--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবিজগতৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদ ধনুষৰ।দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে ঘোষণা কৰিলে বিবাহ বিচ্ছেদৰ খবৰ। দক্ষিণৰ ছবিজগতৰ কিংবদন্তি ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্যৰ সৈতে ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল ধনুষ। তেওঁলোকৰ সংসাৰত যাত্ৰা আৰু লিংগা নামেৰে আছে দুটি সন্তান। পত্নী ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। ঐশ্বৰ্য্য ধনুষতকৈ আছিল ডেৰ বছৰ ডাঙৰ। অভিনেতা ধনুষে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ছচিয়েল মিডিয়াৰ একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। ধনুষে লিখিছিল, "১৮ বছৰৰ সংগ, বন্ধুত্ব, দম্পতী, অভিভাৱক আৰু ইজনে সিজনৰ শুভাকাংক্ষী হৈ আমি বিকাশ, বুজাবুজি, অংশীদাৰীত্বৰ ভ্ৰমণ একেলগে কৰিছিলো। বৰ্তমান আমি যত থিয় হৈ আছোঁ তাৰপৰা আমাৰ পথবোৰ পৃথক হৈছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি ইজনে সিজনৰ পৰা পৃথক হ'ম আৰু নিজকে বিচাৰিম। অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তা ৰক্ষা কৰি এই সিদ্ধান্ত প্ৰয়োগ কৰিবলৈ দিয়ক। ঔম নমঃ শিৱায়... প্ৰেম বজাই ৰাখক..ধনুষ।'' ধনুষৰ এই ঘোষণাত হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। দুয়ো কিয় বিচ্ছেদ হোৱাৰ সিদ্ধান্ত ল'লে তাৰ সঠিক উত্তৰ কাৰো ওচৰতে নাই। উল্লেখ্য যে দক্ষিণৰ আন এক দম্পতী সামান্থা প্ৰভু আৰু নাগা চৈতন্যৰ বিবাহ বিচ্ছেদৰ খবৰে দিয়া দুখ এতিয়াও মাৰ যোৱাই নাছিল অনুৰাগীসকলৰ..এইবাৰ আকৌ আহিল ধনুষ আৰু ঐশ্বৰ্য্যৰ বিচ্ছেদৰ খবৰ। আৰু পঢ়কঃ মোক এৰি নাযাবা! সংগীৰ মৃত্যুত কবৰৰ কাষত ঘণ্টা ঘণ্টা ধৰি বহি থাকিল ময়ূৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ