--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটৰ বিজেপি বিৰোধী গোটৰ এগৰাকী শক্তিশালী নেতা তথা বৰ্তমানৰ বিধায়ক জিগনেশ মেৱানী সন্মুখীন হৈছে এক আইনী বিপদৰ। ২০১৬ চনৰ এটা গোচৰৰ সন্দৰ্ভত আজি ছয় মাহৰ কাৰাদণ্ডৰে দণ্ডিত হৈছে দলিত নেতাগৰাকী। আহমেদাবাদৰ এখন আদালতে আজি জিগনেশ মেৱানী আৰু তেওঁৰ সহযোগী আন ১৮ গৰাকী ব্যক্তিক ২০১৬ চনত গ্ৰহণ কৰা এক প্ৰতিবাদী কাৰ্যসূচীৰ গোচৰত এই শাস্তি প্ৰদান কৰিছে।  ২০১৬ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত আইন ভৱনৰ নাম সলনি কৰি বি আৰ আম্বেদকাৰৰ নামেৰে ভৱনৰ নতুন নামাকৰণ কৰাৰ দাবী কৰি মেৱানীৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰা হৈছিল। 

ইয়াৰ পিছতে এই প্ৰতিবাদী কাৰ্যসূচীক বে-আইনী আৰু সংঘৰ্ষ সৃষ্টিত উদগনি যোগোৱা বুলি অভিযোগ কৰি এক গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰ সন্দৰ্ভত মুঠ ২০ গৰাকী দলিত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে এগৰাকী অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে। আজি আদালতে মেৱানীসহ আন ১৮ গৰাকীক ছয় মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। মেৱানীৰ সৈতে দোষী সাব্যস্ত হোৱা আন ১৮ গৰাকী ব্যক্তি দলিত অধিকাৰ সংস্থা ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চৰ সদস্য।

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে বিগত সময়চোৱাত মেৱানী ইতিপূৰ্বে দুবাৰকৈ আইনী বিপদৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ মে মাহত গুজৰাটৰ এখন আদালতে মেৱানীক অনুমতি অবিহনে প্ৰতিবাদী সমদল উলিওৱাৰ বাবে ২০১৭ চনৰ এটা গোচৰত তিনি মাহৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

ইয়াৰ পিছতে যোৱা এপ্ৰিল মাহত মেৱানীক অসম আৰক্ষীয়ে ইটোৰ পিছত সিটোকৈ গোচৰত সাঙুৰি গ্ৰেপ্তাৰ কৰিছিল। বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰা এক টুইটৰ বাবে অসম আৰক্ষীয়ে গুজৰাটৰ পৰা দলিত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীৰ এগৰাকী মহিলা কৰ্মীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত আন এটা গোচৰ ৰুজু কৰা হৈছিল। 

কিন্তু আদালতে দ্বিতীয়টো গোচৰৰ শুনানিত গোচৰটোক মিছা আখ্যা দি অসম চৰকাৰক কঠোৰ নিন্দা কৰিছিল। দুয়োটা গোচৰতে জামিন লাভ কৰাৰ পিছত মোদী চৰকাৰৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছিল মেৱানী।  ইফালে শেহতীয়াকৈ দলিত নেতাগৰাকী আহমেদাবাদত শাৰীৰিক আক্ৰমণৰো বলি হৈছিল।

চলিত সপ্তাহৰ আৰম্ভণিতে আহমেদাবাদত এখন ৰাজহুৱা সভাৰ সময়ত জিগনেশ মেৱানীক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণৰ পাছতে গুজৰাটৰ কংগ্ৰেছে এটা টুইটৰ জৰিয়তে ৰাজ্যৰ প্ৰাক্তন গৃহ মন্ত্ৰী প্ৰদীপসিংহ জাদেজাৰ গুণ্ডাবাহিনীয়ে এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছিল।

উল্লেখ্য যে চলিত বছৰৰ শেষৰফালে গুজৰাটত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত যথেষ্ট জনপ্ৰিয়তা থকা জিগনেশ মেৱানীৰ এই শাস্তি এতিয়া বিজেপিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। তদুপৰি আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱাৰ পিছত মেৱানীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুমতি দিয়া হ'ব নে নাই তাক লৈও এতিয়া চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ