--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ মুখামুখি হ’ব ইউছুফ পাঠান৷ তৃণমূল কংগ্ৰেছে দেওবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৪২জনীয়া প্ৰাৰ্থী-তালিকা ঘোষণা কৰে, য’ত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানকে ধৰি কেইবাজনো হাই-প্ৰফাইল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে৷ প্ৰাক্তন ক্ৰিকেটাৰজনে ৰাজ্যখনৰ বাহাৰমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ যিটো সমষ্টিত বৰ্তমান সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে৷ কংগ্ৰেছে এতিয়াও বাহাৰমপুৰৰ পৰা প্ৰাৰ্থী ঘোষণা কৰা নাই। অৱশ্যে, অধীৰ ৰঞ্জন চৌধুৰীয়েই সমষ্টিটোৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, যিটো সমষ্টিত তেওঁ পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰিছে। 

তৃণমূল কংগ্ৰেছে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক মেগা ৰেলীত দলটোৰ লোকসভাৰ প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰিছিল৷ ইউছুফ পাঠানৰ উপৰি তৃণমূলৰ তালিকাত আন কেইবাটাও বিখ্যাত নাম আছে, যাৰ ভিতৰত আছে বলীউডৰ কিংবদন্তী শত্ৰুঘ্ন সিনহা, যাক আছানচোলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ৪২টা নামত বহুতো টলীউড (বাংলা চলচ্চিত্ৰ উদ্যোগ) তাৰকা আছে, যাৰ ভিতৰত আছে হুগলীৰ জনপ্ৰিয় অভিনেত্ৰী ৰচনা বেনাৰ্জী। তেওঁক বিজেপি প্ৰাৰ্থী লকেট চেটাৰ্জীৰ বিপৰীতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। জুন মালিয়া, দীপক অধিকাৰী আৰু শতাব্দী ৰয়ৰ দৰে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী তৃণমূলৰ ৪২জনীয়া প্ৰাৰ্থী-তালিকাত আছে। জুন মাহত মেদিনীপুৰৰ পৰা দেৱক ঘাটালৰ পৰা আৰু শতাব্দীক বীৰভূমৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। ডিচেম্বৰত নগদ ধনৰ বিতৰ্কত লোকসভাৰ পৰা বহিষ্কৃত হোৱা মহুয়া মৈত্ৰক কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷

তালিকাৰ পৰা বাদ পৰা দুটা নাম হ’ল নুছৰত জাহান আৰু মিমি চক্ৰৱৰ্তী। ২০১৯ৰ নিৰ্বাচনত নুছৰত আৰু মিমিয়ে ক্ৰমান্বয়ে বাছিৰহাট আৰু যাদৱপুৰ আসনক প্ৰতিনিধিত্ব কৰিছিল।
তালিকাখনত মুঠ ১৮গৰাকী মহিলা প্ৰাৰ্থী আছে৷

মমতা বেনাৰ্জীয়ে পূৰ্বে ঘোষণা কৰিছিল যে তৃণমূল কংগ্ৰেছে বংগত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব, যাৰ ফলত ইণ্ডিয়া মিত্ৰজোঁটত বৃহৎ জোকাৰণিৰ সৃষ্টি হৈছিল আৰু ইয়াৰ কাৰণ হিচাপে কংগ্ৰেছৰ সৈতে আসন ভাগ-বটোৱাৰাৰ বিফল আলোচনাৰ কথা উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ