--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পাছতে নিজ নিজ কামত ব্যস্ত হৈ পৰিছে কেটৰিনা কাঈফ- বিকি কৌশল। ছবিৰ শ্বুটিঙৰ ব্যস্ততাৰ বাবে ক্ষন্তেকীয়া হৈ পৰিছিল তাৰকা দম্পতীৰ হনীমুন বিশেষ। শেহতীয়াকৈ, ন-কইনাক ঘৰতে ৰাখি ইন্দোৰত ব্যস্ত সময় অতিবাহিত কৰিছে। বিবাহিত হৈয়ো কোনোবাখিনিত অকলশৰীয়া কেটৰিনা। আঁতৰে আঁতৰে থাকি যেন ভাল লগা নাই কেটৰিনাৰ।নিসংগ নিশাটো আৰু অধিক উৰুঙা উৰুঙা লাগে কেটৰিনাৰ। বিকিৰ কথা ভাবি এবাৰ হাঁহে,এবাৰ কান্দে তাৰকা অভিনেত্ৰীয়ে। বিকিৰো একেই অবস্থা। মানুহটোহে ইন্দোৰত, মনতো পাছে কেটৰিনাতে। গতিকে, বৰ বেছিকৈ ভাবি নাথাকি কেটৰিনাইয়ো উৰা মাৰিলে ইন্দোৰলৈ। ভাৰতীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বিবাহৰ পাছতে কেট-বিকি নিজৰ কামত ব্যস্ত হৈ পৰিছে। বিকিয়ে বলীউড ছেনছেচন ছাৰা আলী খানৰ সৈতে ইন্দোৰত ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ পৰিছে। উল্লেখ্য যে, ছবিৰ দৃশ্যগ্ৰহণৰ বাবে নববৰ্ষৰ প্ৰথম দিনটো কিবাকৈ নৱ বিবাহিতা পত্নীৰ সৈতে কটাই ইন্দোৰলৈ যাবলগীয়া হৈছিল। তেতিয়াও কেটৰিনাই বিকিক বিমানবন্দৰত থবলৈ আহিছিল। এইবাৰ আৰু পৃথকে নাথাকে কেটৰিনা। সেয়েহে, 'সূৰ্যবংশী' অভিনেত্ৰীগৰাকীয়ে বিকিৰ সৈতে একেলগে থকাৰ উদ্দেশ্যে ইন্দোৰলৈ উৰা মাৰিছে। ইন্দোৰৰ ফটোও ইতিমধ্যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেটৰিনাই। ফটোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, 'ইন্দোৰ, ইন্দোৰ।‘ কেটৰিনাৰ কেপচন দেখাৰ পাছত আনন্দত আত্মহাৰা হৈ পৰিছে বলীউড অভিনেত্ৰী নেহা ধুপিয়াই। ফটোৰ কমেণ্টত তেওঁ লিখিছে, 'কেপচন কুল'। দুগৰাকী অভিনেত্ৰীৰ মাজত হোৱা কথোপকথনত অনিৰ্বচনীয় আনন্দ বিচাৰি পাইছে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ