--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবিজগতৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদ ধনুষৰ।দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে ঘোষণা কৰিলে বিবাহ বিচ্ছেদৰ খবৰ। দক্ষিণৰ ছবিজগতৰ কিংবদন্তি ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্যৰ সৈতে ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল ধনুষ। তেওঁলোকৰ সংসাৰত যাত্ৰা আৰু লিংগা নামেৰে আছে দুটি সন্তান। পত্নী ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। ঐশ্বৰ্য্য ধনুষতকৈ আছিল ডেৰ বছৰ ডাঙৰ। অভিনেতা ধনুষে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ছচিয়েল মিডিয়াৰ একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। ধনুষে লিখিছিল, "১৮ বছৰৰ সংগ, বন্ধুত্ব, দম্পতী, অভিভাৱক আৰু ইজনে সিজনৰ শুভাকাংক্ষী হৈ আমি বিকাশ, বুজাবুজি, অংশীদাৰীত্বৰ ভ্ৰমণ একেলগে কৰিছিলো। বৰ্তমান আমি যত থিয় হৈ আছোঁ তাৰপৰা আমাৰ পথবোৰ পৃথক হৈছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি ইজনে সিজনৰ পৰা পৃথক হ'ম আৰু নিজকে বিচাৰিম। অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তা ৰক্ষা কৰি এই সিদ্ধান্ত প্ৰয়োগ কৰিবলৈ দিয়ক। ঔম নমঃ শিৱায়... প্ৰেম বজাই ৰাখক..ধনুষ।'' ধনুষৰ এই ঘোষণাত হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। দুয়ো কিয় বিচ্ছেদ হোৱাৰ সিদ্ধান্ত ল'লে তাৰ সঠিক উত্তৰ কাৰো ওচৰতে নাই। উল্লেখ্য যে দক্ষিণৰ আন এক দম্পতী সামান্থা প্ৰভু আৰু নাগা চৈতন্যৰ বিবাহ বিচ্ছেদৰ খবৰে দিয়া দুখ এতিয়াও মাৰ যোৱাই নাছিল অনুৰাগীসকলৰ..এইবাৰ আকৌ আহিল ধনুষ আৰু ঐশ্বৰ্য্যৰ বিচ্ছেদৰ খবৰ। আৰু পঢ়কঃ মোক এৰি নাযাবা! সংগীৰ মৃত্যুত কবৰৰ কাষত ঘণ্টা ঘণ্টা ধৰি বহি থাকিল ময়ূৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু