--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পাছতে নিজ নিজ কামত ব্যস্ত হৈ পৰিছে কেটৰিনা কাঈফ- বিকি কৌশল। ছবিৰ শ্বুটিঙৰ ব্যস্ততাৰ বাবে ক্ষন্তেকীয়া হৈ পৰিছিল তাৰকা দম্পতীৰ হনীমুন বিশেষ। শেহতীয়াকৈ, ন-কইনাক ঘৰতে ৰাখি ইন্দোৰত ব্যস্ত সময় অতিবাহিত কৰিছে। বিবাহিত হৈয়ো কোনোবাখিনিত অকলশৰীয়া কেটৰিনা। আঁতৰে আঁতৰে থাকি যেন ভাল লগা নাই কেটৰিনাৰ।নিসংগ নিশাটো আৰু অধিক উৰুঙা উৰুঙা লাগে কেটৰিনাৰ। বিকিৰ কথা ভাবি এবাৰ হাঁহে,এবাৰ কান্দে তাৰকা অভিনেত্ৰীয়ে। বিকিৰো একেই অবস্থা। মানুহটোহে ইন্দোৰত, মনতো পাছে কেটৰিনাতে। গতিকে, বৰ বেছিকৈ ভাবি নাথাকি কেটৰিনাইয়ো উৰা মাৰিলে ইন্দোৰলৈ। ভাৰতীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বিবাহৰ পাছতে কেট-বিকি নিজৰ কামত ব্যস্ত হৈ পৰিছে। বিকিয়ে বলীউড ছেনছেচন ছাৰা আলী খানৰ সৈতে ইন্দোৰত ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ পৰিছে। উল্লেখ্য যে, ছবিৰ দৃশ্যগ্ৰহণৰ বাবে নববৰ্ষৰ প্ৰথম দিনটো কিবাকৈ নৱ বিবাহিতা পত্নীৰ সৈতে কটাই ইন্দোৰলৈ যাবলগীয়া হৈছিল। তেতিয়াও কেটৰিনাই বিকিক বিমানবন্দৰত থবলৈ আহিছিল। এইবাৰ আৰু পৃথকে নাথাকে কেটৰিনা। সেয়েহে, 'সূৰ্যবংশী' অভিনেত্ৰীগৰাকীয়ে বিকিৰ সৈতে একেলগে থকাৰ উদ্দেশ্যে ইন্দোৰলৈ উৰা মাৰিছে। ইন্দোৰৰ ফটোও ইতিমধ্যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেটৰিনাই। ফটোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, 'ইন্দোৰ, ইন্দোৰ।‘ কেটৰিনাৰ কেপচন দেখাৰ পাছত আনন্দত আত্মহাৰা হৈ পৰিছে বলীউড অভিনেত্ৰী নেহা ধুপিয়াই। ফটোৰ কমেণ্টত তেওঁ লিখিছে, 'কেপচন কুল'। দুগৰাকী অভিনেত্ৰীৰ মাজত হোৱা কথোপকথনত অনিৰ্বচনীয় আনন্দ বিচাৰি পাইছে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু