--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ টানত নিজৰ দেশ এৰি চাৰি সন্তানৰ সৈতে ভাৰতত উপস্থিত হোৱা পাকিস্তানী মহিলা  সীমা হায়দৰে ভাৰতলৈ অহাৰ ছমাহ পিছত ভাল খবৰটো দিছে। সীমা পঞ্চম বাৰৰ বাবে মাক হ’বলৈ ওলাইছে। এয়া হ’ব সীমাৰ ভাৰতত জন্ম দিবলগীয়া  প্ৰথম সন্তান। 

সীমা হায়দৰে  যোৱা বছৰৰ জুন মাহত পাকিস্তানৰ পৰা সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ আহিছিল।  ভাৰতীয় যুৱক শচীন মীনাৰ প্ৰেমত পৰিছিল সীমা। শচীনৰ সৈতে সংসাৰ কৰিবলৈয়েই সীমাই  সীমান্ত পাৰ হৈছিল। উল্লেখ্য সীমাৰ প্ৰথম স্বামীৰ ফালৰ পৰা  চাৰিটা সন্তান আছে।

পাবজি খেলি খেলিয়েই  ভাৰতীয় যুৱক শচীনৰ প্ৰেমত পৰিছিল সীমা। বৰ্তমান সীমাৰ ডাঙৰজনী  ছোৱালীৰ বয়স ৮ বছৰ। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে সীমাক ৪ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ  পিছত জামিন পাইছিল আৰু শচীনৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে ষচীনৰ সৈতে নতুন পৰিয়াল আৰম্ভ কৰিছিল। 

অৱশ্যে সীমাৰ বিৰুদ্ধে তদন্ত এতিয়াও চলি আছে। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে সীমাৰ পাছপোৰ্ট, পাকিস্তানী আইডি কাৰ্ড আৰু তেওঁৰ সন্তানৰ পাছপোৰ্টকে ধৰি কেইবাটাও নথি পত্ৰ জব্দ কৰিছিল। এ টি এছে সীমাৰ সকলো তথ্য  পৰীক্ষা কৰিবলৈ পাকিস্তানী দূতাবাসলৈ প্ৰেৰণ কৰিছে।

এতিয়া সীমাই  কৈছে যে ২০২৪ বৰ্ষটোৱে তেওঁলোকৰ পাৰিবাৰিক জীৱনত যথেষ্ট আনন্দ কঢ়িয়াই আনিব। কাৰণ তেওঁ মাক হ'বলৈ গৈ আছে। শচীনৰ সৈতে বিবাহৰ পিছত এয়া তেওঁৰ  প্ৰথম সন্তান হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু