ চৰকাৰে দেখুৱাইছে যে যদি উদ্দেশ্য সঠিক হয়, তেন্তে আইন-শৃংখলা অতি সুন্দৰভাবে বজাই ৰাখিব পাৰি।" ইপিনে কেন্দ্ৰই  নেপাল, পাকিস্তানৰ সৈতে থকা আন্তৰ্জাতিক সীমাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷  ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে দেশৰ পৰা পলায়ন কৰিব পাৰে বুলি আশংকা কৰিয়েই সীমান্তত  বিএছএফ আৰু সশস্ত্ৰ সীমা বল (এছএছবি)অতিৰিক্তভাবে মোতায়েন কৰা হৈছে।

নেপাল, পঞ্জাৱ আৰু বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমান্তৰ সকলো গুৰুত্বপূৰ্ণ সীমান্তত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে৷ পঞ্জাৱত আপৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে খালিস্তীৰ দাবী অধিক সক্ৰিয় হৈ পৰিছে৷  আৰক্ষীয়ে শেহতীয়াকৈ অমৃতপাল সিঙৰ  কেইবাখনো  ছবি প্ৰকাশ কৰিছে৷ সেই ফটোসমূহত  পাগুৰিৰ সৈতে আৰু  পাগুৰি অবিহনে সিঙক দেখা গৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement