--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজন ৰাষ্ট্ৰীয় নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে মুখ্য ন্যায়াধীশক সমিতিত ৰখা  উচিত। উচ্চতম ন্যায়ালয়ত এই বিষয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন  দাখিল কৰা হৈছে। এই আবেদনে  কেন্দ্ৰই অনা আইনক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে।

মাৰ্চ মাহত এক গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ একচেটিয়া ক্ষমতা কেবিনেটৰ নাথাকিব। তেওঁলোকক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মুখ্য ন্যায়াধীশৰ যুটীয়া সমিতিয়ে নিযুক্তি দিব। ৰাষ্ট্ৰপতিয়ে এই সমিতিৰ পৰামৰ্শ অনুসৰি নিৰ্বাচন আয়ুক্ত নিয়োগ কৰিব। নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ অধিকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰী আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ হাতত ন্যস্ত কৰা হয়।

কিন্তু যোৱা শীতকালীন অধিৱেশনত, কেন্দ্ৰই এখন আইনৰ জড়িয়তে  উচ্চতম ন্যায়ালয়ৰ ৰায় বাতিল কৰিছিল। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (সংশোধনী) বিধেয়কৰ মতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিত ভাৰতৰ মুখ্য ন্যায়াধীশৰ কোনো ভূমিকা নাথাকিব। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়া মুখ্য নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মন্ত্ৰী পৰিষদে নিযুক্তি দিব । 

 অৰ্থাৎ তিনিজনীয়া সমিতিৰ দুজন সদস্য হ'ব চৰকাৰী প্ৰতিনিধি। তেনে ক্ষেত্ৰত বিৰোধী দলৰ নেতাই নিৰ্বাচন আয়ুক্তৰ নামক লৈ আপত্তি দৰ্শালেও  চৰকাৰে  সংখ্যাগৰিষ্ঠতাৰ বাবেই সেই আপত্তিক উলাই কৰিব পাৰিব।শীতকালীন অধিৱেশনত দুয়োখন সদনে বিধেয়কখন গৃহীত কৰিছে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে সেয়া আইনত পৰিণত হৈছে।

আইনখনৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন দাখিল কৰা হৈছে। আৱেদনকাৰীসকলৰ মতে, নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ। এনে এটা গুৰুত্বপূৰ্ণ পদৰ নিযুক্তিৰ ক্ষেত্ৰত সাংবিধানিক নিৰপেক্ষতা অতি জৰুৰী। সেইকাৰণে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ  সমিতিখনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থকাটো উচিৎ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক