--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত ১৯ এপ্ৰিলৰ পৰা হব  লোকসভা নিৰ্বাচন-২০২৪ৰ ভোটগ্ৰহণ। এইবেলি নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশতে  অতিপাত গৰম হব বুলি বিশেষজ্ঞসকলে কৈ আহিছে। সেই কথাৰ ইংগিতো এতিয়া পোৱা গৈছে। নিৰ্বাচনৰ দিনত মাৰাত্মক হিট ষ্ট্ৰোকৰ পৰা কিদৰে বাচিব ? হিট ষ্ট্ৰোকৰ লক্ষণ কি কি? এনে বহু কথাই বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।   ভাৰতত গৰমৰ তীব্ৰতা বৃদ্ধি পাব বাবেই হিট ষ্ট্ৰোক, তাপ ক্ৰেম্প, তাপ অৱসাদ, আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় জটিলতাৰ উদ্ভৱ হ'ব পাৰে বুলি আশংকা কৰা হৈছে।

বিশেষজ্ঞৰ মতে হিট ষ্ট্ৰোক হৈছে এক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা । ইয়াৰ তৎক্ষণাৎ চিকিৎসা অবিহনে গুৰুতৰ পৰিণাম বা মৃত্যুও হ'ব পাৰে। যোৱা কেইদিনমানত, ডায়েৰিয়া, গেষ্ট্ৰোএণ্টেৰাইটিছ, টাইফইড, হিট ষ্ট্ৰোক, আৰু ভাইৰেল জ্বৰৰ ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে।

গ্ৰীষ্মকালত সুৰক্ষিত থাকিবলৈ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো অত্যাৱশ্যকীয়। সঠিকভাৱে পনীয়া বস্তু সেৱন কৰাৰ পৰা পাতল আৰু ঢিলা পোছাক পৰিধান কৰা, সূৰ্যৰ তাপৰ পৰা নিজকে ৰক্ষা কৰা আদি ব্যৱস্থাসমূহ এই সময়ত গ্ৰহণ কৰাটো অতি জৰুৰী।

বিএলকে-মেক্স চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ জ্যেষ্ঠ সঞ্চালক ডাঃ ৰজিন্দৰ কুমাৰ সিংগলে অত্যাধিক গৰমত সুৰক্ষিত থকাৰ পৰামৰ্শৰ কেতবোৰ আগবঢ়াইছে।

গৰমৰ অৱসাদ
ডাঃ সিংগলে ব্যাখ্যা কৰে যে তাপ অৱসাদ হৈছে এক মৃদু তাপ-সম্পৰ্কীয় ৰোগ, যি উষ্ণতা বৃদ্ধিৰ ফলত হয় । যেতিয়া কোনো লোকে পৰ্যাপ্ত পানী বা অন্যান্য তৰল নাখায় তেতিয়া এনে অৱসাদ হ’ব পাৰে। । গৰমৰ অৱসাদৰ সৰ্বাধিক বিপদাশংকা থকা লোকসকল হৈছে বৃদ্ধ, উচ্চ ৰক্তচাপ থকা লোক, আৰু গৰমত কাম কৰা বা ব্যায়াম কৰা লোক।

হিট ষ্ট্ৰোক
ডাঃ সিংগলে কয় তাপ অৱসাদৰ ফলত হিট ষ্ট্ৰোক হ'ব পাৰে, ই এক গুৰুতৰ তাপ-সম্পৰ্কীয় ৰোগ। হিট ষ্ট্ৰোক হৈছে যেতিয়া শৰীৰৰ তাপমাত্ৰা দ্ৰুততাৰে বৃদ্ধি হয় আৰু শৰীৰে নিজকে শীতল কৰিব নোৱাৰে।

এনে অৱস্থাত লগে লগে চিকিৎসা কৰোৱাব লাগে । হিট ষ্ট্ৰোক হৈছে এক চিকিৎসা সম্পৰ্কীয় জৰুৰীকালীন অৱস্থা। যদি জৰুৰী কালীন চিকিৎসা প্ৰদান কৰা নহয় তেন্তে হিট ষ্ট্ৰোকৰ ফলত মৃত্যু বা স্থায়ী বিকলাঙ্গতা হ'ব পাৰে।

গ্ৰীষ্মকালত গৰমৰ পৰা সুৰক্ষিত থাকিবলৈ কেইটামান পৰামৰ্শ
ডাঃ সিংগলে এই গ্ৰীষ্মকালত সুৰক্ষিত থকাৰ কেইটামান পৰামৰ্শ দিছে-

শৰীৰত পানীৰ সমতা বজাই ৰাখক
তাপ প্ৰবাহৰ লগতে প্ৰচণ্ড গৰমৰ সৈতে যুঁজিবলৈ, নিজকে ভালদৰে হাইড্ৰেটেড কৰি ৰখা আৰু শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰা উচিত। খাদ্য তালিকাত পনীয়া খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যাৱশ্যকীয়। ঘামৰ দ্বাৰা হেৰুওৱা তৰল পূৰণ কৰিবলৈ পৰ্যাপ্ত পানী গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ ।

সতেজ ফল-মূল, খাদ্য খাওক
সতেজ ফল আৰু পাচলি বাছনি কৰাটো হাইড্ৰেটেড হৈ থকাৰ এক উৎকৃষ্ট উপায়। কিয়নো সেইবোৰ কেৱল পানীৰ পৰিমাণেৰে সমৃদ্ধ নহয় , লগতে অত্যাৱশ্যকীয় পুষ্টিৰেও ভৰা। ভাৰতীয় ৰন্ধনপ্ৰণালীয়ে বিভিন্ন ধৰণৰ খাদ্যবিকল্প প্ৰদান কৰে যিবোৰ গৰমৰ দিনবোৰৰ বাবে আদৰ্শ খাদ্য হ’ব পাৰে।

ঢিলা পোছাক পিন্ধিব
গ্ৰীষ্মৰ মাহবোৰত জীৱনশৈলীৰ সালসলনি কৰাটো গুৰুত্বপূৰ্ণ। অত্যাধিক ঘাম প্ৰতিহত কৰিবলৈ ঢিলা আৰু পাতল ৰঙৰ পোছাক বাছনি কৰিব। পাতল ৰঙৰ কাপোৰযেনে হাত বিহীন বা ঢিলা হাতৰ পোছাক।আদিয়ে বায়ু সঞ্চালনত সহায় কৰে।

গৰম জাতীয় পানীয় গ্ৰহণ সীমিত কৰক
চাহ, কফি আৰু সুৰা সেৱন সীমিত কৰক। পাতল আহাৰ বাছনি কৰক আৰু সংসাধিত আৰু নিমখীয়া খাদ্যৰ পৰা আঁতৰি থাকক।

গ্ৰীষ্মকালীন আহাৰ
আপোনাৰ আহাৰত তৰমুজ, শাক, বাটাৰমিল্ক, আম, নেমু, দৈ, নাৰিকল আৰু পুদিনা আদিৰ দৰে সতেজ খাদ্য অন্তৰ্ভুক্ত কৰক। আনহাতে, পৰাপক্ষত কফি, আচাৰ, চডা, অত্যাধিক ফলৰ ৰস, সুৰা, উচ্চ নিমখ গ্ৰহণ, মিল্কশ্বেক, ভজা খাদ্য আৰু জাংক ফুড পৰিহাৰ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু